সমললৈ যাওক

যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ

যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহ
প্ৰতিষ্ঠা ২০১৩ চন
অৱস্থিতি যোৰহাট, অসম
দৰ্শনাথী ২৭,০০০ জন (৫ আগষ্ট, ২০১৩)[1]

যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ (ইংৰাজী: Jorhat Science Centre and Planetarium) হৈছে যোৰহাট নগৰৰ মাজমজিয়াতে ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত।[2] পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কেন্দ্ৰটো মুঠ ১৫০০ বৰ্গ মিটাৰ জুৰি বিস্তৃত হৈ আছে। এইটো দেশৰ ৪৪তম বিজ্ঞান কেন্দ্ৰ[3] আৰু অসমৰ দ্বিতীয়টো বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ। অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদ (Assam Science Technology and Environment Council)ৰ সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিচালনা সমিতি (National Council of Science Museums, চমুকৈ NCSM)য়ে এই কেন্দ্ৰটোৰ পৰিকল্পনা, আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণ কৰিছে।[4]

২০১৩ চনৰ ৬ জুলাইৰ দিনা অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে। একে বৰ্ষৰে ১১ জুলাইৰ পৰা এই কেন্দ্ৰটো দৰশনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়। প্ৰতিষ্ঠা হোৱাৰ প্ৰথম মাহটোতে, অৰ্থাৎ ২০১৩ চনৰ ৬ জুলাইৰ পৰা ৫ আগষ্টৰ ভিতৰত এই বিজ্ঞান কেন্দ্ৰটোলৈ ২৭,০০০ জন লোকৰ আগমন হয়। ইয়াৰ পৰা ৩.৮৭ লাখ টকাৰ ৰাজহ লাভ কৰা হয়।[1]

ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকক বিজ্ঞান বিষয়টোৰ প্ৰতি আগ্ৰহী কৰি তোলাই বিজ্ঞান কেন্দ্ৰটো প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য। জৱাহৰলাল নেহৰুৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা ভাৰতক আধুনিক ৰূপত গঢ় দিয়াৰ যি সপোন দেখিছিল তাৰ ওপৰত ভিত্তি কৰিয়ে এই বিজ্ঞান কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সাংস্কৃতিক মন্ত্ৰী চন্দ্ৰেশ কুমাৰ কাৰ্টোছে কয়।[5]

অৱস্থান

[সম্পাদনা কৰক]

যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ অৱস্থান হৈছে Latitude: 26°45'22" N - Longitude: 94°12'36" E।[6]

কি কি আছে

[সম্পাদনা কৰক]

বিজ্ঞান কেন্দ্ৰৰ প্ৰথম মহলাত পেট্ৰ’লিয়াম (বিশেষকৈ তেল)ৰ উৎপাদনৰ সম্বন্ধীয় গেলেৰী, বালিত আঁকিব পৰা নানা ধৰণৰ আহিলা আছে। আনহাতে দ্বিতীয় মহলাত বিজ্ঞানৰ নানা ধৰণৰ আহিলা, প্ৰাকৃতিক দুৰ্যোগ সম্বন্ধীয় এটা গেলেৰী পাঁচ বছৰৰ অনূৰ্ধ্ব শিশুৰ বাবে খেলিব পৰাকৈ সুবিধা আছে। তাৰকাগৃহটো বিজ্ঞান কেন্দ্ৰৰ কাষতে অৱস্থিত। সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে খেলিব পৰাকৈ এখন উদ্যান আছে।

আধাৰশিলা

[সম্পাদনা কৰক]

২০০৯ চনৰ ১৩ অক্টোবৰত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজমাও পুখুৰীৰ পাৰত যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰিছিল। ড'নাৰ মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈ, যোৰহাটৰ বিধায়ক ৰাণা গোস্বামী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্ম্মী, যোৰহাটৰ উপায়ুক্ত এল. এছ চাংচনকে ধৰি বহু লোক সভাত উপস্থিত আছিল। এই কেন্দ্ৰটোৰ নিৰ্মাণৰ বাবে ৪.৯৫ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ১.৩ কোটি টকাকৈ অনুদান আগবঢ়ায়।[7]

উদ্বোধন

[সম্পাদনা কৰক]

২০১৩ চনৰ ৬ জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো উদ্বোধন কৰে।[8] সভাত যোৰহাট জিলাৰ উপায়ুক্ত তথা যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ কাৰ্যকৰী সভাপতি চ'লাংকী বিশাল বসন্তই আদৰণী ভাষণ দিয়ে। সভাত ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিচালনা সমিতিৰ অধ্যক্ষ আৰ চি চবতি, কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰাণালয়ৰ যুটীয়া সচিব ড॰ বেণি ডি, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সঞ্চালক জি এছ ৰৌটালা, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ আয়ুক্ত সচিব পৱন কুমাৰ বৰঠাকুৰ, কেন্দ্ৰীয় গৱেষণা আৰু প্ৰশিক্ষণ পৰীক্ষাগাৰৰ সঞ্চালক এছ চৌধুৰী। অসম বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক হৰেশ চন্দ্ৰ দত্ত আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। উদ্বোধনী সভাত তৰুণ গগৈয়ে কয় যে, এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহই উঠি অহা চামৰ বাবে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই যোৱাত বৰঙনি যোগাব বুলি তেওঁ আশা কৰিছে। যোৰহাটৰ বিধায়ক ৰাণা গোস্বামীয়ে কয় যে, এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে সমগ্ৰ উজনি অসমৰ ছা্ত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণত সহায় কৰিব।[9] ১১ জুলাই তাৰিখে এই কেন্দ্ৰটো দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Jorhat Planetarium attracts over 27,000 visitors | itimes Citizen Journalism". Ww.itimes.com. 2013-08-27. http://ww.itimes.com/citizen-journalism/jorhat-planetarium-attracts-over-27000-visitors আহৰণ কৰা হৈছে: 2013-09-01.
  2. "Jorhat Science Center and Planetarium". District Administration, Jorhat.. http://jorhat.nic.in/jorhat-planetarium-in-jorhat.html আহৰণ কৰা হৈছে: 13 ফেব্ৰুৱাৰী 2014.
  3. TNN Jul 7, 2013, 03.35PM IST (2013-07-07). "CM, Union minister inaugurate science centre in Jorhat - Times Of India". Articles.timesofindia.indiatimes.com. Archived from the original on 2013-07-14. https://web.archive.org/web/20130714074000/http://articles.timesofindia.indiatimes.com/2013-07-07/guwahati/40420752_1_science-park-science-city-assam আহৰণ কৰা হৈছে: 2013-09-01.
  4. "Jorhat Science Centre and Planetarium inaugurated | Kalvimalar - News". Kalvimalar.dinamalar.com. http://kalvimalar.dinamalar.com/news-details.asp?id=11867&cat=1 আহৰণ কৰা হৈছে: 2013-09-01.
  5. "Press Information Bureau English Releases". Pib.nic.in. 2013-07-06. http://pib.nic.in/newsite/erelease.aspx?relid=97063 আহৰণ কৰা হৈছে: 2013-09-01.
  6. "Association des Planétariums de Langue Française". Aplf-planetariums.info. Archived from the original on 2022-05-17. https://web.archive.org/web/20220517101355/http://www.aplf-planetariums.info/en/index.php?onglet=planetariums&menu=sheet_planetarium&filtre=2418 আহৰণ কৰা হৈছে: 2013-09-01.
  7. TI Trade (2009-10-14). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/details.asp?id=oct1409/at02 আহৰণ কৰা হৈছে: 2013-09-01.[সংযোগবিহীন উৎস]
  8. TI Trade (2013-07-06). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/detailsnew.asp?id=jul0613/state07 আহৰণ কৰা হৈছে: 2013-09-01.[সংযোগবিহীন উৎস]
  9. "Amar Asom Online". amarasom.glpublications.in. 2013-07-06. http://www.amarasom.glpublications.in/Details.aspx?id=14119&boxid=115914968 আহৰণ কৰা হৈছে: 2013-09-01.[সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]