ৰামখাপীঠ দেওশাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰামখাপীঠ দেৱালয়
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা শিৱসাগৰ জিলা
এলেকা দেওঘৰীয়া, দিখৌমুখ
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী কামাখ্যা/তাম্ৰেশ্বৰী/ৰামখা

ৰামখাপীঠ দেৱালয় বা দেওশাল শিৱসাগৰ জিলাৰ দিখৌমুখৰ দেওঘৰীয়াস্থিত এখন প্ৰাচীন ক্ষেত্ৰ৷ জনশ্ৰুতি মতে কালিকা পুৰাণ, দেৱী পুৰাণ আদিত উল্লেখ কৰা সতীৰ শৱদেহ খণ্ড-খণ্ড কৰাৰ ফলত এই শৱদেহৰ ৫১ টা খণ্ড ভাৰতৰ ৫১ খন ঠাইত পৰি যিসমূহ শক্তিপীঠৰ সৃষ্টি হৈছিল তাৰে এখন হ’ল ৰামখাপীঠ৷ পিছে পুৰাণত উল্লেখ কৰা ৫১ খন শক্তিপীঠত ৰামখাপীঠৰ কোনো উল্লেখ নাই৷ কিন্তু বিশ্বনাৰায়ণ শাস্ত্ৰী দেৱৰ “কালিকা পুৰাণ আৰু প্ৰাচীন অসম” নামৰ প্ৰৱন্ধত উল্লেখ কৰামতে দেৱীৰ দিক্কৰ বাসিনীৰ পীঠস্থলেই হ”ল ৰামখা পীঠ৷ আন এক তথ্যমতে “ভাটিৰ কামাখ্যা, উজানৰ তাম্ৰেশ্বৰী আৰু মাজৰ ৰামখা একেজনাই দেৱী”৷ সঠিকভাৱে ঐতিহাসিক সমল নোহোৱাৰ বাবেই এই কথা প্ৰমাণ কৰিবলৈ অসুবিধা আছে যে এইখন আচলতে সেই ৫১খন শক্তিপীঠৰ মাজৰে এখন হয়নে নহয়৷

ইতিহাস[সম্পাদনা কৰক]

ৰামখা দেওশালখন আহোমসকল অসমলৈ অহাৰ আগৰেপৰা আছে৷ ১১৯০ শকত ৰজা হৈয়েই আহোম স্বৰ্গদেও চুতেওফা এই স্থানত ফুৰিবলৈ আহি এই দেওশালৰ আধ্যাত্মিকতা উপলব্ধি কৰি বৰ দেউৰী, সৰু দেউৰী, দেওঘৰীয়া, আঠপৰীয়া, তেলী, মালি, নাপিত, কমাৰ, বলিকটীয়া, বাৰিচোৱা, বেলিচোৱা, চাউলকৰা মানীতোলা ইত্যাদিবোৰ পদবীৰে দেওশালৰ ওচৰৰ মানুহখিনিক লৈ পূজা-অৰ্চনাৰ কাম পুণৰ আৰম্ভ কৰে (নাওবৈচা ফুকনৰ বুৰঞ্জী)৷ আহোমসকল অসমলৈ অহাৰ বহু আগৰেপৰা ভালেসংখ্যক দেওশাল অসমত আছিল৷ তাম্ৰেশ্বৰী, বৰগঞা, টেঙ্গাপনীয়া, দোৱন্ধিয়া ইত্যাদিসমুহ এনে দেওশালৰ উদাহৰণ৷

বহুতৰ মতে এই ৰামখা দেওশাল কছাৰী, চুতীয়া আৰু বৰাহীসকলৰ দিনতে স্থাপন হোৱা৷ তাৰ পাছৰ বুৰঞ্জীমতে কেইশমান বছৰৰ পাছত দিখৌ নৈয়ে সেই দেওশাল খহাই জলগৰ্ভলৈ সোমোৱাই লৈ যায় যদিও স্বৰ্গদেউ লক্ষীসিংহৰ দিনত এই পীঠস্থান পুনৰ উদ্ধাৰ হয়৷ সেই বৰ্ণনা অনুযায়ী এদিন স্বৰ্গদেও লক্ষীসিংহই ৰংপুৰৰ কাৰেঙৰ পৰা ৰূপহীজানেদি দিখৌ নদী হৈ ব্ৰহ্মপূত্ৰ লৈ বুলি গৈছিল৷ কথিত আছে যে যি ঠাইত ৰামখা দেওশালখন জলগৰ্ভত আছিল সেই ঠাইৰপৰা ৰজাঘৰীয়া নাওবোৰ আগপিচ নোহোৱা হ’ল আৰু নাওবৈচাসকলৰ মাজত হাহাকাৰ লাগিল৷ সেইদিনা ৰাতি স্বৰ্গদেৱে সপোনত দেখিলে যে দিখৌৰ গৰ্ভত দেৱীৰ জাগ্ৰত বিগ্ৰহ আছে৷ পাছদিনা স্বৰ্গদেৱে পূজা-বলিবিধান উচৰ্গা কৰি দেৱীৰ বিগ্ৰহ উদ্ধাৰ কৰি নতুন মন্দিৰ এটা সজাৰ মানস কৰাত নাও লৰিল৷ জলগৰ্ভৰ সমলবোৰ উদ্ধাৰ কৰি এই ঠাইৰ ওচৰতে ৰজাই নতুনকৈ দেওশালখন প্ৰতিস্থা কৰি ১০ পুৰা মাটি নিস্কৰ কৰি দিয়ে৷ পিছে মোৱামৰা মৰাণৰ বিদ্ৰোহৰ সময়ত এই দেওশালখনৰ ভালেখিনি আচবাব নষ্ট হয় আৰু ইয়াৰ সকলোবোৰ ধন-সোণ মোৱামৰীয়াসকলে লুটি লৈ যায়৷ তাৰ পাছতো যি কিছু সম্পদ থাকি গ’ল সেইখিনি মানৰ আক্ৰমণৰ সময়ত ধ্বংস হ’ল৷ কিছুদিনৰ পাছতে এই দেওশালকে ধৰি এটা বৃহৎ এলেকা পুণৰ দিখৌৱে সামৰি লয়৷

পূজা-অৰ্চনা[সম্পাদনা কৰক]

এতিয়ালৈকে যিখিনি সম্পত্তি উদ্ধাৰ কৰা হ’ল সেইখিনিৰেই নতুনকৈ সজা মন্দিৰত ৰাইজে পূজা অৰ্চনা কৰি আছে৷ এইসমুহৰ ভিতৰত ১০ ফুটৰ এক শিলৰ গহ্বৰ য’ত দেৱীৰ পীঠ (জনস্ৰোতি মতে কঁকাল অংশ) আৰু শিৱলিঙ্গ আছে৷ ডেৰ-দুফুট উচ্চতাৰ বিষ্ণু, লক্ষী আৰু সৰস্বতীৰ তিনিটা মুৰ্তিও ইয়াত আছে৷ ইয়াৰ উপৰিও এতিয়ালৈকে উদ্ধাৰ হৈছে এটা তিনিফুট ওখ শিলৰ কলচী, শিলৰ খুটা আৰু ৪ খন বলি কটা দা৷ ইয়াৰোপৰি দা ধৰোৱা শিল, গণেশৰ মূৰ্তি থকা খুটা ইত্যাদিবোৰো শেহতীয়াকৈ উদ্ধাৰ হৈছে৷

ৰামখা দেৱালয়খন এতিয়াও সকলোৱে জাগ্ৰত বুলিয়েই অভিহিত কৰে আৰু অশোকাষ্টমী, দুৰ্গাষ্টমী, শিৱৰাত্ৰি ইত্যাদিসমূহত যোৱা আঢ়ৈশ বছৰৰো অধিক কাল হাজাৰ হাজাৰ ভক্তই পূজা অৰ্চনা নিয়মিতভাৱে কৰি আছে৷

প্ৰসংগ পুথি[সম্পাদনা কৰক]

  1. ত্ৰিবেণী সঙ্গম (প্ৰবীন চন্দ্ৰ দত্ত)
  2. দিখৌমুখ- প্ৰাচীন আৰু অৰ্বাচীনৰ অৱতৰণিকা (ড০ সৰ্বেশ্বৰ ৰাজগুৰু) আৰু
  3. বিষয় সন্দৰ্ভত প্ৰকাশিত কিছু প্ৰবন্ধ-পাতি৷