দীৰ্ঘেশ্বৰী দেৱালয়
দীৰ্ঘেশ্বৰী দেৱালয় | |
---|---|
দীৰ্ঘেশ্বৰী দেৱালয় | |
ভূ-স্থানাংক | 26°14′33″N 91°44′58″E / 26.242583°N 91.749389°E |
নাম | |
অন্য নাম | দীৰ্ঘেশ্বৰী মন্দিৰ |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | কামৰূপ জিলা |
স্থাপত্য আৰু সংস্কৃতি | |
মুখ্য দেৱ/ দেৱী | শক্তি |
প্ৰধান উৎসৱ | দুৰ্গাপূজা |
ইতিহাস | |
প্ৰতিস্থাপক | শিৱ সিংহ |
দীৰ্ঘেশ্বৰী দেৱালয় বা দীৰ্ঘেশ্বৰী মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত এখন ঐতিহাসিক শক্তি উপাসনাস্থলী। আহোম স্বৰ্গদেউ শিৱ সিংহয়ে নিৰ্মাণ কৰা এই দেৱালয়ক শক্তিপীঠ হিচাপে গণ্য কৰা হয়। ইয়াত বহুতো শিলৰ ভাস্কৰ্য উদ্ধাৰ হৈছে। দীৰ্ঘেশ্বৰী মন্দিৰ বছৰেকীয়া দুৰ্গা পূজাৰ বাবে বিখ্যাত।
প্ৰবাদ
[সম্পাদনা কৰক]দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে। কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ'লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৎসৰ্না কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত শিৱ শোকত বলিয়া হ'ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰিলে। তেতিয়া ভগৱান বিষ্ণুয়ে সুদৰ্শন চক্ৰৰে সতীৰ দেহ টুকুৰা টুকৰকৈ কাটি পেলালে। য'তেই এনে অংশ পৰিল, তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু তাত কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা হ'ল। সেই একেসময়তে সীতাচল পাহৰতো সতীদেৱীৰ শৰীৰৰ অংশ পৰিছিল বুলি প্ৰবাদ আছে। আৰু তেতিয়াৰ পৰায়ে এই স্থল পৱিত্ৰ বুলি গণ্য কৰি অহা হৈছে।
আন এক প্ৰবাদ মতে ঋষি মাৰ্কণ্ডেয়য়ে এই স্থানত দেৱী দুৰ্গাক প্ৰসন্ন কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। অৱশেষত দুৰ্গা দেৱীৰ আৱিৰ্ভাৱ হয় আৰু তেওঁ ঋষি মাৰ্কণ্ডেয়ক বৰদান দিয়ে আৰু তেতিয়াৰে পৰা দীৰ্ঘেশ্বৰী মন্দিৰ দেৱী দুৰ্গাৰ পৱিত্ৰ মন্দিৰ হিচাপে পৰিগণিত হয়।
ইতিহাস
[সম্পাদনা কৰক]প্ৰাচীন বা মধ্যযুগত দীৰ্ঘেশ্বৰীত কোনো দুৰ্গা মন্দিৰ আছিল নে নাই জনা নাযায়। বৰ্তমানৰ মন্দিৰটো আহোম স্বৰ্গদেউ শিৱ সিংহয়ে নিৰ্মাণ কৰিছিল। স্বৰ্গদেউৰ আদেশত নামনি অসম আৰু গুৱাহাটীৰ তৰুণ দুৱৰা বৰফুকনৰ তত্ত্বাৱধানত দীৰ্ঘেশ্বৰী দেৱালয়ৰ নিৰ্মাণ কাৰ্য চলিছিল।[1] দেৱালয়খন সীতাচল পাহাৰৰ শিখৰত ইটাৰে নিৰ্মাণ কৰা হৈছিল। দেৱালয়ৰ গৰ্ভগৃহ মাটিৰ তলৰ এক সৰু গুহাত অৱস্থিত আৰু ইয়াত এটি দুৰ্গাৰ প্ৰতিমূৰ্তি আছে। মন্দিৰৰ দৈনন্দিন কাৰ্য-কলাপৰ বাবে কমিটি গঠন কৰা হৈছিল আৰু মন্দিৰ আৰু পুৰোহিতৰ নামত মাটি দান কৰা হৈছিল।
মন্দিৰৰ প্ৰৱেশদ্বাৰত আহোম স্বৰ্গদেউ শিৱ সিংহৰ নামত এক শিলালিপি পোৱা গৈছে। এই শিলালিপিত স্বৰ্গদেউৰ লগতে তৰুণ দুৱৰা বৰফুকনৰ নাম উল্লেখ আছে লগতে স্বৰ্গদেউৰ আদেশত এই মন্দিৰ নিৰ্মাণ কৰা আৰু দীৰ্ঘেশ্বৰী দেৱালয়ৰ নামত ভূমিদানৰ কথাও উল্লেখ আছে। ১৭৫৬ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহয়ে তেওঁৰ ৰাজকীয় ভ্ৰমণত দীৰ্ঘেশ্বৰী দেৱালয় দৰ্শন কৰিছিল। ইয়াৰ লগতে তেওঁ মন্দিৰখনলৈ আৰু মাটি আৰু আৰু উপযুক্ত ৰক্ষণা-বেক্ষণৰ বাবে মানুহ নিযুক্ত কৰিছিল। স্বৰ্গদেউয়ে মন্দিৰলৈ ৰূপৰ জাপি এখন আগবঢ়াইছিল আৰু এই জাপিখন এতিয়াও দেৱী দুৰ্গাৰ মূল বিগ্ৰহত ব্যৱহাৰ কৰা হয়।[2]
বৰ্তমান স্থিতি
[সম্পাদনা কৰক]প্ৰতি বছৰে দীৰ্ঘেশ্বৰী দেৱালয়ত অনুষ্ঠিত হোৱা বছৰেকীয়া দুৰ্গা পূজাত অগণন ভক্তৰ সমাগম হয়। দুৰ্গা পূজাত ইয়াত ম'হ বলি দিয়া হয়। বৰ্তমান ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। মন্দিৰৰ চৌহদত এখন পুখুৰী আছে। মন্দিৰৰ প্ৰৱেশ দ্বাৰত গণেশৰ বৃহৎ ভাস্কৰ্য আছে। ইয়াত দুটা ভৰিৰ চিহ্ন পোৱা গৈছে আৰু স্থানীয়লোকে এই ভৰিৰ চাপ দেৱী দুৰ্গাৰ বুলি গণ্য কৰে। ইয়াত শিলৰ এক আকৃতি পোৱা গৈছে। স্থানীয় লোকে ইয়াক অপ্সৰা সকলৰ নাও বুলি বিশ্বাস কৰে। দীৰ্ঘেশ্বৰী দেৱালয় ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ দ্বাৰা গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থল হিচাপে স্বীকৃতিপ্ৰাপ্ত।
চিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]-
দীৰ্ঘেশ্বৰী দেৱালয়ত থকা এই ভৰিৰ চাপক দেৱী দুৰ্গাৰ ভৰিৰ চাপ বুলি বিশ্বাস কৰা হয়
-
গণেশৰ ভাস্কৰ্য
-
দীৰ্ঘেশ্বৰী পাহাৰত শিলত কটা গণেশৰ মূৰ্তি
-
অপ্সৰাৰ নাও, স্থানীয়লোকে বিশ্বাস কৰে যে স্বৰ্গৰ অপ্সৰা সকলে এই নাওত উঠি পুখুৰীত নৌকা বিহাৰ কৰে