বৰাহী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বৰাহী
Varahi on tiger.jpg
বাঘৰ ওপৰত বহি থকা অৱস্থাত বৰাহী। বৰাহীৰ বৰাহ ৰূপী মুখ আৰু তেওঁ দশভূজা।
দেৱনাগৰী वाराही
সম্পৰ্ক মাতৃকা, দেৱী
নিবাস কিৰি চক্ৰ
অস্ত্ৰ হাল আৰু মুষল
সঙ্গী বৰাহ
আসন/বাহন বনৰীয়া ম'হ

বৰাহী (সংস্কৃত: वराही)[note 1] হিন্দু ধৰ্মৰ 'মাতৃকা'(সাতগৰাকী মাতৃ দেৱীৰ এটা গোট) সকলৰ এগৰাকী অন্যতম দেৱী। এটা বৰাহৰ মুৰৰ সৈতে, বৰাহী হৈছে বৰাহ (বিষ্ণু দেৱতাৰ অৱতাৰ)ৰ নাৰী শক্তি। নেপালত, দেৱীক বৰাহী বুলি কোৱা হয়। দেৱী বৰাহীক হিন্দু সকলৰ তিনিটা পন্থাই পূজা কৰে: শৈৱ পন্থা (শিৱৰ ভক্ত), বৈষ্ণৱ পন্থা (বিষ্ণুৰ ভক্ত), আৰু বিশেষকৈ শক্তি পন্থা (দেৱী উপাসনা)। দেৱী বৰাহীক সাধাৰণতে ভমমাৰ্গ তান্ত্ৰিক অনুশীলনৰে গোপনীয় ভাৱে ৰাতি পূজা কৰা হয়। বৌদ্ধ দেৱী বজ্ৰবৰাহী আৰু মাৰিচীৰ উৎপত্তি হিন্দু দেৱী বৰাহীৰ পৰা হৈছে বুলি কোৱা হয়।

চিত্ৰায়ন[সম্পাদনা কৰক]

পূৱ বিহাৰৰ ১০০০-১১০০ খ্ৰীষ্টাব্দৰ বৰাহী মূৰ্ত্তি। বৰ্তমান এছিয়ান আৰ্ট মিউজিয়াম অফ চান ফ্ৰান্সিকোত সংৰক্ষিত।
চাৰিখন হাতেৰে দেৱী বৰাহীৰ মূৰ্ত্তি। উৰিষ্যাৰ ৰাজ্যিক সংগ্ৰাহালয়ত সংৰক্ষিত।

বৰাহীৰ চিত্ৰায়ন মৎস্য পুৰাণ আৰু পূৰ্ব-কৰ্ণগাম আৰু ৰূপমণ্ডনাৰ দৰে আগমত বৰ্ণনা কৰা হৈছে। [1] তান্ত্ৰিক পাঠ বৰাহী তন্ত্ৰত উল্লেখ কৰা হৈছে যে বৰাহীৰ পাঁচটা ভিন্ন স্বৰূপ আছে: স্বপ্না বৰাহী, চন্দা বৰাহী, মাহী বৰাহী (ভৈৰৱী), ক্ৰক্কা বৰাহী আৰু মৎস্য বৰাহী।[2][3] দেৱতাৰ শক্তি হিচাপে মাত্ৰিকাসকলক ৰূপ, অলংকাৰ আৰু বাহন ৰূপত স্বৰ্গীয় দেৱতাসকলৰ সৈতে সাদৃশ্য থকা বুলি বৰ্ণনা কৰা হয়, কিন্তু বৰাহী কেৱল বৰাহৰ দৰে মুখৰহে উত্তৰাধিকাৰী।[4]বৰাহীক সাধাৰণতে ধুমুহাৰ ডাৱৰৰ দৰে ক'লা বৰণৰ মানৱ শৰীৰত তাইৰ বৈশিষ্ট্যপূৰ্ণ বৰাহ ৰূপী মুখৰ সৈতে দেখুওৱা হয়। [5] কোনো কোনো প্ৰতিকৃতিত, দেৱীয়ে পৃথিৱীখনক বৰাহৰ দৰে তেওঁৰ দাঁতত ধৰি ৰখা বুলি চিত্ৰিত কৰা।[4] তেওঁ কৰণ্ড মুকুট পিন্ধে, এই মুকুট শঙ্কু বাস্কেট আকৃতিৰ।[6][5][1] বৰাহীক প্ৰায়ে থিয় হৈ থকা, বহি থকা বা নৃত্যৰতা অৱস্থাত দেখুওৱা হয়। [7] বৰাহীৰ উদৰ অংশ ডাঙৰ আৰু সম্পূৰ্ণ মুক্ত স্তনৰ সৈতে দেখুওৱা হয়, আনহাতে চামুণ্ডাৰ বাহিৰে আন সকলো মাত্ৰিকাক ক্ষীণ আৰু আকৰ্ষণীয় ৰূপত দেখুওৱা হয়। [4][8] এক বিশ্বাসে অনুসৰি যিহেতু বৰাহীক বিষ্ণুৰ যোগনিদ্ৰৰ সৈতে চিনাক্ত কৰা হয়, যি বিশ্বব্ৰহ্মাণ্ডক তেওঁৰ গৰ্ভত ৰাখে (ভুগৰ্ভ পৰমেশ্বৰী জগধাত্ৰী) সেয়ে তেওঁৰ উদৰ অংশ ডাঙৰকৈ দেখুওৱা উচিত। [2][7] আন এক তত্ত্ব অনুসৰি তেওঁৰ ডাঙৰ পেটটোৱে "মাতৃত্বৰ দিশ"টোক প্ৰতিফলিত কৰে, আৰু ডনাল্ডছনে এই স্বৰূপটোক "কৌতূহলী" বুলি বৰ্ণনা কৰিছে। কিয়নো বৰাহী আৰু চামুণ্ডাই ঐশ্বৰিক মাতৃৰ ভয়ানক দিশটোৰ "সৰ্বশ্ৰেষ্ঠ উদাহৰণ।" [4] এটা উল্লেখযোগ্য ব্যতিক্ৰম হ'ল ষষ্ঠ শতিকাৰ ৰামেশ্বৰ গুহা (গুহা ২১), ইলোৰা গুহাসমূহৰ এক অংশ। ইয়াত বৰাহীক মানৱ মুখৰ আৰু ক্ষীণ হিচাপে চিত্ৰিত কৰা আছে। দেৱীক ইয়াত সাতগৰাকী মাত্ৰিকাৰ গোটৰ অংশ হিচাপে দেখুওৱা হৈছে। [9] দেৱীৰ কমালত তৃতীয় চকু আৰু/বা অৰ্ধচন্দ্ৰ আছে। [6][2]

আখ্যান[সম্পাদনা কৰক]

মাৰ্কণ্ডেয় পুৰাণৰ দেৱী মাহাত্ম্যৰ শুম্ভ-নিশুম্ভ কাহিনী অনুসৰি, মাতৃকা সকল দেৱতাৰ শৰীৰৰ পৰা সৃষ্টি হোৱা নাৰী শক্তি। শাস্ত্ৰত কোৱা হৈছে যে বৰাহী বৰাহৰ পৰা সৃষ্টি হৈছিল। তেওঁৰ ৰূপ বৰাহৰ দৰে। দেৱীয়ে চক্ৰ আৰু তৰোৱালেৰে যুদ্ধত অৱতীৰ্ণ হয়। [10][6] শাস্ত্ৰত বৰ্ণনা কৰা যুদ্ধৰ পিছত, মাত্ৰিকাসকলে নৃত্য কৰে আৰু তেওঁলোকে বধ কৰে অসুৰৰ তেজ পান কৰে। [11]

ৰক্তবীজৰ বিৰুদ্ধে দেৱী দুৰ্গাই অষ্ট মাতৃকাক নেতৃত্ব দিছে। ৰঙা বৰণৰ দেৱী বৰাহীয়ে চিত্ৰত এটা ম'হত উঠি যুদ্ধ কৰিছে

ৰাক্ষস ৰক্তবীজৰ হত্যাৰ সৈতে সম্পৰ্কিত দেৱী মাহাত্ম্যৰ এটা খণ্ড অনুসৰি, যোদ্ধা-দেৱী দুৰ্গাই নিজ শৰীৰ পৰা মাত্ৰিকা সকলক সৃষ্টি কৰে আৰু তেওঁলোকৰ সহায়ত ৰাক্ষস সৈন্যক হত্যা কৰে। যেতিয়া ৰাক্ষস শুম্ভই দুৰ্গাক একক যুঁজৰ বাবে প্ৰত্যাহ্বান জনাইছিল, সেইসময়ত দুৰ্গাই মাত্ৰিকাসকলক নিজ শৰীৰৰে একত্ৰিত কৰে।[12] বামন পুৰাণৰ মতে মাত্ৰিকাসকল ঐশ্বৰিক মাতৃ চন্দিকাৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ভৱ হৈছে; বৰাহী চান্দিকাৰ পিঠিৰ পৰা সৃষ্টি হোৱা।[6][13]

মাৰ্কেণ্ডেয় পুৰাণে বৰাহীক বৰদান প্ৰদানকাৰী আৰু উত্তৰ দিশৰ শাসক হিচাপে উল্লেখ কৰিছে। একেটা পুৰাণৰ আন এটা উদাহৰণত, দেৱীৰ বাহন ম'হ বুলি বৰ্ণনা কৰা হৈছে।[14] দেৱী ভাগৱত পুৰাণৰ বৰ্ণনা অনুসৰি বৰাহী সহ আন মাত্ৰিকাসকলক সৰ্বোচ্চ মাতৃ দুৰ্গাই সৃষ্টি কৰিছে। মাতৃয়ে দেৱতাসকলক প্ৰতিশ্ৰুতি দিছিল যে প্ৰয়োজন হ'লে মাত্ৰিকাসকলে ৰাক্ষসৰ সৈতে যুঁজিব। ৰক্তবিজ খণ্ডত, বৰাহীক বৰাহ ৰূপী বুলি বৰ্ণনা কৰা হৈছে, প্ৰেত (মৃতদেহ)ৰ ওপৰত বহি থকা অৱস্থাত দেৱীয়ে দাঁতৰ সৈতে ৰাক্ষসৰ সৈতে যুঁজ দিয়া বুলি বৰ্ণনা কৰা হৈছে। [15]

বৰাহ পুৰাণত ৰক্তবিজৰ কাহিনী পুনঃ বৰ্ণিত হৈছে। ইয়াত প্ৰতিগৰাকী মাত্ৰিকা আন এগৰাকী মাত্ৰিকাৰ শৰীৰৰ পৰা সৃষ্টি হোৱা বুলি উল্লেখ আছে। বিষ্ণুৰ শক্তি বৈষ্ণৱীৰ ভংগীমাৰে বৰাহী শেষনাগৰ ওপৰত বিৰাজমান।[5] এই পুৰাণৰ বৰ্ণনা অনুসৰি দেৱী বৰাহীয়ে মানুহৰ ঈৰ্ষা (অসূয়া) দোষক প্ৰতিনিধিত্ব কৰে। [16][2]

মৎস্য পুৰাণ অনুসৰি বৰাহীৰ উৎপত্তিৰ কাহিনীটো কিছু পৃথক। বৰাহী, আন মাত্ৰিকাসকলৰ সৈতে, শিৱই তেওঁক ৰাক্ষস অন্ধকাসুৰাক হত্যা কৰাত সহায় কৰিবলৈ সৃষ্টি কৰিছিল, যাৰ ৰক্তবিজাৰ দৰে - তেওঁৰ ক্ষৰণ হোৱা তেজৰ পৰা পুনৰ সৃষ্টি হোৱাৰ ক্ষমতা আছিল। [5]

বৌদ্ধ ধৰ্মত[সম্পাদনা কৰক]

বজ্ৰবৰাহী

বৌদ্ধ দেৱী বজ্ৰযোগীনিৰ ৰূপ বজ্ৰবৰাহী (বৌদ্ধ বৰাহী) হিন্দু বৰাহীৰ পৰা উদ্ভৱ হৈছিল বুলি কোৱা হয়। বজ্ৰবৰাহীক বৌদ্ধ ধৰ্মত বৰাহী বুলিও জনা যায়। বজ্ৰবৰাহী বৰাহীৰ ভয়ংকৰ চৰিত্ৰ আৰু ক্ৰোধৰ গৰাকী। শত্ৰুক ধ্বংস কৰিবলৈ দুয়োগৰাকী দেৱীকে আহ্বান জনোৱা হয়। এলিজাবেথ ইংলিছৰ মতে, যোগতন্ত্ৰৰ জৰিয়তে বৌদ্ধ ধৰ্মত বৰাহীৰ প্ৰৱেশ ঘটে। সৰ্বাতথাগততত্ত্বসমগৰহত, বৰাহীক প্ৰথমতে নৰকত অৱস্থিত শৈৱ সৰ্বমাত্ৰ ("সকলো মাতৃ") বুলি বৰ্ণনা কৰা হৈছে, যাক বজ্ৰপাণিৰ দ্বাৰা বৌদ্ধ মণ্ডললৈ ৰূপান্তৰিত কৰা হয়, বজ্ৰমুখী ("বজ্ৰ-মুখ")। বৰাহীয়ে হেৰুকা-মণ্ডলত এগৰাকী পৰিচাৰক দেৱী হিচাপে প্ৰৱেশ কৰে। বৰাহীক, বাৰ্টালীৰ (বৰাহীৰ আন এক প্ৰকাৰ) সৈতে, মাৰিচীৰ বৰাহ মুখী পৰিচাৰিকা হিচাপে দেখা যায়।[7][17]

টোকা[সম্পাদনা কৰক]

পাদটিকা[সম্পাদনা কৰক]

  1. বৰাহী (সংস্কৃত: वराही)ক বিষ্ণু অৱতাৰ বৰাহৰ পত্নী হিচাপেও জনা যায়। তেওঁ ভূমি নামেৰেও পৰিচিত। বৰাহৰ এইগৰাকী সহধৰ্মিনীক মানৱ ৰূপত দেখুওৱা হৈছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Kalia, Asha (1982). Art of Osian Temples: Socio-Economic and Religious Life in India, 8th–12th Centuries A.D.. প্ৰকাশক New Delhi: Abhinav Publications. পৃষ্ঠা. 108–10. ISBN 0-391-02558-9. https://archive.org/details/artofosiantemple00kali/page/108. 
  2. 2.0 2.1 2.2 2.3 Rath, Jayanti (September–October 2007). "The Varahi Temple of Caurasi". Orissa Review (Government of Orissa): 37–9. 
  3. Donaldson p. 160
  4. 4.0 4.1 4.2 4.3 Donaldson p. 155
  5. 5.0 5.1 5.2 5.3 Goswami, Meghali; Gupta, Ila (March 2005). "Sapta Matrikas in Indian Art and Their Significance in Indian Sculpture and Ethos: A Critical Study". Anistoriton Journal. Anistoriton. http://www.anistor.gr/english/enback/Saptmatrika.pdf। আহৰণ কৰা হৈছে: 2008-01-08. 
  6. 6.0 6.1 6.2 6.3 Donaldson p. 158
  7. 7.0 7.1 7.2 Nagaswamy, R (8 June 2004). "Iconography of Varahi". The Hindu. http://www.hindu.com/br/2004/06/08/stories/2004060800291500.htm. 
  8. Bandyopandhay p. 232
  9. Images at Berkson, Carmel (1992). Ellora, Concept and Style. প্ৰকাশক New Delhi: Abhinav Publications. পৃষ্ঠা. 144–5, 186. ISBN 81-7017-277-2. 
  10. Kinsley p. 156, Devi Mahatmya verses 8.11–20
  11. Kinsley p. 156, Devi Mahatmya verses 8.62
  12. Kinsley p. 158, Devi Mahatmya verses 10.2–5
  13. Kinsley p. 158, verses 30.3–9
  14. Moor, Edward (2003). "Sacti: Consorts or Energies of Male Deities". Hindu Pantheon. প্ৰকাশক Whitefish, MT: Kessinger Publishing. পৃষ্ঠা. 25, 116–120. ISBN 978-0-7661-8113-7. https://books.google.com/books?id=YKv7zBUCFLoC&q=varahi&pg=PA117. 
  15. Swami Vijnanananda (1923). The Sri Mad Devi Bhagavatam: Books One Through Twelve. প্ৰকাশক Allahabad: The Panini Office. পৃষ্ঠা. 121, 138, 197, 452–7. ISBN 9780766181670. OCLC 312989920. https://books.google.com/books?id=KwlHAYJR5KcC&q=varahi&pg=PA452. 
  16. Kinsley p. 159, Varaha Purana verses 17.33–37
  17. English, Elizabeth (2002). "The Emergence of Vajrayogini". Vajrayoginī: Her Visualizations, Rituals and Forms. প্ৰকাশক Boston: Wisdom Publications. পৃষ্ঠা. 47–9, 66. ISBN 978-0-86171-329-5. https://books.google.com/books?id=Pf8-eWH3rO4C&q=varahi&pg=PA47.