ঠেঙাল ভৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঠেঙাল ভৱন
Thengal Bhawan
ঠেঙাল ভৱনৰ সন্মুখভাগ
সাধাৰণ তথ্য
প্ৰকাৰ ভৱন
অৱস্থিতি জালুকনিবাৰী, তিতাবৰ, যোৰহাট জিলা
নিৰ্মাণ আৰম্ভ ১৮৮০ দশক
নক্সা আৰু নিৰ্মাণ
Governing body ব্যক্তিগত

ঠেঙাল ভৱন (ইংৰাজী: Thengal Bhawan) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন। ইয়াৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ পাইছিল।[1] তেতিয়া কাকতখনৰ সম্পাদক আছিল নীলমণি ফুকন। 'বৰ্তমান এই ভৱনটো অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।

ইতিহাস[সম্পাদনা কৰক]

ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই ১৮৮০ দশকত ঠেঙাল ভৱনটো নিৰ্মাণ কৰিছিল।[2][3] ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। প্ৰথমতে, ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল।[4] এই ছপাশালটোৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ হৈছিল।[1][3] এই বাতৰি কাকতখনৰ সম্পাদক আছিল নীলমণি ফুকন

সাম্প্ৰতিক কালৰ ঠেঙাল ভৱন[সম্পাদনা কৰক]

বৰ্তমান ঠেঙাল ভৱনটো এটা অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।[1]


চিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Heritage North-East". Contadgreen. Heritage North East Pvt. Ltd.. http://www.heritagetourismindia.com/। আহৰণ কৰা হৈছে: January 06, 2013. 
  2. "Thengal Bhawan". District Administration, Jorhat.. http://jorhat.nic.in/thengal-bhawan-in-jorhat.html। আহৰণ কৰা হৈছে: 13 ফেব্ৰুৱাৰী 2014. 
  3. 3.0 3.1 "About Thengal Bhavan". holidayiq.com. http://www.holidayiq.com/Thengal-Bhavan-Jorhat-Sightseeing-808-15077.html। আহৰণ কৰা হৈছে: January 06, 2013. 
  4. "Thengal Bhawan". www.tourism.co.in. http://tourism.co.in/mainpage.php?action=place&id=855। আহৰণ কৰা হৈছে: January 06, 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]