সমললৈ যাওক

দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ-পৰ্বতীয়াৰ শৈল দ্বাৰ
নাম
অন্য নাম ভাৰতৰ দ্বিতীয় তোৰণ
স্থান
দেশ ভাৰত
এলেকা তেজপুৰ
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
মন্দিৰৰ সংখ্যা

তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে[1]

১৯২১-১৯২২ চনত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ-পৰ্বতীয়াত উদ্ধাৰ হয় শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত দেৱালয়ৰ গাঁথনি। ঠাৱৰ কৰা হৈছে যে এই ঠাইত বাণ ৰজাহৰি-হৰৰ মিলন ভূমিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ’হৰি হৰাত্মক’ শিৱ প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰাইছিল। কৃষ্ণৰ হাতত বাণ যুদ্ধত পৰাজিত হৈ সুস্থ হোৱাত কৃষ্ণৰ প্ৰতি বাণৰ ভক্তি উপজিছিল আৰু হৰি-হৰ অভিন্ন বুলি জ্ঞান হৈছিল। সেয়ে হৰি হৰাত্মক শিৱ মন্দিৰ প্ৰতিষ্ঠাৰ উদ্যোগ লৈছিল। এই মন্দিৰটো আহোম ৰজাৰ আমোলত পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও ১৮৯৭ চনৰ বৰ ভুইকঁপত সি জাহ গ’ল। বৰ্তমান থকা চিন স্বৰূপে ইটাবোৰলৈ আঙুলিয়াব পাৰি। ৰায় বাহাদুৰ কনক লাল বৰুৱাৰ মতে আকৌ এই মন্দিৰ কামৰূপ নৃপতি ভাস্কৰ বৰ্ম্মাৰ পূৰ্বে পঞ্চম ষষ্ঠ খৃষ্টাব্দত নিৰ্মিত। বৰ্তমানৰ শিলৰ দ্বাৰ এই মন্দিৰৰে ভগ্নাৱশেষ। আনহাতে প্ৰাচীন কালৰ শিলৰ মন্দিৰটো নিৰ্মাণশৈলীৰ ওপৰত নিৰ্ভৰ কৰি পুৰাতত্ত্ববিদ ৰাখাল দাস বন্দোপাধ্যায়ে ষষ্ঠ শতিকাৰ বুলি ঠাৱৰ কৰিছিল।

১৯২৭-২৮ চনৰ পৰাহে এই ঠাইখনে চৰ্চা লাভ কৰে। ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ পূব মাণ্ডলিক অধীক্ষক, পুৰাতত্ত্ববিদ ৰাখাল দাস বন্দোপাধ্যায়ে ১৯২১-২২ চনত খননকাৰ্য চলাই দ-পৰ্বতীয়াত স্থাপত্য আৰু ভাস্কৰ্য-কলাৰ নিদৰ্শনটো আৱিষ্কাৰ কৰে। এই নিদৰ্শনটোক অসমৰ আটাইতকৈ প্ৰাচীন তথা দেশৰ আপুৰুগীয়া বুলি Annual Report of Archeological Survey of India, 1924-25 & 1925-26-ত তেখেতে প্ৰতিবেদন দাখিল কৰে। আহোম যুগত পুনৰ নিৰ্মাণ কৰা মন্দিৰটোৰ গৰ্ভগৃহৰ পূবা-পশ্চিমাকৈ দৈঘ্য বাহিৰে ৬০.৬ ফুট আৰু ভিতৰে ৪৮.৬ ফুট, উত্তৰা-দক্ষিণাকৈ দৈঘ্য বাহিৰে ৩৭.১১২ ফুট আৰু ভিতৰে ২৪.১২ ফুট। ইয়াৰ অন্তৰাল অংশ ৬.৫ ফুট। অন্তৰালৰ জোখেই গৰ্ভগৃহৰ বেৰৰ ডাঠ। গৰ্ভগৃহৰ পশ্চিম দিশত বেদী স্থাপিত। এই বেদীতে গংগা-যমুনাৰ শৈল-তোৰণখন প্ৰতিষ্ঠিত। বেদীৰ পূবা-পশ্চিমাকৈ দৈঘ্য ১৯.৩ ফুট, উত্তৰা-দক্ষিণাকৈ ১৯.৪ ফুট। [2]আহোম যুগৰ প্ৰাচীন মন্দিৰটোত শিৱলিংগ প্ৰতিষ্ঠিত আছিল বুলি ৰাখাল দাস বন্দোপাধ্যায়ে নিজৰ এক গৱেষণা প্ৰতিবেদনত উল্লেখ কৰিছে। বৰ্তমানে প্ৰতিষ্ঠিত শিৱলিংগটো প্ৰকৃত শিৱলিংগ নহয় আৰু ই মন্দিৰৰ স্তম্ভৰে খণ্ডিত অংশ বুলিহে গৱেষক সতীশ চন্দ্ৰ ভট্টাচাৰ্যই উল্লেখ কৰিছে।[3]

তোৰণৰ বৰ্ণনা

[সম্পাদনা কৰক]
শিলৰ দুৱাৰত থকা গংগা-যমুনাৰ ভাস্কৰ্য্য
যমুনাৰ মূৰ্তি
গংগাৰ মূৰ্তি

দ-পৰ্বতীয়াৰ শৈল-ভাস্কৰ্যকেইটা শিলতে কাটি উলিওৱা। ইয়াত থকা গংগা-যমুনাৰ মূৰ্তি দুটাৰ শৈল-ভাস্কৰ্য মসৃণ আৰু স্পষ্ট। এই মূৰ্তি দুটাত কিছু পৰিমাণে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বুলি গৱেষক সকলে মন্তব্য কৰিছে। বুৰঞ্জীবিদ সদানন্দ চলিহাই এই শৈল-তোৰণখন গুপ্তযুগত নিৰ্মিত দেওগড় মন্দিৰৰ প্ৰৱেশদ্বাৰৰ লগত সাদৃশ্য আছে বুলি উল্লেখ কৰিছে। তোৰণখনৰ দুইটা স্তম্ভৰ উচ্চতা সমানুপাতিকভাৱে ৫.৩ ফুট আৰু বহলে ১.৪ ফুট। দুইটা স্তম্ভৰ ওপৰত থকা শিলচটাৰ দৈঘ্য ৫.৯ ফুট আৰু বহলে ১.৩ ফুট। তোৰণখনত থকা সোঁ-ফালৰ স্তম্ভটোত ফুলৰ মালা ধাৰণ কৰি যমুনাৰ আৰু বাওঁফালৰটোত একেই ৰূপত গংগাৰ মূৰ্তি আছে। যমুনাৰ মূৰ্তিটোৰ সোঁ-হাতে তলত দুটা নাৰীমূৰ্তি আছে। তাৰে বাওঁহাতে চামৰধাৰিণী থিয় হৈ আছে আৰু ফুলৰ পাত্ৰ লৈ আঁঠু কাঢ়ি থকা আন এটা মূৰ্তি আছে। যমুনাৰ বাওঁহাতে সামান্য ওপৰলৈ দুটা উৰন্ত হাঁহ বিদ্যমান। আনহাতে গংগাৰ দুয়োফালে তলত দুটা নাৰীমূৰ্তি, বাওঁহাতে নাগী আৰু দুটা উৰন্ত হাঁহ। স্তম্ভ দুটাৰ ওপৰৰ অংশটোত বগাই যোৱা লতাৰে সৈতে পাত, পদুমৰ পাত আৰু চাৰিটা নৰমূৰ্তি আছে। ওপৰৰ পথালি শিলচটাৰ মাজ অংশত হাতত মালা লৈ উৰন্ত গৰুড় আৰু দুয়োমূৰে দুটা মূৰ্তি বিদ্যমান। তাৰ ওপৰত লানি পাতি পাঁচটা মূৰ্তি আছে। মূৰ্তিকেইটা ক্ৰমে বাওঁহাতে ডম্বৰু লৈ চতুৰ্ভুজ শিৱ, আঁঠু কাঢ়ি থকা হয়গ্ৰীৱ, ভৰিত জৰীৰে বন্ধা অৱস্থাত বহি থকা লকুলীশ শিৱ, মুৰুলীধৰ আৰু দুহাতে পদ্মধাৰী সূৰ্য। সূৰ্যমূৰ্তিটোৰ দুয়োফালে আন দুটা নৰমূৰ্তি আছে। তাৰে এটাৰ হাতত কাপ-মৈলাম দেখা পোৱা যায়।[2][4]

চিত্ৰ সম্ভাৰ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Swati Mitra (2011). Assam Travel Guide. Goodearth Publications. পৃষ্ঠা. 83–. ISBN 978-93-80262-04-8. http://books.google.com/books?id=lNggfFifHL8C&pg=PA75। আহৰণ কৰা হৈছে: 18 February 2013. 
  2. 2.0 2.1 নবীন বুঢ়াগোহাঁই. "দ-পৰ্বতীয়াৰ শৈল্য টোৰণ আৰু অন্যান্য". জনমভূমি. Archived from the original on 20 February 2022. https://web.archive.org/web/20220220163411/https://janambhumi.in/VFZSRk1VMVVVVDA9/%E0%A6%A6-%E0%A6%AA%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A6%A4%E0%A7%80%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%B6%E0%A7%88%E0%A6%B2-%E0%A6%A4%E0%A7%8B%E0%A7%B0%E0%A6%A3-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%AF.html। আহৰণ কৰা হৈছে: 20 February 2022. 
  3. সতীশ চন্দ্ৰ ভট্টাচাৰ্য. পৰ্যটকৰ ৰম্যভূমি তেজপুৰ. পৃষ্ঠা. ৭. 
  4. বিশ্ব ঐতিহ্য, লিখক: শান্তনু কৌশিক বৰুৱা, পৃষ্ঠা নং:?