পদুমণি থান
অৱয়ব

পদুমণি থান লখিমপুৰ জিলাৰ উত্তৰ দিশত লখিমপুৰ চহৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত। ই এটা হিন্দু ধৰ্মৰ মন্দিৰ। ইয়াক ১৯৫২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়ালৈ প্ৰতিদিনে বহু লোকৰ আগমণ হয়।
দুলুং সংৰক্ষিত বনাঞ্চলৰ একেবাৰে সমীপত থকা এই মন্দিৰত বছৰি হাজাৰ হাজাৰ ভক্ত আগমন ঘটে।
প্ৰতি বছৰে ৪ ছেপ্টেম্বৰৰ দিনা মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই থান খনৰ পৰিচালনাৰ বাবে এখন সমিতি আছে , সভাপতি সম্পাদকৰ লগতে বিভিন্ন বিভাগত কমেও ৩২ জন সদস্য/ সদস্যা ৰে সমিতি খন গঠিত।
এই থান খন প্ৰথমে ১৯৫১ চনত মহামায়া শ্ৰী শ্ৰী পদুমণি আই থান (সপোনৰ বেদী) স্বৰূপে প্ৰতিষ্ঠা হৈছিল। পুৰণা অৰ্থাৎ মূল থান খন বৰ্তমান নৱ নিৰ্মিত থান খনৰ কাষতে অৱস্থিত ।