তেত্ৰিশ কৌটি দেৱ মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেত্ৰিশ কৌটি দেৱ মন্দিৰ
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা কামৰূপ মহানগৰ
এলেকা ওদালবাক্ৰা, গুৱাহাটী
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী তেত্ৰিশ কৌটি দেৱতা
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৯৭৩ চন

শ্ৰী শ্ৰী তেত্ৰিশ কৌটি দেৱ মন্দিৰ অসমৰ কামৰূপ মহানগৰ জিলাগুৱাহাটী মহানগৰীত অৱস্থিত। ১৯৭৩ চনত এই মন্দিৰ স্থাপিত হয়। বহুবছৰ ধৰি এই মন্দিৰটোৱে হিন্দু ধৰ্মৰ ভক্তসমাজৰ মাজত বিশেষ গুৰুত্ব বহন কৰি আহিছে।

উৎপত্তিৰ ইতিহাস[সম্পাদনা কৰক]

উৎপত্তিৰ কাহিনী ওদালবাক্ৰা গাঁৱৰ পৰা আৰম্ভ হয়। এই ওদালবাক্ৰা গাঁও গুৱাহাটিৰ কাহিলীপাৰা অঞ্চলত অৱস্থিত। গাঁৱৰ বাসিন্দাবোৰ মূলত: ৰাভা-কছাৰী জনগোষ্ঠীৰ। ১৯৬৪ চনত এই গাঁওখন ডাঠ হাবি আৰু ডাঙৰ ওখ শিলেৰে ভৰা আছিল। সেই সময়ত ৰেংথং ৰাভা আৰু সূৰ্য ৰাভা নামৰ দুজন লোকে এদিন চিকাৰৰ উদ্দেশ্যে সেই শিলবোৰৰ ওপৰত (নৰকাসুৰ পাহাৰ এলেকা) বিচৰণ কৰি আছিল। তেনে সময়তে হাবিৰ ক’ৰবাৰ পৰা বিশাল বাদুলি এটা তেওঁলোকৰ সন্মুখেৰে উৰি আহি সেই ওখ শিলবোৰৰ ফাঁকত সোমাই গ’ল। তেওঁলোকে বাদুলিটোক ধৰাৰ উদ্দেশ্যে তাক অনুসৰণ কৰি এটা অন্ধকাৰ শিলৰ গুহাৰ মাজত সোমাই গ’ল। তেতিয়া সেই গুহাৰ মাজেৰে গৈ থাকোতে তেওঁলোকে কিবা বস্তু আন্ধাৰত জিলিকি থকা দেখা পালে। তেতিয়া তেওঁলোকে সেই বস্তুটো বাহিৰলৈ আনি ধুই-পখালি চাই যে সেইটো এটা শংখ। এইদৰে তেওঁলোকে আকৌ পিছদিনাখন সেই একেটা গুহাৰ পৰা আৱিস্কাৰ কৰিলে ২৩ টা মূৰ্তি। এনেদৰে আন এদিনাখন আকৌ ১০ টা মূৰ্তি আৰু টিলিঙা কিছুমান ওলাল এই মূৰ্তিবোৰ ঘাইকৈ ব্ৰঞ্জেৰে নিৰ্মিত বিভিন্ন হিন্দু দেৱ-দেৱতাৰ মূৰ্তি আছিল। সেই মূৰ্তিবোৰকে লৈ সেই ঠাইতে এই মন্দিৰৰ স্থাপন হৈছিল। হিন্দু ধৰ্মৰ মতে হিন্দু দেৱ-দেৱীৰ মুঠ সংখ্যা হ’ল ৩৩ কোটি। সেই উদ্ধাৰ হোৱা মূৰ্তিসমূহৰ মুঠ সংখ্যা আছিল ৩৩ টা। গতিকে এই ৩৩ টা মূৰ্তিয়ে ৩৩ কোটি ভগৱানৰ অস্তিত্ব বহন কৰিছে বুলি বিশ্বাস কৰি মন্দিৰৰ নাম "শ্ৰী শ্ৰী তেত্ৰিশ কৌটি দেৱ মন্দিৰ" হিচাপে নামাকৰণ কৰা হয়। বৰ্তমান এই মন্দিৰৰ লগতে চতুৰ্থ অসম আৰক্ষী বাহিনীৰ চকী আছে। ইয়াৰে বেটেলিয়ান সকলেই ১৯৭৩ চনত এই মন্দিৰ স্থাপন কৰি দিছিল।[1]

উদ্ধাৰ হোৱা বস্তুসমূহ[সম্পাদনা কৰক]

উদ্ধাৰিত বস্তুবোৰৰ মুঠতে ৩৩ টা মূৰ্তি আৰু কিছুমান অন্য বস্তু আছিল। ইয়াৰে বৰ্তমান কিছুমান অসম ৰাজ্যিক সংগ্ৰহালয়ত আৰু বাকীখিনি এই মন্দিৰত আছে। এইবোৰ হ’ল- চাৰিটা বিষ্ণুৰ মূৰ্তি, দুটা সূৰ্যদেৱতাৰ মূৰ্তি, এটা মনসাদেৱীৰ মূৰ্তি, এটা গণেশৰ মূৰ্তি, এটা ইন্দ্ৰদেৱতাৰ মূৰ্তি, শিৱৰ মূৰ্তি, বুদ্ধদেৱৰ মূৰ্তি, ৰাধাৰ মূৰ্তি, নটৰাজৰ মূৰ্তি, কিছুমান অচিনাক্ত মূৰ্তি (টুকুৰা আকাৰত), এটা মুখালিংগ, এটা শংখ আৰু দুটা টিলিঙা। ইয়াৰে ভিতৰত বৃহত্তম মূৰ্তিটো হৈছে ইন্দ্ৰদেৱতাৰ। এই মূৰ্তিটোৰ আকাৰ ৩২ x ১৬ ছে: মি:। এই মূৰ্তিটো গোটেই ভাৰতৰ ভিতৰতে অদ্বিতীয় পৰ্যায়ৰ। মূৰ্তিবোৰ ঘাইকৈ ব্ৰঞ্জেৰে নিৰ্মিত। বৰ্তমান পুৰাতত্বৰ জগতত সেই মূৰ্তিসমূহ ‘নৰকাসুৰ পাহাৰত আৱিষ্কৃত সমল’ অথবা ইংৰাজীত “আৰ্কিঅ’লজিকেল ফাইণ্ডছ এট নৰকাসুৰ হিলছ” নামেৰে অতিকৈ প্ৰখ্যাত। অসমৰ প্ৰখ্যাত পুৰাতাত্বিক পণ্ডিতদ্বয় ড0ৰবীন্দ্ৰ নাথ চৌধুৰী আৰু ধৰ্মেশ্বৰ চুতিয়াই অসম অনুসন্ধান সমিতিৰ বুলেটিনত (২৯ সংখ্যক) লিখা "এ নোট অন দ্য আৰ্কিঅ’লজিকেল ফাইণ্ডছ এট নৰকাসুৰ হিলছ" শীৰ্ষক বিস্তৃত নিবন্ধত নৰকাসুৰ পাহাৰ অঞ্চলত আৱিষ্কৃত হোৱা এই মূৰ্তিসমূহৰ বিষয়ে আলোচনা কৰিছে৷

দৈনিক পূজা-অৰ্চনা[সম্পাদনা কৰক]

প্ৰথম অৱস্থাত মন্দিৰৰ পূজাৰী আছিল কমল তাঁতী। ইয়াৰ পিছত বহুতো পূজাৰী সলনি হ’ল। মন্দিৰৰ বৰ্তমানৰ পূজাৰী হ’ল ত্ৰিভূৱন পোদ্দৰ। পূজাৰীয়ে মন্দিৰত থকা দেৱ-দেৱীৰ মূৰ্তিবোৰ নিতৌ গাখীৰেৰে ধোঁৱে। পুৱাৰ ভাগত হিন্দুৰ ২৩ কোটি মূৰ্তিক ২৩ খন কাঁহীত আৰু সন্ধিয়া ১০ কোটি মূৰ্তিক ১০ খন কাঁহীত প্ৰসাদ আগবঢ়োৱা হয়। কিন্তু সোমবাৰ আৰু বৃহস্পতিবাৰেহে বিশেষকৈ পূজাৰ দিন। সেয়েহে সেই দুটা দিনত অসমৰ চাৰিওফালৰ পৰা অহা ভক্তসকলে ধূপ, চাকি, নৈবেদ্য আদি লৈ পূজা কৰিব আহি ভিৰ কৰা দেখা যায়। তথাপিও দৈনিকেই ভক্তৰ সমাগম পৰিলক্ষিত হয়। তাৰোপৰি বিভিন্ন উৎসৱ, পূৰ্ণিমা, অমাৱস্যা আদিত ওদালবাক্ৰা গাওঁখনৰে বাসিন্দাসকলে কাম-কাজ চলাই নিয়াত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰে আৰু আইসকলে নাম-কীৰ্তন ধৰে।[1]

মন্দিৰৰ পৰিচালনা আৰু বৰ্তমান পৰিস্থিতি[সম্পাদনা কৰক]

ওপৰত কোৱা হৈছে যে চতুৰ্থ অসম আৰক্ষী বাহিনীয়ে মন্দিৰটো পোন-প্ৰথমে স্থাপন কৰি দিছিল; কিন্তু তথাপিও বৰ্তমান গাওঁখনৰ ৰাইজেই ইয়াৰ সমস্ত পৰিচালনা কৰে। গাওঁখনৰ যুবসংঘ আৰু মহিলা সমিতিয়ে মন্দিৰৰ বাবে বৰ্তমান ডাঙৰকৈ গণেশৰ মূৰ্তি, শিৱৰ মূৰ্তি, হনুমানৰ মূৰ্তি আদি বহুতো মূৰ্তি তৈয়াৰ কৰি আৰু লগতে কুঁৱা, অন্যান্য বস্তু আদি বান্ধি দিছে। মন্দিৰৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিবেশ অতি মনোমোহা। অজস্ৰ পাৰ চৰায়ে মন্দিৰৰ পৰিবেশ শান্তিময় কৰি তুলিছে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]