মণিকূট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


মণিকূট.jpg

অসমবৈষ্ণৱ সংস্কৃতিৰ এটি উল্লেখযোগ্য সম্পদ হ’ল মণিকূট৷ অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে নামঘৰৰ সংলগ্নকৈ মণিকূটটো সজা দেখা যায়৷ নামঘৰ অথবা কীৰ্তনঘৰটো পূবা-পশ্চিমাকৈ থাকে৷ নামঘৰটো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই মণিকূটটো উত্তৰা-দক্ষিণাকৈ সজা হয়৷ এই মণিকূটৰ সোঁ-মাজত সিংহাসন বা গুৰু আসন স্থাপন কৰি তাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ কীৰ্তন-দশম, ঘোষা আৰু ৰত্নাৱলীৰ যিকোনো এখন পুথি সযত্নেৰে স্থাপন কৰা হয়৷ মণিকূট শব্দৰ মূলগত অৰ্থ হ’ল ৰত্ন থোৱা ঘৰ৷ মণিকূটবোৰ সাধাৰণতে দুচলীয়া৷ বৰপেটা সত্ৰৰ মণিকূটটো চাৰিচলীয়া৷ চালবোৰ ভাঁজখোৱা আৰু দেখিবলৈ বৰ্তুলকাৰ৷ সেইবাবে ইয়াক কোৱা হয় ভাঁজঘৰ৷ প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথে[বৌদ্ধ গ্ৰন্থত উল্লিখিত বংগ গৃহৰ পৰা ভাঁজঘৰ শব্দটি অহা বুলি সাব্যস্ত কৰিছে৷ মণিকূটটো দেখাত দেৱগৃহৰ শিখৰৰ দৰে ৰমক-জমক নহ’লেও ইয়াৰ এটা নিজস্ব বৈশিষ্ট আছে৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা অগণন নামঘৰ আৰু মণিকূট গইনা লৈ শংকৰী সংস্কৃতিৰ আজিও জীৱন্ত আৰু গতিশীল হৈ আছে[1]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ২৭২)