বামুণী পাহাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বামুণী পাহাৰ
স্থান
দেশ: ভাৰত
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল: অসম
জিলা: শোণিতপুৰ
স্থাপত্য আৰু সংস্কৃতি
স্থাপত্য শৈলী: অসমীয়া

বামুণী পাহাৰ বাণ নগৰী তেজপুৰৰ অন্যতম ঐতিহ্য হ’ল বামুণী পাহাৰ৷ তেজপুৰৰ দক্ষিণ-পূব কোণত থকা বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত পাহাৰ হ’ল বামুণী পাহাৰ৷ দেখিলে চকুৰোৱা ভাস্কৰ্যৰে চহকী এই বামুণী পাহাৰ৷ এই পাহাৰত ফুল কটা অসংখ্য সুন্দৰ আকৃতিৰ শিলাখণ্ড দেখিবলৈ পোৱা যায়৷ সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ দুয়োকাষে আছে বিভিন্ন প্ৰকাৰৰ গছ-লতিকা৷ বামুণী পাহাৰৰ বক্ষ সুশোভিত কৰি ৰাখিছে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদিয়ে৷ ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নান্দীমুখ আদিও দেখিবলৈ পোৱা যায়৷ প্ৰবাদ আছে যে বামুণী পাহাৰত থকা শিলত কটা লতাফুল, দীঘলীয়া শিল আৰু খুঁটাসমূহে বাণৰ জীয়াৰী ঊষাৰ তাঁতশালৰ দোৰ্পতি, টোলোঠা আদিক বুজায়৷ বামুণী পাহাৰ, তাৰ ওচৰতে থকা লুথেৰান চাৰ্চত থকা টিলাটো আৰু ভৈৰৱী মন্দিৰক সামৰি মুঠতে সাতটা মন্দিৰ আছিল বুলি জনা যায়৷

ইতিহাস আৰু প্ৰবাদ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]