সমললৈ যাওক

মদন কামদেৱ দেৱালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মদন কামদেৱ দেৱালয়

মদন কামদেৱ দেৱালয়ত অৱস্থিত নৱম-দশম শতিকাৰ সিংহৰ মূৰ্তি
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা কামৰূপ
এলেকা বাইহাটা চাৰিআলি
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ-পাৰ্ৱতীৰ যুগ্ম ৰূপ
স্থাপত্য শৈলী পাল, অসমীয়া
ইতিহাস
প্ৰতিস্থাপক পাল বংশীয় শাসক

মদন কামদেৱ দেৱালয়[1][2] হৈছে অসমকামৰূপ জিলাবাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। বিভিন আসনবিশিষ্ট শৃংগাৰ ৰসপ্ৰধান মূৰ্তিৰাজিৰ বাবে মদন কামদেৱক অসমৰ খাজুৰাহো[3] আখ্যা দিয়া হৈছে।

স্থাপত্য আৰু ভাস্কৰ্য

[সম্পাদনা কৰক]
দেৱালয়খনৰ ভাস্কৰ্য

বহু শতিকা হাবি-জঙ্ঘলৰ মাজত লুকাই থকাৰ পাছত কুৰি শতিকাত মদন কামদেৱ দেৱালয় পুনৰ আৱিষ্কৃত হয়। মূল শৈল নিৰ্মিত মন্দিৰটোৰ ভগ্নাৱশেষত চালি এখন দি পূজাৰীয়ে তাতে পূজা-উপাসনা আৰম্ভ কৰে। অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে দেৱালয়খন নিজৰ অধীনলৈ আনি সংৰক্ষিত বুলি ঘোষণা কৰে। ১৯৭৭ চনত অসম চৰকাৰে প্ৰত্নতাত্বিক বিভাগৰ সহযোগত প্ৰথমবাৰ আৰু ১৯৮২ চনত দ্বিতীয়বাৰ খনন চলাই অসংখ্য শিলৰ মূৰ্তি আৰু বিশটাতকৈয়ো অধিক গাঁথনি আৱিষ্কাৰ কৰে।[4] মন্দিৰৰ বেৰত অসংখ্য মৈথুনৰত নৰ-নাৰীৰ মূৰ্তি খোদিত কৰা আছে। চৌপাশে সিঁচৰতি হৈ আছে বহুতো ভগ্নপ্ৰায় শৈল ভাস্কৰ্য। পোৰামাটিৰ ভাস্কৰ্যও দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত যুদ্ধৰত সিংহৰ, সঙ্গমৰত পশু, স্বল্পবসনা নাৰী, বৃষভ, যোনীমণ্ডল, শিৱলিঙ্গ, ছয়মূৰীয়া ভৈৰৱ, চাৰিমূৰীয়া শিৱ আদিৰ মূৰ্তিয়ে প্ৰধান। নিৰ্মাণ কাৰ্যত মাত্ৰ শিল ব্যৱহাৰ হৈছিল। অৱশ্যে মদন কামদেৱ নিৰ্মাণ কৰা সময়ত অসমত পোৰা ইটাৰ ব্যৱহাৰ হোৱা নাছিল। প্ৰায় আটাইবোৰ গাঁথনি মদন কামদেৱ টিলাৰ ওপৰত অৱস্থিত। নৰসিংহ নামৰ টিলাটোতো কেইটামান গাঁথনি দেখা যায়।[1]

নামকৰণৰ বৈশিষ্ট্য

[সম্পাদনা কৰক]

দেৱালয়খনৰ নাম মদন কামদেৱ যদিও ইয়াত মদন কামদেৱৰ উপাসনা কৰা নহয়। দৰাচলতে ই ভগৱান শিৱৰহে উপাসনাস্থলী। কিছুমানৰ মতে শিৱৰ ক্ৰোধাগ্নিত ভষ্ম হোৱা কামদেৱে ইয়াতে পূৰ্বৰ ৰূপ ঘূৰাই পাইছিল আৰু পত্নী ৰতিদেৱীৰ সৈতে মিলিত হৈছিল বাবেই এই নাম হ'ল। কিন্তু এই মত সিমান বিশ্বাসযোগ্য নহয়। সম্ভৱতঃ মন্দিৰৰ গাত খোদিত আৰু চৌপাশে সিঁচৰতি হৈ থকা শৃংগাৰৰত ভংগিমাৰ ভাস্কৰ্যসমূহৰ বাবে জনমানসত হিন্দুৰ প্ৰেম আৰু যৌনতাৰ দেৱতা মদন কামদেৱৰ নামে ঠাই পাইছিল।[1]

নিৰ্মাণ শৈলী বিশ্লেষণ কৰি মদন কামদেৱ দেৱালয় পাল ৰাজবংশৰ অৱদান বুলি নিৰ্ণয় কৰা হৈছে। এই ৰাজবংশটোৱে দশম শতিকাৰ (৯৯০ খৃঃ) পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ কামৰূপত শাসন কৰিছিল। প্ৰথমে তেওঁলোকৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰত, অৰ্থাৎ বৰ্তমানৰ গুৱাহাটীত। ৰজা ধৰ্মপালে ৰাজত্বৰ অন্তিম ভাগত প্ৰদান কৰা পুষ্পভদ্ৰা তাম্ৰলিপিত তেওঁৰ ৰাজধানী কামৰূপ নগৰী বুলি উল্লেখ কৰিছে। এই তাম্ৰলিপিখন উত্তৰ গুৱাহাটীত পোৱা গৈছে। সম্ভৱতঃ তেওঁ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰীলৈ স্থানান্তৰ কৰিছিল। বৰ্তমানৰ উত্তৰ গুৱাহাটী আৰু তাৰ আশে পাশে পোৱা অসংখ্য দুৰ্গ, ৰাষ্টা-ঘাট, ভৱন, মন্দিৰ, শিলালিপি আদিৰ ভগ্নাৱশেষৰ বাবে বুৰঞ্জীবিদসকলে উত্তৰ গুৱাহাটীকে তাহানিৰ কামৰূপ নগৰী বুলি থাৱৰ কৰিছে। মদন কামদেৱো কামৰূপ নগৰীৰে এটা অংশ আছিল। মদন কামদেৱৰ পৰা উত্তৰ গুৱাহাটীলৈ দূৰত্ব মাথোঁ দহ কিলোমিটাৰ। অৱশ্যে কোনগৰাকী পাল ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল, সেই সম্পৰ্কে ইতিহাস নীৰৱ।[1]

মদন কামদেৱত শিৱ-পাৰ্বতীৰ যুগল মূৰ্তিক উপাসনা কৰা হয়। অতি প্ৰাচীন কালৰে পৰা অসমত শৈৱ ধৰ্মৰ সুঁতিটো নীৰৱিচ্ছিন্ন ভাৱে চলি আহিছে। শিৱক দুটা ৰূপত উপাসনা কৰা হয়। প্ৰথমটো শিৱৰ একক ৰূপ আৰু দ্বিতীয়টো শিৱ-পাৰ্ৱতীৰ যুগল ৰূপ। বৰ্তমান অসমৰ মাত্ৰ কেইটামান প্ৰাচীন মন্দিৰতহে পৰম্পৰাগতভাৱে শিৱ-পাৰ্ৱতীৰ যুগ্ম ৰূপৰ উপাসনা চলি আহিছে। যুগ্ম শিৱ-পাৰ্ৱতী শৈৱ আৰু শাক্তৰ সমন্বিত ৰূপ। এই দুটা ৰূপ পৃথক সত্তা নহয়। পুৰুষ আৰু প্ৰকৃতিৰ দৰে ই একক আৰু পূৰ্ণ সত্তা। কালিকা পুৰাণৰ মতে নৰকে কামাখ্যাত দেৱীপূজা প্ৰৱৰ্তন কৰাৰ আগেয়ে কামৰূপৰ অধিবাসীসকলৰ উপাস্য দেৱতা আছিল শিৱ। নৰকৰ দিনত শক্তিবাদে বিশেষভাৱে গা কৰি উঠে যদিও দেশৰ পৰা শৈৱ ধৰ্মৰ প্ৰভাৱ কমি যোৱা নাছিল। কামৰূপত ৰাজত্ব কৰা পৰৱৰ্তী বৰ্মণ, শালস্তম্ভ, পাল আদি ৰাজবংশ শৈৱপন্থী আছিল। ইতিমধ্যে আৱিষ্কৃত হোৱা বিভিন্ন তাম্ৰলিপিৰ পৰা জনা গৈছে যে শালস্তম্ভ আৰু পাল বংশ শিৱৰ যুগ্ম ৰূপৰ উপাসক আছিল। বনমাল বৰ্মণ (৮৩৫- ৬০ খৃঃ), ইন্দ্ৰপাল আদি ৰজা তাম্ৰলিপিত তেওঁলোকৰ ইষ্ট দেৱতা 'কামেশ্বৰ-মহাগৌৰী' বুলি উল্লেখ কৰিছে। পাল বংশীয় ৰজাসকল শৈৱপন্থী আছিল যদিও তেওঁলোকে শক্তিবাদৰো যথেষ্ট পৃষ্ঠপোষকতা কৰিছিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত লাহে লাহে অসমত শক্তিবাদৰ প্ৰভাৱ বাঢ়িবলৈ ধৰিলে আৰু শৈৱ-শক্তিৰ যুগ্ম উপাসনা ক্ৰমশঃ নাইকিয়া হৈ আহিল। সম্ভৱতঃ এই উপাসনা পদ্ধতিৰ বাবেই অসমৰ বহু প্ৰাচীন মন্দিৰ, যেনে কামাখ্যা, হয়গ্ৰীৱ আদিয়ে পৰৱৰ্তী কালত কোঁচ, আহোম আদি শাসকৰ পৃষ্ঠপোষকতা পোৱাৰ দৰে মদন কামদেৱে কোনো পৃষ্ঠপোষকতা নাপালে আৰু এদিন হাবি-বননিয়ে সমগ্ৰ অঞ্চল ঢাকি ধৰিলে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "শিলেও য'ত কথা কয়, মদন কামদেৱ দেৱালয়". আজিৰ অসম: বুধবৰীয়া পৰিপূৰিকা পৃঃ খ. ২৪ মাৰ্চ ১৯৯৩. 
  2. "Places of Interest". Kamrup District Authority. http://kamrup.nic.in/placefr.htm। আহৰণ কৰা হৈছে: December 29, 2011. 
  3. "Khajuraho of Assam". peperonity.com. http://peperonity.com/go/sites/mview/photo.subha/23379138। আহৰণ কৰা হৈছে: December 29, 2011. 
  4. শান্তনু কৌশিক বৰুৱা (২০১৬). Master অসম ইয়েৰ বুক. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৪৮৬.