ৰমণী গাভৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰমণী গাভৰু (ৰহমত বানু বেগম)
দাম্পত্য সঙ্গী মহম্মদ আজম শ্বাহ
বাসগৃহ আহোম (জন্মসূত্ৰে)
টিমুৰিড (বিবাহসূত্ৰে)
মাতৃ পাখৰি গাভৰু
পিতৃ জয়ধ্বজ সিংহ
ধৰ্ম ইছলাম (বিবাহৰ আগতে হিন্দু)

নাং ৰমণী গাভৰু বা ৰহমত বানু বেগম (ফাৰ্চী: رحمت بانو بیگم‎; জন্ম- আনুমানিক ১৬৫৬) আহোম চাওফা চুতাম্লা আৰু পত্নী নাং পাখৰি গাভৰুৰ একমাত্ৰ জী, আহোম ৰাজ্যৰ ৰাজকুঁৱৰী তথা মোগল সম্ৰাট মহম্মদ আজম শ্বাহৰ প্ৰথমগৰাকী পত্নী আছিল। সম্পৰ্কত তেওঁ লাচিত বৰফুকন আৰু লালুকসোলা বৰফুকনৰ ভাগিনী। লালুকসোলা বৰফুকনে আজম শ্বাহক গুৱাহাটী গতাই দিবলৈ কৰা ষড়যন্ত্ৰৰ তেওঁ বিৰোধিতা কৰিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

জন্মসূত্ৰে ৰমণী গাভৰু আছিল এগৰাকী আহোম কুঁৱৰী। দেউতাক চাওফা চুতাম্লা আৰু মাক তামুলী কুঁৱৰী পাখৰি গাভৰু।[1] তেওঁক নাংচেং গাভৰু আৰু মাইনা গাভৰু নামেৰেও জনা গৈছিল।[2]

সম্পৰ্কত তেওঁ প্ৰদিদ্ধ আহোম প্ৰশাসক মোমাই তামুলী বৰবৰুৱাৰ ভাগিনী-নাতি আৰু লাচিত বৰফুকন আৰু লালুকসোলা বৰফুকনৰ ভাগিনী।[3] এই দুজনে মোমায়েকে শৰাইঘাটৰ যুদ্ধত অংশ লৈ ৰামসিংহৰ অধীন মোগল সেনাক পৰাস্ত কৰি কামৰূপ উদ্ধাৰ কৰিছিল।

বিবাহ[সম্পাদনা কৰক]

যেতিয়া মিৰ জুমলাই অসম আক্ৰমণ কৰি জয়ধ্বজ সিংহক পৰাস্ত কৰে তেতিয়া ১৬৬৩ চনত টিপামৰ ঘিলাখাৰী ঘাটত আহোম আৰু মোগলৰ সন্ধি হয়। সন্ধি মতে জয়ধ্বজ সিংহই ছবছৰীয়া জীয়েক ৰমণী গাভৰু আৰু টিপাম ৰজাৰ জীয়েকক মোগল হাৰেমলৈ পঠিয়াবলৈ গাত লয়।[4] মিৰ জুমলা মোগল বংগৰ ৰজধানী ঢাকালৈ ঘূৰি যাওঁতে বাটতে ৰোগত পৰি মৃত্যু হয়। তেতিয়া ঢাকাৰ চুবেদাৰ শ্বায়েস্তা খানে তেওঁক কিছুদিন চোৱা-চিতা কৰে বুলি অনুমান কৰা হয়।[5] এই মতে ১৬৬৩ চনৰ ১৫ জানুৱাৰীত ৰমণী গাভৰু ঔৰংজেৱৰ সভাত উপস্থিত হয়।[6] তেওঁক ইছলামলৈ ধৰ্মান্তৰিত কৰাৰ পাছত ৰহমত বানু বেগম নাম দিয়া হয়।[7] পাঁচ বছৰৰ ১৬৬৮ চনৰ ১৩ মে'ত তেওঁক দিল্লীত আনুষ্ঠানিকভাৱে ঔৰংজেৱৰ পুত্ৰ মহম্মদ আজম শ্বাহলৈ (আজমতাৰা) ১,৮০,০০০ টকাৰ যৌতুকৰ সৈতে বিয়া দিয়া হয়।[8][9][10]

১৬৭১ চনত নতুন আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেনাই সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধগুৱাহাটী উদ্ধাৰ কৰে।[11]

কেইবছৰমানৰ পাছত লাচিতৰ ভাতৃ লালুকসোলা বৰফুকনে গুৱাহাটীক মোগলৰ হাতত গতাই দি ইয়াৰ বিনিময়ত ৰজা হোৱাৰ ষড়যন্ত্ৰ কৰে। সেই সময়ত ৰমণী গাভৰুৰ স্বামী আজমতাৰা বংগৰ চুবেদাৰ হৈ আছিল। এই কথা ৰমণী গাভৰুৱে গম পোৱাৰ পাছত তেওঁ মোমায়েক লালুকসোলালৈ চিঠি লিখি এনে প্ৰতাৰণা নকৰিবলৈ সোঁৱৰাই দিয়ে। অৱশ্যে লালুকসোলাই ৰমণী গাভৰুৰ এই সাৱধানবাণী প্ৰত্যাখ্যান কৰে।[12]

ঐতিহ্য[সম্পাদনা কৰক]

বুৰঞ্জীসমূহত মোগলৰ হাতত গতাই দিয়াৰ বাহিৰে ৰমণী গাভৰুৰ বিষয়ে বৰ তথ্য নাই। বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাই নাওমান তথ্য আৰু কল্পনাৰ সহায় লৈ ১৯৫১ চনত "ৰমণী গাভৰু" নামৰ এখন জীৱনী প্ৰকাশ কৰে।[13]

ঢাকাৰ লালবাগ দুৰ্গৰ ভিতৰত "পৰী বিবিৰ সমধি" নামৰ এক স্মাৰক আছে। একাংশ ইতিহাসবিদে এয়া বংগৰ চুবেদাৰ শ্বায়েস্তা খানৰ ডাঙৰ জীয়েক বিবি পৰীৰ সমাধি বুলি কয়। আন একাংশৰ মতে এয়া ৰমণী গাভৰুৰ সমাধিহে, আৰু সেইবাবেই সমাধিৰ স্থাপত্যত প্ৰাক্‌-মুছলিম শৈলী দেখিবলৈ পোৱা যায়।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Neog, Maheswar (1983). Lachit Barphukan: The Victor of the Battle of Saraighat. Publications Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 28. 
  2. Pathak, Dayananda (2002). Pickings from the Cottonian. Cotton College Centenary Celebration Committee, Cotton College. পৃষ্ঠা. 102. 
  3. Bhattacharyya, Malaysankar; Anandagopal, Ghosh (1989). Studies in history and archaeology: a miscellany. Indian Institute of Oriental Studies and Research. পৃষ্ঠা. 58. 
  4. Sarma, Anjali (1990). Among the Luminaries in Assam: A Study of Assamese Biography. Mittal Publications. পৃষ্ঠা. 188. ISBN 978-8-170-99207-3. 
  5. 5.0 5.1 Barooah Pisharoty, Sangeeta (28 April 2018). "In Search of a Lost Ahom Princess". The Wire. https://thewire.in/history/dhaka-pori-bibi-tomb-ahom-princess। আহৰণ কৰা হৈছে: 14 February 2019. 
  6. Sarkar, Jadunath (1947). Maasir-i-Alamgiri: A History of Emperor Aurangzib-Alamgir (reign 1658-1707 AD) of Saqi Mustad Khan. Royal Asiatic Society of Bengal, Calcutta. 
  7. Islamic Culture - Volumes 21-22. Islamic Culture Board. 1971. পৃষ্ঠা. 112. 
  8. Bhuyan, Suryya Kumar (1957). Atan Buragohain and His Times: A History of Assam, from the Invasion of Nawab Mir Jumla in 1662-63, to the Termination of Assam-Mogul Conflicts in 1682. Lawyer's Book stall. পৃষ্ঠা. 31. 
  9. Pathak, Dayananda (2002). Pickings from the Cottonian. Cotton College Centenary Celebration Committee, Cotton College. পৃষ্ঠা. 102. 
  10. Shashi, S. S. (1996). Encyclopaedia Indica: India, Pakistan, Bangladesh. Anmol Publications. পৃষ্ঠা. 2078. ISBN 978-8-170-41859-7. 
  11. Pathak 2008, পৃষ্ঠা. 12.
  12. Pathak 2008, পৃষ্ঠা. 13.
  13. Sarma, Anjali (1990). "Among the Luminaries in Assam: A Study of Assamese Biography". Mittal Publications. পৃষ্ঠাসমূহ: 188. https://books.google.co.in/books?id=qOqEsStmcQQC&pg=PA188&lpg=PA188&dq=ramani+gabharu&source=bl&ots=Y_uwl0lXOj&sig=ACfU3U1yfzn3HPJhOI1ZV8xg3F03eBQNEw&hl=en&sa=X&ved=2ahUKEwjPod3uiLvgAhWPF3IKHbEFD3w4ChDoATABegQIBRAB#v=onepage&q=ramani%20gabharu&f=false। আহৰণ কৰা হৈছে: 14 February 2019. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • Pathak, Guptajit (2008). Assamese Women in Indian Independence Movement: With a Special Emphasis on Kanaklata Barua. Mittal Publications. ISBN 978-8-183-24233-2.