বিল্বেশ্বৰ দেৱালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বিল্বেশ্বৰ দেৱালয়
বিল্বেশ্বৰ দেৱালয়

বিল্বেশ্বৰ দেৱালয় অসমনলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ৷ নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰীশ্ৰ্ৰীবিল্বেশ্বৰ দেৱালয় অৱস্থিত৷ এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা৷ বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে৷

ইতিহাস[সম্পাদনা কৰক]

মন্দিৰটো প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায়৷ অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনে কপিলী গাই আছিল৷ ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়৷ কিন্তু ওচৰৰে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলাবলৈ ধৰে৷ ব্ৰাহ্মণে এদিন ওচৰ-চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে৷ কোৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল৷ এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায়৷ লৌহিত্য বংশৰ নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে৷ কিন্তু বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি দিলে৷ শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ- বিন্নেশ্বৰ, ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ আৰু বেলশৰ হয়৷ নাগাক্ষ ৰজাই সজোৱা জামুগুৰিৰ ওচৰৰ নাগশংকৰ মন্দিৰৰ নিৰ্মাণ কৌশলৰ লগত এই দেৱালয়ৰ সাদৃশ্য আছে৷ আনহাতে কিছু পণ্ডিতে দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰিছে৷ পালবংশীয় ৰজা ধৰ্মপালে (১০০০-১০১৫) এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল৷ দেৱালয়ৰ চৌহদৰ দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা৷ আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল[1]

মন্দিৰৰ কাৰ্যপন্থা[সম্পাদনা কৰক]

হিন্দু ধৰ্মৰ শৈৱ, শাক্ত, বৈষ্ণৱ আদি আটাইবোৰ শাখাৰ প্ৰভাৱ পৰাৰ ফলস্বৰূপে বিল্বেশ্বৰ দেৱালয়ত বিভিন্ন ধৰণৰ উৎসৱ তথা পূজাৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰা যায়৷ এই দেৱালয়ত হাঁহ, পাৰ, ম'হ, ছাগলী, কোমোৰা আদি বলি বিধানৰ প্ৰথা অতি প্ৰাচীন৷ দুৰ্গা পূজাৰ মহানৱমীৰ দিনা ম'হ বলি দিয়া হয়৷ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াৰ পূজাৰ দেৱী মৃন্ময় মূৰ্তি নহয়৷ এডাল কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা কৰা হয়৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা

বাহ্যিক সংযোগ[সম্পাদনা কৰক]