গৰখীয়া দৌল, নাজিৰা
শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত গৰখীয়া দৌল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ (১৬০৩-১৬৪৮ খৃঃ) ৰাজত্ব কালত সজা এটা মন্দিৰ। ইয়াক মাই দৌল বা মহেশ্বৰ ঘৰ বা পূজা শিল বুলিও অভিহিত কৰা হয়। এই মন্দিৰটো আহোমসকলে সজা প্ৰথম মন্দিৰসমূহৰ এটা আৰু সেইবাৰে ইয়াত আহোম স্থাপত্যৰ আৰম্ভণিৰ নিদৰ্শন দেখা যায়। ইটাৰে সজা মন্দিৰটো সৰু আৰু অষ্টভূজ আকৃতিৰ আৰু শিখৰটো মুজুৰা। এই স্থাপত্যটোৰ বাহিৰৰ ফালৰ দেৱাল বাহিৰ ফালে দুশাৰী দেৱকোষ্ঠ লগোৱা আছে।[1]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ". অসম চৰকাৰ. https://culturalaffairs.assam.gov.in/portlet-innerpage/protected-archaeological-sites-and-monuments। আহৰণ কৰা হৈছে: 6 August 2019.