সমললৈ যাওক

ভিমেশ্বৰ শিৱ ধাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভিমেশ্বৰ শিৱ ধাম
Bhimeswar Dham

ভিমেশ্বৰ ধামলৈ প্ৰৱেশদ্বাৰ
নাম
আনুস্থানিক নাম ভিমেশ্বৰ দ্বাদশ জ্যোতিলিংগ শিৱ ধাম
স্থান
দেশ ভাৰত
ৰাজ্য অসম
স্থান ডাইনী বাম, গুৱাহাটী
স্থানাংক 26°05′50″N 91°41′46″E / 26.0971°N 91.6961°E / 26.0971; 91.6961স্থানাংক: 26°05′50″N 91°41′46″E / 26.0971°N 91.6961°E / 26.0971; 91.6961
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী মহাদেৱ
প্ৰধান উৎসৱ শিৱৰাত্ৰি

ভিমেশ্বৰ দ্বাদশ জ্যোতিৰ্লিংগ শিৱ ধাম (ইংৰাজী: Bhimeswar Dwadas Jyotirlinga Dham) হৈছে গুৱাহাটীৰ পামহীৰ ওচৰৰ ডাকিনী পাহাৰ বা ডাইনী পাহাৰত (ডাইনী বাম) অৱস্থিত এখন জ্যোতিৰ্লিংগ ধাম। এই ধাম দীপৰ বিলৰ দাঁতিৰ পাহাৰীয়া অঞ্চলত অৱস্থিত। পৌৰাণিক আখ্যান মতে ইয়াতে ভগৱান মহাদেৱে ভীমাসুৰ নামৰ দৈত্য এজনক নিধন কৰিবলৈ অৱতাৰ ধাৰণ কৰিছিল।

ডাকিনী পাহাৰৰ অৱস্থান এটি বিতৰ্কৰ বিষয়। শিৱ পুৰাণ আৰু কৌটি ৰুদ্ৰ সংহিতা মতে ভিমাশঙ্কৰ (বা ভিমেশ্বৰ) ডাকিনী পাহাৰত অৱস্থিত। সেয়ে ভক্তসকলে পামহীৰ এই ধামকে দ্বাদশ জ্যোতিলিংগ ৰূপে বিশ্বাস কৰে। বহুলোকে পুণা চহৰৰ ওচৰৰ ভিমাশঙ্কৰ ধামকো দ্বাদশ জ্যোতিলিংগ ৰূপে আৰাধনা কৰে। [1]

এই ধামত কোনো মন্দিৰ দেখিবলৈ পোৱা নাযায়। বৰঞ্চ ইয়াত এটি শিৱলিংগ আৰু সেই শিৱলিংগৰ দাঁতিৰে বৈ থকা এটি পাহাৰীয়া নিজৰা দেখিবলৈ পোৱা যায়। এই শিৱলিংগকে ইয়াত আৰাধনা কৰা হয়। এই স্থানৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতি মোহনীয়।

জ্যোতিলিংগৰ সৈতে বৈ থকা পাহাৰীয়া নিজৰা

পৌৰাণিক আখ্যান

[সম্পাদনা কৰক]

শিৱ পুৰাণত উল্লেখ থকা মতে, লঙ্কেশ্বৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণপাতলৰ ৰজাৰ পুত্ৰী কাৰ্কতীক বিয়া কৰিব বিচাৰিছিল। ৰাৱণে পাতাল পতি আৰু কুম্ভকৰ্ণক ৰামৰ বিৰুদ্ধে যুদ্ধত আমন্ত্ৰণ জনায়। কিন্তু কুম্ভকৰ্ণই যেতিয়ালৈ ৰাৱণে তেওঁক কাৰ্কতীৰ সৈতে বিবাহত সন্মতি প্ৰদান নকৰে, তেতিয়ালৈকে যুদ্ধত যাবলৈ অসন্মত হয়। পিছত নাৰদ মুনিৰ উপদেশত ৰাৱণে এই বিবাহলৈ সন্মতি প্ৰদান কৰে। বিয়াৰ পিছত কাৰ্কতীক এৰি কুম্ভকৰ্ণ যুদ্ধলৈ ৰাওনা হয়। যুদ্ধত কুম্ভকৰ্ণৰ মৃত্যুৰ পিছত কাৰ্কতীয়ে কুম্ভকৰ্ণৰ পুত্ৰক জন্ম দিয়ে আৰু এই পুত্ৰই ভিমাসুৰ নামেৰে পৰিচয় লাভ কৰে। পিছলৈ ভিমাসুৰে ভগৱান ব্ৰহ্মাক তপস্যা কৰে আৰু তেওঁৰপৰা বৰদান লাভ কৰে। বৰদান লাভ কৰি ভিমাসুৰে ভগৱান বিষ্ণুক প্ৰত্যাহ্বান জনায় আৰু যুদ্ধলৈ আমন্ত্ৰণ কৰে। বিষ্ণুই এই প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনায় আৰু ভিমাসুৰৰ সৈতে যুদ্ধ কৰে। ব্ৰহ্মাৰ বৰদানৰ মূল্য ৰাখিবলৈ এই যুদ্ধত বিষ্ণুয়ে পৰাজয বৰণ কৰে। ইয়াৰে পিছত ভিমাসুৰ অহংকাৰী হৈ পৰে আৰু বিভিন্ন ৰজাক বশ আৰু বন্দী কৰা আৰম্ভ কৰে। ভিমাসুৰে কামৰূপৰ ৰজা প্ৰিয়ধৰ্মনক (কামৰূপেশ্বৰ)পৰাজিত কৰি তেওঁক আৰু তেওঁৰ পত্নী দক্ষিণাদেৱীক কাৰাৰুদ্ধ কৰি ৰাখিছিল। [2]

প্ৰিয়ধৰ্মন আৰু তেওঁৰ পত্নী শিৱভক্ত আছিল আৰু তেওঁলোকে কাৰাগাৰতো শিৱৰ আৰাধনা কৰিছিল। ভিমাসুৰে তেওঁলোকৰ আৰাধনাত আঘাত জন্মাবলৈ সৈনিক পঠিয়াইছিল; কিন্তু শিৱৰ ক্ৰোধত সকলো ভস্ম হৈছিল। সেয়ে ভিমাসুৰে প্ৰিয়ধৰ্মনক নিধন কৰিব বিচাৰিছিল। ভিমাসুৰে আৰাধনাত মগ্ন প্ৰিয়ধৰ্মনক আক্ৰমণ কৰে, কিন্তু তেওঁৰ তৰোৱালে গৈ প্ৰিয়ধৰ্মনে আৰাধনা কৰা শিৱলিংগত আঘাত হানে। লগেলগে ভগৱান শিৱৰ ভিমাশঙ্কৰ ৰূপৰ আৱিৰ্ভাব ঘটে আৰু তেওঁ ভিমাসুৰক বধ কৰে। শিৱৰ শৰীৰৰ ঘামেৰে এটি নদীৰ সৃষ্টি হয় আৰু ভক্তসকলে বৰ্তমান এই ধামত বৈ থকা নিজৰাটোক সেই একেটা নদী বুলি বিশ্বাস কৰে। এই ঘটনাৰ পিছত, যি ঠাইত ৰজা কামৰূপেশ্বৰে শিৱৰ আৰাধনা কৰিছিল, সেই ঠাই ভিমেশ্বৰ নামেৰে পৰিচিত হ'ল। দেৱতা আৰু ভক্ত সকলৰ অনুৰোধত ভগৱান শিৱই এই স্থানত ভিমাশঙ্কৰ নামেৰে বিৰাজ কৰিবলৈ সন্মত হয়। তেতিয়াৰে পৰা এই ধাম জ্যোতিলিংগ ৰূপে পূজিত হৈ আহিছে। [3] [4]

যাতায়ত

[সম্পাদনা কৰক]

এই ধাম গুৱাহাটী মহানগৰৰ মাজমজিয়াৰ পৰা ১৩ কিমি দূৰত অৱস্থিত। ভিমেশ্বৰ ধামলৈ যাবলৈ গুৱাহাটীৰ ৩৭ নং ৰাষ্টীয় ঘাইপথৰ পৰা পামহীৰ পিনে যাব লাগে। গুৱাহাটী ৰাজ্য তথা দেশৰ আন অঞ্চলৰ সৈতে পথ, ৰে'ল আৰু বিমান যাতায়তৰে সুসংলগ্ন।

ছবি-ভঁৰাল

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]