তেত্ৰিশ কৌটি দেৱতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুদ্ৰ সকলক উপস্থাপন কৰা ব্যোমমণ্ডলৰ অংশ - প্ৰায় ৫ম শতিকা খ্ৰীষ্টাব্দ, কত্ৰ কেশৱ দেৱ; বৰ্তমান মথুৰা সংগ্ৰহালয়ত আছে।

তেত্ৰিশ দেৱতা বা তেত্ৰিশ কৌটি দেৱতা (সংস্কৃত: त्रिदश) হৈছে হিন্দুধৰ্মৰ দেৱতাসকলৰ প্ৰকাৰভেদ অনুযায়ী সমষ্টিবদ্ধ সংখ্যা। সংস্কৃত ভাষাত ত্ৰয়োত্ৰিংশ কৌটি বুলি কওতে "তেত্ৰিশ গুণ সম্পন্ন বা তেত্ৰিশ প্ৰকাৰ"-ক বুজায়।[1][2] প্ৰকৃতপক্ষে তেত্ৰিশ কৌটি দেৱতা বুলিলে তেত্ৰিশ প্ৰকাৰৰ গুণ সম্পন্ন বৈদিক দেৱতাক বুজোৱা হয়।[3][4] হিন্দুসকলৰ প্ৰধান ধৰ্মগ্ৰন্থ বেদ, শতপথ ব্ৰাহ্মণ সহ অন্যান্য ধৰ্মগ্ৰন্থত এই বিষয়ে ধাৰণা পোৱা যায়। পৰৱৰ্তীকালত মানুহৰ মুখে মুখে "তেত্ৰিশ কোটি দেৱতা" অৰ্থাৎ ৩৩,০০,০০,০০০ দেৱতা বুলি প্ৰচলিত হয়।[5] হিন্দুধৰ্মত কোনো নিৰ্দিষ্ট সংখ্যক দেৱতাৰ ধাৰণাৰ পৰিৱৰ্তে এজন দেৱতাৰে একাধিক ৰূপ প্ৰচলিত।[6]

তেত্ৰিশ প্ৰকাৰৰ দেৱতাৰ তালিকা[সম্পাদনা কৰক]

হিন্দু শাস্ত্ৰত তেত্ৰিশ প্ৰকাৰৰ দেৱতাৰ নাম বিভিন্ন ধৰণৰ। এইবোৰৰ ভিতৰত ভাগৱত পুৰাণ অনুসৰি দ্বাদশ আদিত্য, একাদশ ৰুদ্ৰ (প্ৰথম স্তম্ভ), মহাভাৰত অনুসৰি অষ্ট বসু, আৰু দুজন অশ্বিন।[7][8]

তেত্ৰিশ কোটি (প্ৰকাৰ) দেৱতাৰ নাম
দ্বাদশ আদিত্য একাদশ ৰুদ্ৰ অষ্টবসু দুই অশ্বিন
  • প্ৰাণ (নিঃশ্বাস)
  • অপ্ৰান (প্ৰশ্বাস)
  • ব্যান
  • সমান
  • উদান
  • নাগ
  • কূৰ্ম
  • কৃকল
  • দেৱদত্ত
  • ধনঞ্জয়
  • আত্মা
  • ধৰা (পৃথিৱী)
  • অনল (অগ্নি)
  • অনিল (বায়ু)
  • অপ(জল) / সবিতা
  • প্ৰত্যূষ (সূৰ্য)
  • প্ৰভাস (আকাশ)
  • সোম (চন্দ্ৰ)
  • ধ্ৰুৱ
  • নাসত্য
  • দস্ৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Lynn Foulston, Stuart Abbott (2009). Hindu goddesses: beliefs and practices. পৃষ্ঠা. 1–2. ISBN 9781902210438. https://books.google.com/books?id=XgwVgPx5G5UC&q=%22330+million%22+infinity&pg=PA2. [সংযোগবিহীন উৎস]
  2. Mani pp. 654–5
  3. Hermann Oldenberg (1988), The Religion of the Veda, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120803923, pp. 23-50
  4. AA MacDonell, Vedic mythology, p. PA19, গুগুল বুকচ্‌ত, Oxford University Press, pp. 19-21
  5. বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, দেৱতত্ত্ব ও হিন্দুধৰ্ম, বঙ্কিম ৰচনাৱলী। পৃষ্ঠা ৭৮৪
  6. ডেভিড লৰেন্স (২০১২), দ্য ৰুটলেজ কম্পেনিয়ন টু থিয়ইজম (সম্পা. চাৰ্লছ টালিয়াফেৰো, ভিক্টোৰিয়া এছ হেৰিছন আৰু ষ্টুয়াৰ্ট গ'ট্জ, ৰুটলেজ,, আই.এচ.বি.এন. 978-0415881647, পৃষ্ঠা ৭৮-৭৯
  7. George Williams (2008), A Handbook of Hindu Mythology, Oxford University Press, আই.এচ.বি.এন. 978-0195332612, pp. 90, 112
  8. Monier Monier-Williams, A Sanskrit-English Dictionary" Etymologically and Philologically Arranged to cognate Indo-European Languages, Motilal Banarsidass, p. 492