হাইলাকান্দি জিলা
হাইলাকান্দি জিলা | |
---|---|
— জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অসম |
সদৰ | হাইলাকান্দি |
মাটিকালি | |
- মুঠ | ১,৩২৬.১০ কি.মি.২ (৫১২ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৬,৫৯,২৬০ জন |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
ৱেবছাইট | www.hailakandi.nic.in |
হাইলাকান্দি অসমৰ বৰাক উপত্যকাৰ এখন জিলা। ই অসমৰ একেবাৰে দক্ষিণ চুকত অৱস্থিত। ইয়াৰ সদৰ ঠাই হাইলাকান্দি নগৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা ৩৫০ কি.মি. নিলগত। জিলাখনৰ অৱস্থিতি বৰাক উপত্যকাৰ মাজমজিয়াত। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূব দিশ বৰাক নদী আৰু কাছাৰ জিলাই আগুৰি আছে। দক্ষিণ আৰু দক্ষিণ-পূবত মিজোৰাম ৰাজ্য। পশ্চিমে কৰিমগঞ্জ জিলা।
১৯৮৯ চনত অসম চৰকাৰে ইয়াক জিলা ঘোষণা কৰে। ইয়াৰ আগতে ই অসমৰ কাছাৰ জিলাৰ এটা মহকুমা আছিল। মহকুমা হিচাপে ই অসমৰ অন্যতম পুৰণি মহকুমা। ১৮৬৯ চনতে এই মহকুমাটো গঠন কৰা হৈছিল।
হাইলাকান্দি নামৰ উৎপত্তি[সম্পাদনা কৰক]
হাইলাকান্দি নামটোৰ সমন্ধে কেইবাটাও জনৰব শুনা যায়। তাৰে এটাৰ অনুসৰি, বৰাক নদীৰ বানৰ পৰা বাচিবলৈ বন্ধা মঠাউৰিৰ স্থানীয় নাম "আইল" বা "হাইল"আৰু বড়ো-কছাৰী ভাষাৰ "কান্দি" (কঠিয়া তলী, ধাননি পথাৰ)ৰ পৰা "হাইলাকান্দি" নামৰ উৎপত্তি। অন্য কিছুৰ মতে, জিলাখনৰ নামটো কুকি শব্দ "হালাম" (সৰু ৰাজ্য, ক্ষেত্ৰ বা অঞ্চল) আৰু "কুন্দিয়া" (হালোৱা তলী)ৰ পৰা অহা। অইন এটা সূত্ৰ মতে, ইয়াত প্ৰচুৰ পৰিমানে উৎপন্ন হোৱা শালি ধানৰ খেতিৰ প্ৰসংগ ধৰি "শাইল কান্দি" আৰু কালক্ৰমত আজিৰ নামটো হয়হি।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
<
|