হাৰ্হি দেৱালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাৰ্হি দেৱালয়
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা লখিমপুৰ জিলা
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী কেঁচাইখাটি গোসাঁনী

হাৰ্হি দেৱালয় অসমলখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখানা চহৰৰ পৰা প্ৰায় চাৰি কিঃমিঃ উত্তৰ-পূবে হাৰ্হি নদীৰ পাৰত অৱস্থিত এক দেৱালয়। ঢকুৱাখানত প্ৰচলিত জনশ্ৰুতি অনুসৰি হাৰ্হি শব্দটো পূৰ্বে সাৰ্হি আছিল। এই অঞ্চলৰ লোকে ‘‘সাৰ্হি’’ শব্দটো জাগ্ৰত অৰ্থত ব্যৱহাৰ কৰে৷ গতিকে পীঠখনিৰ মূল অৰ্থটো হ’ব- "জাগ্ৰত দেৱালয়"।

ইতিহাস[সম্পাদনা কৰক]

এই দেৱালয় খনিৰ অধিস্থাত্ৰী দেৱীগৰাকীয়েই হৈছে পূৰ্বৰ চুতীয়াসকলৰ আৰাধ্য দেৱী সদিয়া (শদিয়া)ৰ বিখ্যাত তাম্ৰেশ্বৰী মন্দিৰৰ কেঁচাইখাটি গোসাঁনী বা দেৱী দিক্কৰবাসিনী। আহোম-চুতীয়াৰ শেষ ৰণত চুতীয়াসকল পৰাস্ত হোৱাত দেৱালয়ৰ নিৰাপত্তা তথা দেৱী বিগ্ৰহৰ লগতে দেৱালয়ত থকা শিৱ, দূৰ্গা, গঙ্গা, মনসা, গণেশ আদিৰ শিলামূৰ্তি আৰু বলিকটা দা, পূজাৰ বিভিন্ন সামগ্ৰীৰ লগতে দেৱালয়ৰ লগত জড়িত বিভিন্ন বৃত্তিধাৰী মানুহকো লগত লৈ লুইতেদি ভটিয়াই হাবুং (বৰ্তমানৰ ঢকুৱাখানা) অঞ্চল পায় আৰু তাতে বিগ্ৰহাদি স্থাপন কৰি নিয়মিত পূজা পাতল কৰিবলৈ লয়। অৱশ্যে পিছৰ পৰ্যায়ত দেৱালয়খনে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি জনা যায়। শিৱসিংহ আৰু লক্ষ্মীসিংহ ৰজাই দেৱালয়খনিলৈ মাটি, বহু পৰিমাণৰ সম্পত্তি আৰু দেৱ-দেৱীৰ মূৰ্তি প্ৰদান কৰিছিল বুলি জনা যায়৷ সেইবোৰ এতিয়াও দেৱালয়খনত বিৰাজমান।

এই দেৱালয়ত থকা উল্লেখযোগ্য সামগ্ৰীবোৰৰ ভিতৰত ১০ৰ পৰা ১২ কিল’গ্ৰাম পৰ্যন্ত ওজনৰ তেৰখন বলিকটা দা, সাঁচিপাতৰ এখন কীৰ্তনপুথি, শালগ্ৰাম মন্ত্ৰপুথি, কেঁকোৰা দোলা, বিভিন্ন বাদ্য-যন্ত্ৰ ইত্যাদি প্ৰধান। এই দেৱালয়খনিত পূৰ্বতে নৰবলি দিয়াৰ প্ৰথা আছিল বুলি জনা যায়৷