শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়
নাম
অন্যান্য নাম: ডুবি দেৱালয়, পৰিহৰেশ্বৰ দেৱালয়, বুঢ়া গোঁসাইৰ ঘৰ
স্থান
দেশ: ভাৰত
ৰাজ্য/অঞ্চল: অসম
জিলা: বৰপেটা
এলেকা: ডুবি, পাঠশালা
স্থাপত্য আৰু সংস্কৃতি
পৌৰাণিক স্মৃতিচিহ্ন: শিৱ গোঁসাইৰ বিগ্ৰহ, লিংগপীঠ, গৌৰীপীঠ, দুৰ্গামূৰ্ত্তি, বলৰাম, বিষ্ণু, শিৱ-পঞ্চাননৰ মূৰ্ত্তি, তাম্ৰপত্ৰ
বুৰঞ্জী
প্ৰতিস্থাপক: স্বৰ্গদেউ শিৱসিংহ

শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় [1] হৈছে অসমবৰপেটা জিলাপাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁওত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ব আৰু গৰিমা বহন কৰি আহিছে। অসমৰ পুৰাতত্ব আৰু ইতিহাস, এই দেৱালয়খনৰ সৈতে গভীৰভাৱে প্ৰযুক্ত আৰু ই অসমৰ এক গৌৰৱময় কীৰ্তিস্তম্ভ।

ভৌগলিক অৱস্থিতি[সম্পাদনা কৰক]

অসমবৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে বজালী মহকুমাৰ অন্তৰ্গত পাঠশালা নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দক্ষিণে ডুবি গাঁওত ২৬ ডিগ্ৰী ২৯ মিনিট (২৬°২৯') উত্তৰ অক্ষাংশ আৰু ৯১ ডিগ্ৰী ৯ মিনিট ৪৫ চেকেণ্ড (৯১°৯'৪৫') পূৱ দ্ৰাঘিমাংশ সংযোগস্থলত এই দেৱালয় অৱস্থিত। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইয়াৰ দূৰত্ব ৪ কিলোমিটাৰ আৰু উত্তৰ পূৱ সীমান্ত ৰেলপথৰ পৰা ইয়াৰ দূৰত্ব ৩ কিলোমিটাৰ। গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব ১০৩ কিলোমিটাৰ পশ্চিমে আৰু বৰপেটা নগৰৰ পৰা ৩৭ কিলোমিটাৰ পূৱত। নিকটৱৰ্তী ৰাষ্ট্ৰ ভূটানৰ নাংলlমৰ পৰা ইয়াৰ দূৰত্ব ৫৩ কিলোমিটাৰ দক্ষিণে।

যাতায়ত[সম্পাদনা কৰক]

নিকটৱৰ্তী বিমানকোঠ গুৱাহাটী। দূৰত্ব ১০৩ কিলোমিটাৰ।
নিকটৱৰ্তী ৰেলষ্টেচন পাঠশালা। দূৰত্ব ৩ কিলোমিটাৰ।
নিকটৱৰ্তী বাছ আস্থান পাঠশালা। দূৰত্ব ৪ কিলোমিটাৰ।

পাঠশালা নগৰৰ পৰা দেৱালয়লৈ ৰিক্সা, অটোৰিক্সা, টেম্প' আদিৰে যাতায়তৰ সুবিধা আছে।

পৰিসৰ[সম্পাদনা কৰক]

বিগ্ৰহৰ অৱস্থিতি[সম্পাদনা কৰক]

পৰিহৰেশ্বৰ দেৱালয়ৰ মূল বিগ্ৰহটো হৈছে শিৱ গোসাঁইৰ। প্ৰায় ২১০ বৰ্গফুট আয়তনৰ গহ্বৰৰ ভিতৰত এচটা শিলৰ ওপৰত সংলগ্ন হৈ বিগ্ৰহটো আছে। ভূপৃষ্ঠৰ পৰা প্ৰায় ১২ ফুটমান তলত এই বিগ্ৰহ অৱস্থিত। লিংগপীঠটো উত্তৰফালে আৰু যোনিপীঠ বা গৌৰীপীঠটো তাৰে তলত অৱস্থিত। শিৱ লিংগত দিয়া পদ্য অৰ্ঘ্য যোনিপীঠেৰে গৈ মন্দিৰ সংলগ্ন কুণ্ডত পৰাৰ ব্যৱস্থা আছে। পূজাৰ সময়ত দিয়া সকলো জলপুষ্প শিলেৰে নিৰ্মিত নলাৰে গৈ উত্তৰ ফালে থকা পুখুৰীত পৰাৰ ব্যৱস্থা আছে।

মঠ আৰু বৰচ'ৰা[সম্পাদনা কৰক]

পৰিহৰেশ্বৰ দেৱালয়ৰ বিগ্ৰহৰ ওপৰত এটি ওখ মঠ বা দ'ল আছে। সেই মঠটো শিৱসাগৰৰ শিৱদ'লৰ আৰ্হিত সজোৱা। ১৯৬২ চনত এই মঠটো আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ হৈছিল ১৯৮০ চনত। এই মঠৰ উচ্চতা ৫৫ ফুট আৰু ব্যাস ২৪ ফুট। ১২ ফুট ব্যাসাৰ্দ্ধৰ প্ৰায় ৭৫।৫ ফুট বৃত্তীয় পৰিসীমাযুক্ত মঠটোৱে ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১৪ ফুট তলত থকা বিগ্ৰহটো আৱৰি আছে। মঠৰ লগতে এটি আহল-বহল বৰচ'ৰা সংলগ্ন হৈ আছে। বৰচ'ৰাটো ডাঙৰ ডাঙৰ শালৰ খুটাৰ ওপৰত টিনৰ চালিৰে সজোৱা। বৰচ'ৰাটোৰ দীঘল ৯০ ফুট আৰু বহল ৪০ ফুট। মন্দিৰৰ পূৱপিনে ভোগ-মণ্ডপ আছে। ইয়াত গোসাঁইৰ ভোগ ৰন্ধা হয়। ভোগ-মণ্ডপৰ উত্তৰপিনে ভোগ-ঘৰ। ইয়াত যাত্ৰীসকলে ভোগ গ্ৰহণ কৰিব পাৰে। ভোগ-মণ্ডপৰ দক্ষিণফালে যাত্ৰীৰ জিৰণী ঘৰ, ভঁড়াল ঘৰ আৰু দেৱালয়ৰ কাৰ্যালয়।

কেতেকীবাৰী[সম্পাদনা কৰক]

পৰিহৰেশ্বৰ দেৱালয়ৰ পিছপিনে প্ৰায় দুবিঘা মাটি জুৰি এখন কেতেকীবাৰী আছে। এই কেতেকীবাৰীৰ লগত এক জনশ্ৰুতি জড়িত হৈ আছে। কোনোবা দেৱদাসীয়ে শিৱৰ আগত নৃত্য প্ৰদৰ্শন কৰোঁতে বাৰে বাৰে তাল ভংগ হৈছিল আৰু খোপা সুলকি পৰিছিল। সেই দেৱদাসীক শিৱই অভিশাপ দিছিল যে তেওঁ মৰ্ত্যত আহি কেতেকী ফুল হৈ ফুলি থাকি দহি দহি আনক সুগন্ধি বিলাই থাকিব। পৰিহৰেশ্বৰ দেৱালয়ৰ এই কেতেকীবাৰীখন অঞ্চলবাসীৰ বাবেও এক গৌৰৱৰ সম্পদ। অতি প্ৰাচীন পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্যৰ নাচনীসমূহে খোপাৰ কেতেকী ফুল গুজি নৃত্য প্ৰদৰ্শন কৰিছিল।


পুষ্পভদ্ৰা নদী[সম্পাদনা কৰক]

খ্ৰীষ্টীয় সপ্তদশ শতিকাত কালদিয়া নদীৰ এটি সুঁতি গোবিন্দপুৰ, বামুনকুছি, ডুবি আদি গাঁওৰ মাজেৰে গৈ পুনৰ উপৰনৈত কালদিয়া নদীৰ লগত মিলিছিলগৈ। বৰ্তমান এই সুঁতি নাই, মৰা সুঁতিৰ ৰূপতহে অ'ত-ত'ত অলপ আছে। ১৮৮৪ চনৰ আগৰ পিয়লৰ নক্সাত এই নদীৰ অৱস্থিতিৰ কথা লিপিৱদ্ধ কৰা আছে। এই সুঁতিটোক পুষ্পভদ্ৰা নামে জনা গৈছিল।


পুৰণি তালগছ[সম্পাদনা কৰক]

পৰিহৰেশ্বৰ দেৱালয়ৰ চৌহদৰ একেবাৰে পশ্চিম ফালে এডাল অতি পুৰণি তালগছ আছে। বজালীৰ জনসাধাৰণৰ মাজত এই তালডালক কেন্দ্ৰ কৰি এটি প্ৰবাদ আছে "হাজোৰ শাল ডুবিৰ তাল যেতিয়া দেখাদেখি হব পুষ্পভদ্ৰা নদী তেতিয়া মুক্তি পাব।" হাজোৰ হয়গ্ৰীব-মাধৱ মন্দিৰত থকা শালগছ আৰু ডুবিৰ এই তালগছ বহুত ওখ বাবে, আৰু ওখ হৈ দেখা দেখি হ'লেই বৰ্তমান মৰি যোৱা পুষ্পভদ্ৰা নদীখন পুনৰ ববলৈ ধৰিব বুলি বজালীবাসীয়ে এই প্ৰবাদমতে বিশ্বাস কৰে।

ঐতিহাসিক পটভূমি[সম্পাদনা কৰক]

ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠ সমূহৰ ভিতৰত প্ৰাচীন, ঐতিহ্যপূৰ্ণ আৰু জাগ্ৰতৰূপে খ্যাত অন্যতম দেৱালয়। ইয়াৰ ঐতিহাসিক পটভূমি অনেক পুৰণি। ইয়াত থকা ভাস্কৰ বৰ্মাতাম্ৰলিপিৰ পৰা এই দেৱালয়ৰ বৈশিষ্ট্য আৰু প্ৰাচীনতাৰ উমান পোৱা যায়। দেৱালয়ৰ মূল মন্দিৰৰ নিৰ্মাণ সামগ্ৰী আৰু আন্তঃগাঁথনিলৈ চাই ইয়াৰ নিৰ্মাণকাল ষষ্ঠ-সপ্তম শতিকাতে নিৰ্মাণ হোৱা বুলি ধাৰণা কৰিব পাৰি। এই মন্দিৰত পূজা-অৰ্চনা কৰা পুৰোহিত সকললৈ কুমাৰ ভাস্কৰ বৰ্মাই ভূমিদান দিয়াৰ কথা তাম্ৰলিপিত পোৱা যায়।[2] অৱশ্যে কিবা কাৰণত মাজতে এই মন্দিৰৰ অস্তিত্ব বিলুপ্ত হৈছিল আৰু ওঠৰশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে ধৰ্মবৰ নামৰ ব্ৰাহ্মণ এজনে কপিলী গাই এজনীয়ে বিৰিণা এজোপাৰ ওপৰত গাখীৰ দান কৰাৰ পম খেদি দেৱালয়ৰ বিগ্ৰহটো আৱিষকাৰ কৰে। আহোম ৰজা শিৱসিংহৰ ৰাজত্ব কালত ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ বিগ্ৰহটো পুনৰুদ্ধাৰ হয় আৰু ৰজা লক্ষমী সিংহৰ দিনত ১৭৭০ খ্ৰীষ্টাব্দত মন্দিৰটি নতুনকৈ সজোৱা হয়। [1]

ডুবি নামৰ উৎপত্তি[সম্পাদনা কৰক]

ডুবি নামৰ উৎপত্তি সম্পৰ্কে দুটা জনশ্ৰুতি আছে। ১/ পৰিহৰেশ্বৰ দেৱালয়ৰ বিগ্ৰহ খোদিত অঞ্চল দুৰ্বলা নামৰ এখন সৰু পাহাৰেৰে আবৃত আছিল। কালক্ৰমত সেই পাহাৰ কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহি যায়। গোটেই অঞ্চলটো ডুবি যোৱা বাবে এই অঞ্চলৰ নাম ডুবি নামেৰে জনাজাত হয়। ২/ ডুবি শব্দৰ আভিধানিক অৰ্থ হ'ল নৈ বা বিলৰ মাজৰ দ-ঠাই। ডুবি গাঁওৰ ওচৰেদি পুষ্পভদ্ৰা নামেৰে এখন নদী বৈ যোৱাৰ চিন পোৱা যায়। জনশ্ৰুতিমতে, ডুবি অঞ্চলটো সেই পুষ্পভদ্ৰা নদীৰে কোনোবা এটুকুৰা দ-ঠাই।

ডুবিৰ তাম্ৰপত্ৰ[সম্পাদনা কৰক]

১৯৫১ চনত ডুবিৰ ওচৰৰ গাড়ীসত্ৰ গাঁৱৰ লোকনাথ শৰ্মাৰ ঘৰৰ ভেঁটি খন্দাৰ সময়ত ছয়খন ফলি উদ্ধাৰ হয়। ছয় নম্বৰ ফলিখন মামৰ ধৰা হেতুকে টুকুৰা টুকুৰ হৈছিল আৰু পিছলৈ হেৰাইছিল। বাকী পাঁচখন ফলি এতিয়াও অসম ৰাজ্যিক সংগ্ৰহালয়ত সংগৃহীত হৈ আছে। এই ফলিসমূহ কামৰূপ ৰজাসকলৰ উদ্ধাৰ হোৱা তাম্ৰপত্ৰসমূহৰ ভিতৰত প্ৰাচীনতম। বৰ্তমানে সংৰক্ষিত এই ফলিসমূহত মুঠতে ৭৬ টা শ্লোক আছে। লিপিখন গদ্য আৰু পদ্য উভয়তে লিখা। কামৰূপ ৰজা ভাস্কৰ বৰ্মাৰ দিনৰ উদ্ধাৰ হোৱা এই ফলিসমূহ ৰজাৰ মোহৰযুক্ত ঘূৰণীয়া হেতা আকৃতিৰ এখন ব্ৰঞ্জৰ পাতৰ লগত এডাল তামৰ তাঁৰেৰে বন্ধা আছিল। মোহৰটোত এটা হাতীৰ মূৰ্তি আৰু এঘাৰ শাৰী আখৰ আছে। ভাস্কৰ বৰ্মাৰ পূৰ্বপুৰুষ নৰকাসুৰ, ভগদত্তৰ পৰা বৰ্মন ৰজাসকলৰ আৰু কেইবাগৰাকী ৰাণীৰো নাম তাত উল্লেখ আছে। লিখিত ভাষা সংস্কৃত আৰু হৰফ উত্তৰ ভাৰতীয় ব্ৰাহ্মী। আটাইকেইখন (৫ খন) ফলিত মুঠ ১১৭ শাৰী আখৰ আছে। আকৃতি দীঘে ৯.৩ ইঞ্চি আৰু পথালীয়ে ৪.৬ ইঞ্চি। অৱশ্যে মামৰ ধৰা অৱস্থাত উদ্ধাৰ হোৱা বাবে ফলিসমূহ অলপ সংকুচিত আছিল। এই পত্ৰসমূহ প্ৰকৃততে এজন ব্ৰাহ্মণক ভূমি দান দিয়াৰ পত্ৰহে। ষষ্ঠ ফলিখন নথকা হেতুকে কাক এই ভূমি দান দিয়া হৈছিল, সেয়া জনা নাযায়। আখৰৰ গঠনমতে এই ফলিসমূহ খ্ৰীষ্টীয় সপ্তম শতিকাৰ বুলি ধাৰণা কৰা হয়। এই তাম্ৰপত্ৰত আৰম্ভণিতে শিৱক প্ৰণাম কৰা হৈছে। এই তাম্ৰপত্ৰত ভাস্কৰ বৰ্মণৰ পূৰ্বপুৰুষ সকলৰ নাম তথা ৰাণী কেইগৰাকীমানৰ নামো উল্লেখ আছে। ইয়াত ৰজাসকলৰ গুণ-গৰিমা আৰু ৰাণীসকলৰ ৰূপ-লাবণ্যৰ বৰ্ণনা কৰা আছে। তাম্ৰপত্ৰত ভাস্কৰ বৰ্মণক সু-প্ৰতিষ্ঠিত বৰ্মণৰ ভ্ৰাতৃ হয় বুলিও উল্লেখ আছে।

পৰিহৰেশ্বৰ দেৱালয়ৰ সম্পৰ্কত অন্য এখন তাম্ৰপত্ৰ আছে। এই তাম্ৰপত্ৰখন আহোম ৰজা শিৱসিংহই দান দিছিল। ১৬৬০ শক বা ১৭৩৮ খীঃত এই তাম্ৰপত্ৰখন শিৱসিংহ ৰজাৰ হকে মন্ত্ৰী তৰুণ দুৱৰা বৰফুকনে কোনোবা এজন দলৈক দিছিল। এই দানপত্ৰত বৰদেউৰী, দলৈ, পাঠক, সুপকাৰ, আঠপৰীয়া, মালীয়া(মালাকৰ), ভড়ালী, ভোগঘৰীয়া, ঢুলীয়া-ডগৰীয়া, কালীয়া, গায়ন-বায়ন, কুমাৰসাৰা (পিয়ন), ঠাকুৰীয়া, মজুমদাৰ আদি ২৮ বিধ পাইকৰ কথা উল্লেখ আছে। এই তাম্ৰপত্ৰৰ আকৃতি দীঘে ৩৩ ছেঃমিঃ আৰু বহলে ১৬ ছেঃমিঃ। ফলিখনৰ প্ৰথম ছৰশাৰীৰ ভাষা সংস্কৃত আৰু বাকী তিনিটা স্তম্ভত থকা মুঠ ৭২ শাৰীৰ ভাষা অসমীয়া। আটাইবোৰ কথাই অসমীয়া ভাষাত লিখা। ফলিখনৰ প্ৰথম স্তম্ভত ২৩ শাৰী, দ্বিতীয় স্তম্ভত ২৩ শাৰী আৰু তৃতীয় বা শেষ স্তম্ভত ২৬ শাৰী আখৰ আছে। এই তাম্ৰপত্ৰমতে ৰজাই মুঠতে ৩৫৯ পূৰা মাটি দেৱালয়ৰ নামত দান দিয়ে। এই মাটি ডুবিত ১১৯ পূৰা, হিৰমল সোণকহাত ৮ পূৰা, বাসুদেৱ গুণৰিত ১২ পূৰা, বামুনকুছি আৰু কটহকুছিত ১১০ পূৰা, তিতকা চতুৰ্ভূজত ৩৪ পূৰা, দেৱৰ গোবিন্দপুৰত ৩৭ পূৰা আৰু ঔকুছিত ২১ পূৰা আছে। এই সকলোখিনিৰ ভিতৰত ১৩০ পূৰা খাজনামুক্ত আৰু বাকীখিনিত পূৰাত বছৰি চাৰি অনাকৈ খাজনাযুক্ত।


পৰিহৰেশ্বৰত দেৱদাসী[সম্পাদনা কৰক]

শ্ৰীশ্ৰী পৰিহৰেশ্বৰ দেৱালয়ৰ পাইক প্ৰথা অনুসৰি স্বৰ্গদেউ শিৱসিংহৰ দিনৰে পৰা এই দেৱালয়ত তিনি প্ৰহৰে দেৱদাসী নৃত্য প্ৰদৰ্শন কৰা হৈছিল। অৱশ্যে এই পূৰ্বৰে পৰা চলি অহা জনপ্ৰবাদ মতে, ডুবি দেৱালয়ত দেৱদাসী নৃত্য এই সময়ছোৱাৰ বহু আগৰেপৰা প্ৰচলিত হৈ আছিল। ডুবিত দেৱদাসী নৃত্যৰ প্ৰচলন কৰাবলৈ কনৌজৰ পৰা ব্ৰাহ্মণ বা পূজাৰী, হাজোৰ পৰা মালাকৰ আৰু দেৰগাঁও নেঘেৰিটিঙৰ পৰা গায়ন-বায়ন আৰু দেৱদাসী অনা হৈছিল। প্ৰতিদিনে মন্দিৰত নৃত্য আৰম্ভ হোৱাৰ আগতে দবাত কোব দিয়া হৈছিল। ৰাতিপুৱা বজোৱা দবাৰ শব্দক বাহিদবা, মধ্যাহ্ণ পৰত বজোৱা দবাক হাউ দবা আৰু সন্ধিয়া আৰতিৰ পৰত বজোৱা দবাক আৰতি দবা বুলি কোৱা হৈছিল। বাহিদবাৰ কোব শুনিলেই দেৱদাসীসকল পুখুৰীত গা-ধুবলৈ নামিছিল। গা-ধুই আহি সাজ-পোছাক, আ-অলংকাৰ পিন্ধি আহি মন্দিৰৰ সন্মুখত উপস্থিত হৈছিলহি। পূজাৰীয়ে মন্দিৰত পূজা আৰম্ভ কৰাৰ লগে লগে দেৱদাসীসকলে উপাস্য দেৱতাক স্তুতি কৰিছিল আৰু পূজা শেষ হোৱাৰ লগে লগে গায়ন-বায়নৰ বাজনাত দেৱদাসীসকলে নৃত্য আৰম্ভ কৰিছিল। খোলৰ বাজনা অনুসাৰে নাচৰ মুদ্ৰা প্ৰয়োগ কৰি নাচনীসকলে নাচিছিল। দুলিয়ান দিয়া, ওলোটাখৰ দিয়া আদি ভিন্ন ভংগীৰে শিৱৰ সন্তূষ্টিৰ বাবে অংগৰে পূজা কৰি নৰ্তকীসকল ভাগৰি পৰে আৰু প্ৰভূৰ চৰণত পৰি বন্দনা কৰে। এইদৰে তিনিও ক্ষণতে দেৱদাসীসকলে নৃত্য কৰিছিল। অৱশ্যে কোনো অজ্ঞাত কাৰণত পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্য বন্ধ হৈ যায়।

বৰ্তমান সময়ত পৰিহৰেশ্বৰ দেৱালয়ত প্ৰচলিত দেৱদাসী নৃত্যৰ ২২ টা নৃত্যৰ ভংগীমা আৰু ১২ টা তালৰ বোল পুনৰুদ্ধাৰ কৰিব পৰা গৈছে।

দেৱদাসী নৃত্য পৰিৱেশিত কলাৰ ভিতৰত অন্যতম। এই কলা শিৱসাধনাৰ বাবে পৰিৱেশন কৰা হৈছিল। প্ৰাচীন কালত এই নৃত্য মন্দিৰ নৃত্য ৰূপেহে খ্যাত আছিল। বৰ্তমান অসমত পৰিৱেশিত দেৱদাসী নৃত্যৰ আৰ্হি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্যৰ আলমতেই প্ৰাণ পাই উঠা।


জনশ্ৰুতি[সম্পাদনা কৰক]

বিগ্ৰহৰ আৱিষ্কাৰ[সম্পাদনা কৰক]

বৰ্তমানে মন্দিৰ থকা ঠাইৰ ওচৰৰে কোনো এখন গাঁওৰ (ডুবি অথবা কটহকুছি) ধৰ্মবৰ নামেৰে এজন ব্ৰাহ্মণে বাস কৰিছিল। সেই ব্ৰাহ্মণৰ এজনী কজলা কপিলী গাই আছিল। ঘৰত খীৰাবলৈ নিদিয়া গাইজনীয়ে সদায় গৈ পুষ্পভদ্ৰা নদীৰ পাৰত নল-খাগৰী বিৰিণাৰে ভৰি থকা নিৰ্দিষ্ট জাৰণি এডৰাত গাখীৰ দিয়েগৈ। এই কথা ধৰ্মবৰে গম পাই জাৰণিডৰাত কি আছে জানিবলৈ যেতিয়া খান্দিলে, তাত এডোখৰ শিল দেখা পালে। ইতিমধ্যে শিলডোখৰ কোৰ ঘাপ লাগি এডোখৰ কটা গৈছিলেই। শিলডোখৰ দেখি ধৰ্মবৰ ভয় খাই গুছি আহিল আৰু গাঁওৰ ৰাইজক কথাটো ক'লেগৈ। গাঁওৰ ৰাইজেও বহু চেষ্টা কৰিও শিলচটা উলিয়াব নোৱাৰিলে। বৰং, যিমানেই চেষ্টা কৰিলে, শিলচটা তললৈহে গ'ল। অৱশেষত বিফল হৈ সকলো ঘূৰি আহিল যদিও ধৰ্মবৰে সপোন দেখিলে যে ভগৱান শিৱই তেওঁক শিলচটা থকা ঠাইত এটি মন্দিৰ সজাবলৈ আদেশ দিছে। লগতে এই মন্দিৰ সজালে সকলোৰে মঙ্গল হব বুলিও আশ্বাস দিলে। এয়ে মন্দিৰৰ বিগ্ৰহৰ আৱিষ্কাৰৰ কাহিনী।

পৰিহৰেশ্বৰ দেৱালয়ৰ সৃষ্টি[সম্পাদনা কৰক]

ভাৰতবৰ্ষৰ সকলো ঠাইতে থকা শক্তিপীঠ আৰু শিৱধাম সমূহৰ প্ৰতিষ্ঠাৰ একো-একোটা পৌৰাণিক কাহিনী বা জনশ্ৰুতি আছে। সতীৰ দেহত্যাগৰ পিছত শিৱই সতীৰ শৰীৰ কান্ধত তুলি যেতিয়া ঘূৰি ফুৰিছিল, তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহটো কাটি কাটি মাটিত পেলাইছিল। সতীৰ দেহৰ অংগ পৰা সেই ঠাইসমূহত শক্তিপীঠ আৰু শিৱই জিৰোৱা ঠাইসমূহত শৱধাম গঢ়ি উঠিছিল। ডুবিৰ দুৰ্বলা গিৰিত শৱই জিৰাইছিল বাবে পৰিহৰেশ্বৰ দেৱালয় গঢ়ি উঠিছিল বুলি জনশ্ৰুতি আছে।

পাইক প্ৰথা[সম্পাদনা কৰক]

পৰিহৰেশ্বৰ দেৱালয়লৈ স্বৰ্গদেউ শিৱসিংহৰ ৰজত্বকালত মন্ত্ৰী তৰুণ দুৱৰা বৰফুকনে দান কৰা তাম্ৰপত্ৰত ২৮ বিধ পাইকৰ কথা উল্লেখ আছে যদিও বাস্তৱত এই পাইকসমূহৰ কৰ্ম প্ৰযোজ্য হোৱা নাছিল। ডুবি দেৱালয়ত প্ৰচলিত পাইক বা পদবীসমূহ হ'ল-

ব্ৰাহ্মণৰ ফৈদ দুটা। বৰদেউৰী আৰু সু-পকাৰ।
বৰদেউৰীআছিল চাৰিজন। এওঁলোক আছিল মন্দিৰৰ সৰ্বেসৰ্বা। বংশানুক্ৰমে এওঁলোকে মন্দিৰৰ মূল পূজাৰী হিচাপে সেৱা আগবঢ়াই আহিছিল।
সু-পকাৰহৈছে মন্দিৰৰ বিগ্ৰহৰ নামত অৰ্পিত ভোগ ৰান্ধনিসকল।
দলৈয়ে মন্দিৰৰ মাটিবাৰীৰ তত্বৱধান কৰিছিল। মাটিৰ খাজনা দিয়া, ভোগ আদি আদায় কৰি পূজা-পাৰ্বন পৰিচালনা কৰাৰ দায়িত্বও আছিল দলৈৰ ওপৰতে। দেৱালয়ৰ মুখ্য পৰিচালক হ'ল দলৈ। দলৈক নিৰ্বাচিত কৰা হয় দৰদেউৰী ফৈদৰ পৰা।
আঠপৰীয়াহৈছে দেৱালয়ত পূজা সেৱা বা অন্যান্য কামত দিন-ৰাতিৰ আঠ প্ৰহৰৰ এক প্ৰহৰ খটা মানুহ। তিনি ঘণ্টাক এক প্ৰহৰ বুলি ধৰা হয়।
ভঁৰালীমন্দিৰৰ উৎসৱ পাৰ্বনৰ বাবে ভোগৰ সামগ্ৰী ভগধনী মাটি দখলকাৰী প্ৰজাৰ পৰা আদায় কৰি আনি জমা ৰখা বা দেৱালয়লৈ দান দিয়া বয়-বস্তুবোৰ জমা ৰখা পাইক।
মলীয়া বা মালাকৰমন্দিৰৰ পূজা দেৱাৰ বাবে নিতৌ প্ৰয়োজনীয় ফুল আৰু মালাৰ যোগান ধৰা পাইক।
গায়ন-বায়নমন্দিৰত প্ৰচলিত দেৱদাসী নৃত্যৰ গীতৰ লগতে বাদ্য সংগত কৰা লোকসকল হৈছে গায়ন-বায়ন। এওঁলোকক নট বুলিও জনা যায়। আহোম ৰজাসকলে এওঁলোকক উচ্চ জাতৰ শূদ্ৰ (নট-কলিতা) হিচাপে গণ্য কৰিছিল। এওঁলোকৰ মাজৰ কিছুমান কুমাৰী ছোৱালীক দেৱদাসী হিচাপে নিয়োগ কৰিছিল।
সাৰাভঁৰালীয়ে যিসকল লোকক চৌকিদাৰৰ লেখীয়াকৈ দেৱালয়ৰ কামৰ বাবে খটুৱাইছিল, তেওঁলোকেই সাৰা।
ঠাকুৰীয়া মন্দিৰত দৈনন্দিন পূজা-সেৱাত অৰ্পিত বা পৰ্ব বিশেষে অৰ্পিত ভোগ-প্ৰসাদ আদি বিতৰণ কৰা ব্যক্তিসকল হৈছে ঠাকুৰীয়া। এওঁলোকে দেৱালয়লৈ দিবলগীয়া কৰ বা খাজনা আদি আদায় কৰা কামতো দলৈক সহায় কৰিছিল।
চিকদাৰএওঁলোক দলৈৰ সহায়কাৰী বিষয়া।

উৎসৱ-পাৰ্বণ[সম্পাদনা কৰক]

পৰিহৰেশ্বৰ দেৱালয়ত দৈনন্দিনভাৱে শিৱ পূজা আৰু দুৰ্গা পূজা আৰু বিষ্ণু পূজা বেলেগে বেলেগে কৰা হয়। দুৰ্গাপূজাৰ সময়ত ইয়াত বলি দিয়াৰ প্ৰথাও আছে। ইয়াত এক বিশেষ ধৰণৰ বলি অৰ্ধৰাত্ৰিৰ বলি দিয়াৰ প্ৰথা আছে। দেৱালয়ত ভোগ দিয়াৰ ব্যৱস্থাও আছে। বিষ্ণুপূজাৰ বাবে নিৰামিষ আৰু শিৱ আৰু দুৰ্গাপূজাৰ বাবে আমিষ ভোগ দিয়াৰ ব্যৱস্থা আছে। উক্ত তিনি পূজাৰ উপৰিও ডুবি দেৱালয়ত দৌলযাত্ৰা, জন্মাষ্টমী, পূৰ্ণিমা তিথি, বিহু উৎসৱ, লক্ষ্মীপূজা আদিও পালন কৰা হয়। মাঘ মাহত এই দেৱালয়ত ডাঙৰ মেলা বহে। ব'হাগ মাহত দেৱালয়ত পাৰসুঁৱেৰী উৎসৱ পালন কৰা হয়। বছৰৰ প্ৰায় সকলো সময়তে এই দেৱালয়লৈ ভক্তৰ সমাগম দেখা যায়।

পৰিচালনা পদ্ধতি[সম্পাদনা কৰক]

পৰিহৰেশ্বৰ দেৱালয়ত পূৰ্ব-প্ৰচলিত ৰজাদিনীয়া ভূমি নীতিৰ ব্যৱস্থা স্বাধীনতাৰ পূৰ্বোত্তৰ কালত সলনি হয়। ১৯৬০ চনৰে পৰা চৰকাৰী নীতি-নিৰ্দেশনাৰে গঠিত এখন পৰিচালনা সমিতিয়ে দেৱালয়ৰ কাম-কাজ পৰিচালনা কৰে। এই সমিতিৰ গঠনৰ ফলত পূৰ্বৰ পাইক প্ৰথাৰ অৱসান ঘটে। পৰিচালনা সমিতিৰ উপৰিও দেৱালয়ৰ পূজাৰ বাবে এজন স্থায়ী পুৰোহিত, পূজাৰ যা-যোগাৰ, আলপৈচান ধৰাৰ বাবে এজন আঠপৰীয়া আছে। পৰিচালনা সমিতিৰ তৰফৰ পৰা এই সকলক বেতন দিয়াৰ ব্যৱস্থা আছে।


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 টিকেন্দ্ৰনাথ কলিতা (১২ ডিচেম্বৰ ২০০৮). শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান. 
  2. আদ্য শৰ্মা. শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান. pp. অভিমত.