খ্যেক ফুৰালুং
খ্যেক ফুৰালুং | |
---|---|
পালন কৰে | টাই-আহোম জনগোষ্ঠী |
প্ৰকাৰ | Asian |
মহত্ব | পৰম ঈশ্বৰ ফা তু চিংৰ পুত্ৰ ড্ৰেগন (ফুৰালুং বা ঙি ঙাও খাম)ৰ আৰাধনা |
তাৰিখ | ৩০ ডিচেম্বৰ সন্ধ্যা |
আচাৰ | ১০১ গছ চাকি প্ৰজ্বলন, বন্দনা |
সম্পৰ্কিত | মে ডাম মে ফি, ফুৰালুং ধৰ্ম |
অৱধি | এটা সন্ধ্যা |
ফুৰালুং বা খ্যেক ফুৰালুং বা খ্যেক ফ্ৰালুং (টাই-আহোম: 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫,অৰ্থ:মহান ড্ৰেগনৰ আৰাধনা) হৈছে টাই-আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ফুৰালুং ধৰ্মৰ এক অনুষ্ঠান যত সৃষ্টিকৰ্তা ড্ৰেগন ফুৰালুংৰ আৰাধনা কৰা হয়।[1]সাধাৰণতে মে-দাম-মে-ফিৰ আগদিনা সন্ধ্যা এই অনুষ্ঠান আয়োজন কৰা হয়।[2] এই অনুষ্ঠানত ১০১ গছ চাকি জ্বলাই বন্দনা কৰা হয়।[3] আহোম সৃষ্টিৰ পৌৰাণিক আখ্যান অনুসৰি পৰম ঈশ্বৰ ফা তু চিংৰ নিৰ্দেশত তেওঁৰ পুত্ৰ ড্ৰেগন বা ফুৰালুং বা ঙি ঙাও খামে পৃথিৱীৰ সৃষ্টি কৰিছিল।[4] প্ৰাণী উৎসৰ্গা নকৰা বাবে কিছু লোকে ইয়াক বুদ্ধ অনুষ্ঠানৰ সৈতে তুলনা কৰে যদিও মূল গ্ৰন্থ পেয় কাকাত বুদ্ধৰ কোনো উল্লেখ নথকাৰ আৰু পৃথক সৃষ্টিৰ আখ্যানৰ বাবে বহু ম'-লুঙে ইয়াক ভুল তুলনা বুলি বিবেচনা কৰে।[5]
নাম
[সম্পাদনা কৰক]ফুৰালুং শব্দৰ অৰ্থ হৈছে বিশ্বৰ ঐক্যবদ্ধ শক্তিৰ মহান ড্ৰেগন।[6] ফুৰা মানে বিশ্বৰ ঐক্যবদ্ধ শক্তি আৰু লুং মানে ড্ৰেগন।
বিৱৰণ
[সম্পাদনা কৰক]সৃষ্টিকৰ্তাজনক ব্যক্তিহিন বুলি বিশ্বাস কৰা হয় আৰু তেঁওক সন্তুষ্ট কৰিবলৈ কোনো পাৰ্থিৱ প্ৰসাদৰ ব্যৱহাৰ কৰা নহয়। বৰঞ্চ পোহৰৰ ব্যৱহাৰ কৰা হয়।[7] তেঁওক ঈশ্বৰীয় পোহৰ বুলি বিশ্বাস কৰা হয় সেয়েহে তেঁওক আৰাধনা কৰোতে ১০১ গছ চাকি জ্বলোৱা হয়।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Me-Dam-Me-Phi Observed With Religious Fervour Across State". The Hills Times. February 1, 2024. https://thehillstimes.in/assam/me-dam-me-phi-observed-with-religious-fervour-across-state। আহৰণ কৰা হৈছে: February 11, 2025.
- ↑ "Me-Dam-Me-Phi Observed With Religious Fervour Across State". The Hills Times. February 1, 2024. https://thehillstimes.in/assam/me-dam-me-phi-observed-with-religious-fervour-across-state। আহৰণ কৰা হৈছে: February 11, 2025.
- ↑ (Gogoi 2011:129)
- ↑ বৰুৱা (১৯৩০) পৃষ্ঠা ২ (টাই আহোম ভাষা, ইংৰাজী ভাষা ভাষাত), আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
- ↑ বৰগোহাঞি যতীন্দ্ৰ কুমাৰ. অসমৰ উৎসৱ আৰু.
- ↑ Gogoi, Dr. Lakhimi (February 6, 2019), DEITIES OF AHOM, https://www.researchgate.net/publication/330912609_DEITIES_OF_AHOM, আহৰণ কৰা হৈছে: February 12, 2025
- ↑ (Gogoi 2011:121)
- ↑ (Gogoi 2011:121)
উৎস প্ৰসংগ
[সম্পাদনা কৰক]- Gogoi, Shrutashwinee (2011). Tai ahom religion a philosophical study (PhD). http://shodhganga.inflibnet.ac.in/handle/10603/116167.