দেওপাহাৰ
দেওপাহাৰ | |
---|---|
![]() দেওপাহাৰত উদ্ধাৰ হোৱা ভাস্কৰ্য | |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | গোলাঘাট জিলা |
স্থান | নুমলীগড় |
স্থানাংক | 26°36′08″N 93°43′52″E / 26.60222°N 93.73111°Eস্থানাংক: 26°36′08″N 93°43′52″E / 26.60222°N 93.73111°E |
দেওপাহাৰ ভাৰতৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে।[1] দেওপাহাৰ বা দেওপৰ্বত নামৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ। ই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। দেওপাহাৰ দেওপানী সংৰক্ষিত বনাঞ্চলৰ অংশ। দেওপানী সংৰক্ষিত বনাঞ্চলৰ মাটিকালি ১৩৩.৪৫ হেক্টৰ আৰু হাতী কৰিড'ৰৰ অংশ। ইয়াত এজোপা ঐতিহ্যপূৰ্ণ ভেলেও গছ আছে। প্ৰতি বছৰে জানুৱাৰীৰে পৰা অক্টোবৰ মাহলৈ এই গছত কেইবাটাও বৃহৎ বৃহৎ বাহ সাজিবলৈ হিমালয়ৰ পাদদেশৰ বনৰীয়া পৰিভ্ৰমী মৌমাখি ইয়ালৈ আহে।
দেওপাহাৰ অসমৰ এখন উল্লেখযোগ্য পৰ্যটনস্থলী।[2] পাহাৰৰ শিখৰত এখন প্ৰাচীন শিলেৰে অৰ্ধনিৰ্মিত বা ১৮৯৭ চনৰ ভূমিকম্পত ধ্বংসপ্ৰাপ্ত মন্দিৰ আছে।
ইয়াৰ আশে-পাশে সিঁচৰত হৈ থকা ধ্বংসাৱশেষ সমূহ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাত অন্তৰ্ভুক্ত।
ইতিহাস
[সম্পাদনা কৰক]দেওপাহাৰৰ শিখৰত অৱস্থিত শিলৰ মন্দিৰ স্থাপত্যশৈলীৰ পৰা খ্ৰীষ্টীয় সপ্তমৰ পৰা নৱম শতিকাৰ বুলি অনুমান কৰিব পাৰি। এই মন্দিৰ ভগৱান শিৱৰ প্ৰতি উছৰ্গিত বুলি গণ্য কৰা হয়। লোকবিশ্বাস মতে ইয়াৰ মূল শিৱলিংগটো ১৯ শতিকাত পাহাৰৰ কাষতে স্থাপিত বাবা থান মন্দিৰলৈ স্থানান্তৰ কৰা হৈছিল।[3]
স্থাপত্য
[সম্পাদনা কৰক]দেওপাহাৰত অৱস্থিত মন্দিৰটো একখণ্ড শিলৰ ওপৰত নিৰ্মিত। তোৰণৰ স্তম্ভত পদুমফুল আৰু ফুলৰ মালাৰে বিদ্যাধৰ খোদিত আৰু বৃহৎ মূলাৱৰণ ইয়াৰ অন্যতম বিশেষত্ব। ইয়াৰ লগতে ইয়াত শিলত খোদিত ভাস্কৰ্য পোৱা গৈছে। মন্দিৰ ভূমিৰ শিলাখণ্ডসমূহ লোৰ দণ্ডৰে স্থিৰ কৰোৱা হৈছিল।[4] মন্দিৰ স্থাপত্যত উত্তৰ গুপ্ত যুগৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৃহৎ দুৱাৰত ফুলৰ পাহিৰ নক্সা, জীৱ-জন্তুৰ চাৰিওফালে লতাজাতীয় উদ্ভিদ, নাৰী দ্বাৰপালিকাৰ পত্ৰকুণ্ডল ইত্যাদি ইয়াৰ বিশেষত্ব। ইয়াত কীৰ্তিমুখ, কলামকৰা, ফাংনাম শিৱ, শ্ৰীধৰ ৰুদ্ৰ, লক্ষ্মী-নাৰায়ণ, হৰ-গৌৰী, ৰাসলীলা,সৰ্পদেৱতা, প্ৰণাম ধ্যান, পদ্ম চক্ৰ, ৰাম, ৰাৱণ, সুগ্ৰীৱ আদিৰ ভাস্কৰ্য পোৱা গৈছে। তদুপৰি ইয়াত ৰামায়ণ, মহাভাৰত, ভাগৱত পুৰাণ আদিৰ দৃশ্যৰ ভাস্কৰ্য পোৱা গৈছে।
যাতায়ত
[সম্পাদনা কৰক]দেওপাহাৰ নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। নুমলীগড় ৰে'ল ষ্টেচন ইয়াৰ নিকটৱৰ্তী ৰে'ল ষ্টেচন। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ ইয়াৰ পৰা প্ৰায় ৬৩ কিঃমিঃ নিলগত অৱস্থিত। দেওপাহাৰৰ নুমলীগড় শোধনাগাৰৰ পৰা ৫ কিলোমিটাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৬১.৮ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা প্ৰায ২৫৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
চিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]-
দেওপাহাৰ মন্দিৰৰ মূল শিলৰ আধাৰ
-
দেওপাহাৰ পুৰতাত্বিক স্থল
-
কীৰ্তিমুখ
-
শিলৰ ভাস্কৰ্য
-
শিলৰ নক্সা
-
শিলৰ মূৰ্তি
-
শিলাখণ্ড ধৰি ৰখা লোৰ দণ্ড
-
ভাস্কৰ্যৰ চানেকি
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Home | Directorate of Archaeology | Government Of Assam, India". archaeology.assam.gov.in. Archived from the original on 2020-10-23. https://web.archive.org/web/20201023082713/https://archaeology.assam.gov.in/। আহৰণ কৰা হৈছে: 2020-04-08.
- ↑ "Historical Monuments | Assam Tourism Development Corporation Ltd | Government Of Assam, India". tourismcorporation.assam.gov.in. Archived from the original on 2022-01-26. https://web.archive.org/web/20220126123405/https://tourismcorporation.assam.gov.in/portlet-sub-innerpage/historical-monuments-0। আহৰণ কৰা হৈছে: 2020-04-08.
- ↑ "Welcome to Bokakhat Sub_division". www.bokakhat.gov.in. http://www.bokakhat.gov.in/hist_monu.htm.
- ↑ "Temple ruins on Dhansiri bank". www.telegraphindia.com. https://www.telegraphindia.com/states/north-east/temple-ruins-on-dhansiri-bank/cid/1529496.