সমললৈ যাওক

হাতীমূৰা মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাতীমূৰা মন্দিৰ

হাতীমূৰা পাহাৰত অৱস্থিত দুৰ্গা মন্দিৰ
হাতীমূৰা মন্দিৰ is located in অসম
হাতীমূৰা মন্দিৰ
হাতীমূৰা মন্দিৰ
অসম মানচিত্ৰত হাতীমূৰা মন্দিৰৰ অৱস্থান
ভূ-স্থানাংক 26°36′36″N 92°59′45″E / 26.6100977°N 92.9958578°E / 26.6100977; 92.9958578
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা নগাঁও জিলা
স্থান শিলঘাট
স্থাপত্য আৰু সংস্কৃতি
প্ৰধান উৎসৱ দুৰ্গা পূজা
স্থাপত্য শৈলী নীলাচল স্থাপত্যশৈলী
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৬৬৭ শক (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ)
প্ৰতিস্থাপক প্ৰমত্ত সিংহ

হাতীমূৰা মন্দিৰ অসমনগাঁও জিলাকলিয়াবৰ মহকুমাশিলঘাটৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এখন ঐতিহাসিক মন্দিৰ।[1] আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাৰ প্ৰতি সমৰ্পিত।[2] এই মন্দিৰ অসমৰ অন্যতম উল্লেখযোগ্য শক্তি উপাসনাস্থলী।

অৱস্থান

[সম্পাদনা কৰক]

হাতীমূৰা মন্দিৰ নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰা পাহাৰত অৱস্থিত। ই শিলঘাট আৰু জখলাবন্ধাৰ নিচেই কাষত অৱস্থিত। শিলঘাট ৰে'ল ষ্টেচন আৰু জখলাবন্ধা ৰে'ল ষ্টেচনৰ ঠাইখনলৈ ৰেলেৰে সংযোজিত। সেইদৰে তেজপুৰ বিমানবন্দৰ আৰু ৰৰৈয়া বিমানবন্দৰ দুয়ো ইয়াৰ নিকটৱৰ্তী বিমানবন্দৰ।[3]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

হাতীমূৰা দুৰ্গা মন্দিৰ কলিয়াবৰৰ হাতীমূৰা পাহাৰত অৱস্থিত। আহোম বিষয়া হাতীমূৰীয়া বৰপাত্ৰ ফুকনৰ নামৰ পৰাই কলিয়াবৰৰ এই অঞ্চলটোৰ নাম হাতীমূৰা হয়। পিছলৈ হাতীমূৰা পাহাৰত অৱস্থিত হোৱাৰ বাবে ইয়াত থকা দুৰ্গা মন্দিৰটোৰ নামো হাতীমূৰা মন্দিৰ হয়।[4]

আহোম ৰাজত্বকালত শালস্তম্ভ ৰাজবংশৰ ৰজাৰ দিনত নিৰ্মিত বহুকেইটা মঠ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। তাৰে ভিতৰত উল্লেখযোগ্য মন্দিৰ হৈছে হাতীমূৰা মন্দিৰ। অষ্টম-নৱম শতিকাত শালস্তম্ভ ৰাজবংশৰ ৰজাই নিৰ্মাণ কৰা কলিয়াবৰৰ হাতীমূৰাত অৱস্থিত দুৰ্গা মন্দিৰটো আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল।[5] ইয়াত উদ্ধাৰ হোৱা শিলালিপি অনুসৰি স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আদেশ মৰ্মে তৰুণ দুৱৰা বৰফুকনে এই মন্দিৰৰ নিৰ্মাণ কৰাইছিল।[4]

হাতীমূৰা মন্দিৰ নীলাচল স্থাপত্যশৈলীৰে নিৰ্মিত। ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰে গধুৰ শিলৰ ভেঁটি থকা পাহাৰৰ ওপৰত হাতীমূৰা মন্দিৰ অৱস্থিত। এই ঠাইত মাটিৰ ওপৰত ওলাই থকা শিল প্ৰচুৰভাৱে পোৱা যায়। এনেকুৱা এটা শিলতে খোদিত গণেশৰ মূৰ্তি পোৱা গৈছে। ইটাৰে সজা মূল মন্দিৰত শিলত কটা দশভূজা মহিষাসুৰমৰ্দনী দুৰ্গাৰ মূৰ্ত্তি আছে। এই মন্দিৰ প্ৰমত্ত সিংহয়ে নিৰ্মাণ কৰাৰ বিষয়ে শিলালিপিত খোদিত কৰা আছে। তদুপৰি ইয়াৰ আশে-পাশে বহুতো শিলত কটা ভাস্কৰ্য দেখিবলৈ পোৱা যায়। এই মন্দিৰ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাত অন্তৰ্ভুক্ত।[6]

প্ৰতি বছৰে হাতীমূৰা মন্দিৰত উলহ-মালহকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। পূৰ্বতে ইয়াত বলি প্ৰথা প্ৰচলিত আছিল। ১৯৯২ চনৰ পৰা ইয়াত বলি প্ৰথা বন্ধ হয়।[4]

হাতীমূৰা মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন পূজা-অৰ্চনাৰ বাবে বহু ভক্তৰ সমাগম হয়। মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰে। তদুপৰি শালস্তম্ভ আহোম যুগৰ কীৰ্তিচিহ্নৰে ভৰপূৰ এই স্থানৰ ঐতিহাসিক আৰু পুৰতাত্বিক মহত্ত্ব আছে।[6][4]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Hatimura temple at Silghat". Assam On Net. Archived from the original on 19 October 2007. https://web.archive.org/web/20071019122954/http://www.assamonnet.org/index.php?article=worshipmore আহৰণ কৰা হৈছে: 12 December 2009.
  2. "Hatimura Temple". Indian Temples Portal. Archived from the original on 25 September 2019. https://web.archive.org/web/20190925110710/http://www.indiantemplesportal.com/assam/hatimura-temple-nowgong.html আহৰণ কৰা হৈছে: 12 December 2009.
  3. "Hatimura Temple". Indian Temples Portal. Archived from the original on 25 September 2019. https://web.archive.org/web/20190925110710/http://www.indiantemplesportal.com/assam/hatimura-temple-nowgong.html আহৰণ কৰা হৈছে: 12 December 2009.
  4. 1 2 3 4 "হাতীমূৰাৰ পৌৰাণিক দুৰ্গা মন্দিৰৰ কিছু অৱলোকন". ETV Bharat. https://m.etvbharat.com/assamese/assam/state/nagaon/old-durga-temple-in-hatimura/assam20190925191549945 আহৰণ কৰা হৈছে: 2 December 2020.[সংযোগবিহীন উৎস]
  5. Baruah, B. K.; Sreenivasa Murthy, H. V.. The Hatimura Temple. Hindu books universe. Archived from the original on 30 August 2017. https://web.archive.org/web/20170830185135/http://www.hindubooks.org/temples/assam/hatimura/index.htm আহৰণ কৰা হৈছে: 12 December 2009.
  6. 1 2 "সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ". সংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ. Archived from the original on 8 July 2022. https://web.archive.org/web/20220708135444/https://culturalaffairs.assam.gov.in/as/portlet-innerpage/%E0%A6%B8%E0%A6%82%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A4-%E0%A6%AA%E0%A7%82%E0%A7%B0%E0%A6%BE%E0%A6%A4%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%95-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A6%B8%E0%A7%8C%E0%A6%A7%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9 আহৰণ কৰা হৈছে: 2 December 2020.