সমললৈ যাওক

চুতাম্লা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জয়ধ্বজ সিংহৰ পৰা পুনঃনিৰ্দেশিত)
চুতাম্লা
চাওফা

১৬৪৮ - ১৬৬৩ খ্ৰীষ্টাব্দ
চুত্যিণ্‌ফা
উত্তৰাধিকাৰী চুপংমুং
সম্পূৰ্ণ নাম
চাওফা চ্যু-তাম-লা
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম

চুত্যিণ্‌ফাৰ মৃত্যুৰ পাছত ১৬৪৮ চনত তেখেতৰ পুত্ৰ চাওফা চ্যু-তাম-লাক বা চুতাম্লা ৰজা পতা হয়। হিন্দু প্ৰথমতে তেখেতে জয়ধ্বজ সিংহ নাম লয়। ১৬৬২ চনৰ মোগলৰ একাদশতম আক্ৰমণত মোগলে আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰে। জয়ধ্বজ সিংহ ৰণৰ পৰা পলাই যাব লগা হৈছিল বাবে তেখেতক ভগনীয়া ৰজা বোলা হয়। ১৬৬৩ চনত আহোম আৰু মোগলৰ মাজত তিপামৰ ঘিলাধাৰী ঠাইত সন্ধি হয়। এই সন্ধিৰ চৰ্ত অনুসৰি জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰুৱে অসমৰ সকলো ত্যাগ কৰি সুদূৰ দিল্লীলৈ যাব লগা হৈছিল।

আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

নগা আৰু মিৰিৰ বিৰুদ্ধে অভিযান

[সম্পাদনা কৰক]

১৬৫০ চনত লক্‌মা নগাৰ উৎপাত ৰোধ কৰিবলৈ এটা সৈন্যদল পঠিওৱা হয়। নগাৰ গাঁও আদি ধ্বংস কৰা হ'লেও নগাসকলে পুনৰ লুটপাত আৰম্ভ কৰে। গতিকে চাৰিবছৰৰ পাছত আকৌ এটা দল পঠিওৱা হয়। নগাই যাঠী-জোঙেৰে আক্ৰমণ কৰাত আহোম সেনাৰ লগত যোৱা ডফলা সেনাসকলে প্ৰতিৰোধ কৰে। পাছত নগাসকলে শান্তিৰ প্ৰস্তাৱ দিয়ে। কিন্তু আলোচনা কৰিবলৈ যোৱা দলটোক তেওঁলোকে হত্যা কৰে। আহোম সেনাই ডাঙৰ দল লৈ তেওঁলোকক আক্ৰমণ কৰি গাঁও, ভঁৰাল ধ্বংস কৰাত নগাসকলে শান্তিৰ প্ৰস্তাৱ লৈ বছৰি কৰ দিবলৈ মান্তি হয়।

১৬৫৫ চনত মিৰিসকলে আক্ৰমণ চলাই দুজন আহোম লোকক হত্যা কৰে। প্ৰত্যুত্তৰত আহোম সেনাই প্ৰায় তিনিশজন মিৰি লোকক প্ৰাণ নাশ কৰে আৰু বাৰখন গাঁও জ্বলাই দিয়ে। মিৰিসকলে তেতিয়া তল পৰি ৰজাক বছৰি কৰ দিবলৈ ৰাজী হয়।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Gait, E. A (1906). A History of Assam. প্ৰকাশক Calcutta: Thacker, Spink & Co.. পৃষ্ঠা. 147.