ইন্দ্ৰেশ্বৰ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ইন্দ্ৰেশ্বৰ শৰ্মা
জন্ম ১০ জানুৱাৰী ১৯৩০[1]
গৰিয়াহাবি, যোৰহাট জিলা, অসম (বৰ্তমান লহপহীয়া, যোৰহাট জিলা)
মৃত্যু ৯ জুন ২০২০
যোৰহাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
নাগৰিকত্ব ভাৰতীয়
শিক্ষানুষ্ঠান ভাটখাণ্ডে সংগীত মহাবিদ্যালয়
পেচা সংগীতজ্ঞ, বেহেলাবাদক, সংগীত পৰিচালক
দাম্পত্যসঙ্গী অমিয়া দেৱী
পিতৃ-মাতৃ গোপাল চন্দ্ৰ শৰ্মা (পিতৃ)
চন্দ্ৰপ্ৰভা দেৱী (মাতৃ)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি শিল্পী বঁটা, ২০০৯

ইন্দ্ৰেশ্বৰ শৰ্মা (১০ জানুৱাৰী ১৯৩০ - ৯ জুন ২০২০) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক আছিল। তেওঁ লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া। তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। ইয়াৰ লগতে তেওঁ ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি 'সন্ধ্যাৰাগ' আৰু 'ইতিহাস'ৰ সংগীত পৰিচালক আছিল। সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তয়ে ৰচনা কৰা অসম সাহিত্য সভাৰ আদৰণি গীত 'চিৰ চেনেহী মোৰ ভাষা জননী'ৰ স্বৰলিপি ইন্দ্ৰেশ্বৰ শৰ্মায়ে সৃষ্টি কৰিছিল।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩০ চনৰ ১০ জানুৱাৰী তাৰিখে যোৰহাট জিলাৰ গৰিয়াহাবিত ইন্দ্ৰেশ্বৰ শৰ্মাৰ জন্ম হয়।[3] বৰ্তমান এই অঞ্চল যোৰহাটৰ লহপহীয়াত অৱস্থিত। তেওঁৰ পিতৃ গোপাল চন্দ্ৰ শৰ্মা আৰু মাতৃ চন্দ্ৰপ্ৰভা দেৱী। গোপাল চন্দ্ৰ শৰ্মা যোৰহাট সংগীত বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। শৈশৱৰ পৰায়ে তেওঁৰ সংগীতৰ প্ৰতি বিশেষ ৰাপ আছিল। সেয়ে আনুষ্ঠানিক শিক্ষা শেষ কৰি ১৯৪৭ চনত যোৰহাট সংগীত বিদ্যালয়ত যোগদান কৰে। ১৯৫২ চনত তেওঁ অসম চৰকাৰৰ পৰা 'মৰিচ কলেজ অফ হিন্দুন্থানী মিউজিক’ আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ত বেহেলা শিক্ষাৰ বাবে ৬০ টকীয়া জলপানি লাভ কৰিছিল।[2] তেওঁ ১৯৫৬-৫৭ চনৰ ভিতৰত ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে তেওঁ বাদ্য বিশাৰদ স্বীকৃতি লাভ কৰা প্ৰথম অসমীয়া। সেইসময়ত তেওঁ বিখ্যাত তবলা ওস্তাদ মুন্না খানৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল।[3] তেওঁ লক্ষ্ণৌত শিক্ষা গ্ৰহণ কৰি থাকোঁতে ‘জনমভূমি’ৰ সংবাদদাতা ৰূপেও সেৱা আগবঢ়াইছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

লক্ষ্ণৌৰ পৰা শিক্ষা লাভ কৰি ইন্দ্ৰেশ্বৰ শৰ্মায়ে অসমলৈ ঘূৰি আহে। তেওঁ ১৯৫৮ চনত সংগীত শিক্ষা সমাপ্ত কৰি অসম কলেজ অফ মিউজিক, গুৱাহাটীত সংগীত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ১৯৫৯ চনত তিতাবৰৰ জনতা কলেজত সংগীত শিক্ষক ৰূপে যোগদান কৰে। তাৰপিছত ১৯৬২ চনত তেওঁ যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৮৯ চনৰ ফেব্ৰুৱাৰী মাহত তাৰ পৰা অৱসৰ গ্ৰহণ কৰে।[3]

তেওঁ সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰৰ ১৯৬৯ চনৰ পৰা বেহেলাৰ একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। ১৯৭২ চনত তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বও গ্ৰহণ কৰিছিল। তেওঁ এসময়ত বাদ্যশিল্পী হিচাপে পণ্ডিত পট্টবৰ্ধন, চিন্ময় লাহৰী, এ কান্নান, শ্ৰীকান্ত বাকৰে, ড॰ ভূপেন হাজৰিকাকে আদি কৰি ভিন্ন জনৰ সংগ দিছিল। ১৯৯৫ আৰু ১৯৯৬ চনত সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰই দিল্লীত আয়োজন কৰা সৰ্বভাৰতীয় সংগীত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে ইন্দ্ৰেশ্বৰ শৰ্মায়ে আমন্ত্ৰণ লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি 'সন্ধ্যাৰাগ' আৰু 'ইতিহাস'ৰ সংগীত পৰিচালক আছিল।[2][3]

ইন্দ্ৰেশ্বৰ শৰ্মায়ে অসম সাহিত্য সভাৰ প্ৰতীক সংগীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ স্বৰলিপি সৃষ্টি কৰিছিল। তদুপৰি তেওঁ অসম সাহিত্য সভাৰ বিশেষ তথ্যচিত্ৰত সংগীত পৰিচালনা কৰিছিল। তেওঁ কেইবাটাও দেশ-প্ৰেমমূলক গীত ৰচনা কৰিছিল। আকাশবাণী যোৰহাট কেন্দ্ৰ স্থাপনকালত প্ৰচাৰ হোৱা প্ৰথম গীত তেওঁ পৰিচালনা কৰিছিল। ইয়াৰ লগতে যোৰহাটৰ ২০০ বছৰীয়া জয়ন্তীত প্ৰচাৰিত গীতটি তেওঁ পৰিচালনা কৰিছিল।[2]

তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ওপৰত পাঁচখন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ কেইবাখনো বাতৰি-কাকতত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল। তেওঁ মৃত্যুৰ আগলৈকে ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুতৰ দায়িত্ব পালন কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ উত্তৰবহী পৰীক্ষকৰ দায়িত্ব পালন কৰি আছিল।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁৰ কৰ্মৰাজিৰ বাবে ১৯৯৪ আৰু ১৯৯৭ চনত সাংস্কৃতিক সঞ্চালকালয়ে তেওঁক সন্মানিত কৰিছিল।[3] অসম চৰকাৰৰ তৰফৰ পৰা ১৯৯৬ চনত তেওঁক শিল্পী পেঞ্চন আগবঢ়োৱা হয়। ১৯৯৭ চনত তেওঁক 'সংগীতপ্ৰাণ' উপাধি প্ৰদান কৰা হয়। ২০০৩ চনত গুৱাহাটীৰ জিতেন্দ্ৰ নাথ সংগীত মহাবিদ্যালয়ে ‘সংগীতাচাৰ্য’ উপাধিৰে সন্মানিত কৰে। ২০০৯ চনত অসম চৰকাৰে সংগীত ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে 'শিল্পী বঁটা' প্ৰদান কৰে।[4] ২০১৪ চনত তেওঁ তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান চাতকে আগবঢ়াই অহা "চাতক" সন্মান লাভ কৰিছিল।[5] যোৰহাট সংগীত শিল্পী সন্থাই প্ৰকাশ কৰা ‘সংগীতপ্ৰাণ’ শীৰ্ষক এখন গ্ৰন্থৰ জৰিয়তে বিগত ২০১৯ বৰ্ষৰ ২৯ ডিচেম্বৰত তেওঁক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হৈছিল।[3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ইন্দ্ৰেশ্বৰ শৰ্মাই পত্নী অমিয়া দেৱী। তেওঁলোকৰ এজন পুত্ৰ আশিস শৰ্মা আৰু দুগৰাকী কন্যা আছে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে অনবৰতে থকা অন্যতম বাদ্যশিল্পী কমল কটকী আৰু কণ্ঠশিল্পী আশা শৰ্মা কটকী ইন্দ্ৰেশ্বৰ শৰ্মাৰ জী-জোঁৱাই। তেওঁলোক যোৰহাটৰ নেহৰুপাৰ্কত বসবাস কৰিছিল।[2]

মৃত্যু[সম্পাদনা কৰক]

২০২০ চনৰ ৯ জুন তাৰিখে যোৰহাটৰ নেহৰুপাৰ্কত অৱস্থিত নিজা বাসস্থানত ৯০ বছৰ বয়সত ইন্দ্ৰেশ্বৰ শৰ্মাৰ মৃত্যু হয়। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশক্ৰমে ৰাজ্যিক মৰ্যাদাৰে তৰাজান শ্মশানত সম্পন্ন কৰা হয়।[2]

তথ্য উৎস[সম্পাদনা কৰক]