সন্ধ্যাৰাগ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সন্ধ্যাৰাগৰ পৰা পুনঃনিৰ্দেশিত)
সন্ধ্যাৰাগ
(Cry of Twilight)
পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়া
চিত্ৰনাট্য ভবেন্দ্ৰ নাথ শইকীয়া
প্ৰযোজক ভবেন্দ্ৰ নাথ শইকীয়া
অভিনয়ত ৰুণু দেৱী
অৰুণ শৰ্মা
(তলত চাওক)
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সম্পাদনা নিকুঞ্জ ভট্টাচাৰ্য
সংগীত পৰিচালক ৰমেন চৌধুৰী
ইন্দ্ৰেশ্বৰ শৰ্মা
প্ৰভাত শৰ্মা
মুক্তি
৫ আগষ্ট ১৯৭৭
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

সন্ধ্যাৰাগ (ইংৰাজী: Sandyaraag) ১৯৭৭ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ[1] এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। 'বানপ্ৰস্থ' শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।

ছবিখনৰ কাহিনী[সম্পাদনা কৰক]

সন্ধ্যাৰাগ পুতলী নামৰ দুখুনী বিধবা এজনীৰ কাহিনী। তেওঁৰ জীয়েক দুজনী- চাৰু আৰু তৰু। জীয়েক দুজনীক নগৰৰ দুঘৰ চহকী মানুহৰ ঘৰলৈ বনকৰা ছোৱালী হিচাপে পঠিয়াই দিয়া হয়। ডাঙৰজনী ছোৱালী চাৰুক এজনী বনকৰা ছোৱালী হ'লেও এগৰাকী পৰিয়ালৰ সদস্যৰ দৰেই গৃহস্থই আকোৱালী লয়। কিন্তু সৰুজনী তৰুৰ সিমানখিনি সৌভাগ্য নাছিল। তাই অনবৰত লম্পট গিৰিহঁত আৰু তেওঁৰ ডেকা পুত্ৰৰ পৰা গা বচাই চলিবলগীয়া হয়। বিবাহোপযুক্ত হোৱাত দুয়োজনীয়ে চহৰৰ পৰা গুচি আহিবলৈ বাধ্য হয়। কিন্তু নগৰীয়া জীৱনত অভ্যস্ত হৈ উঠা সিহঁতে গাঁৱলৈ ঘূৰি আহি সংস্থাপনৰ অভাৱত চৰম দাৰিদ্ৰৰ মুখামুখি হবলগীয়া হয়। অৱশেষত দাৰিদ্ৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সন্তান জন্ম দিব পৰা শক্তি নথকা বুলি জানিও পূৰ্বৰ মালিকৰ ড্ৰাইভাৰজনৰ সৈতে বিয়াত বহিবলৈ তৰুৱে সিদ্ধান্ত লয়। তৰুৱে বায়েকক তাইক লগত নিবলৈ কয়। আনহাতে মাক পুতলীয়েও জীয়েকৰ সন্তান হ'লে লাচনী-পাচনী কৰিবলৈ যিহেতু এগৰাকী অভিজ্ঞ মানুহৰ দৰকাৰ, সেয়ে তেৱোঁকো লগত নিবলৈ জীয়েকক অনুৰোধ কৰে।[2][3]

অভিনয়ত[সম্পাদনা কৰক]

  • ঈশান বৰুৱা
  • বিষ্ণু বৰুৱা
  • আনন্দ মোহন ভাগৱতী
  • মামণি দাস
  • সংগীতা শইকীয়া
  • তৃপ্তিকল্প হাজৰিকা
  • ৰূপম বৰুৱা
  • উপকুল বৰদলৈ

কলা-কুশলী[সম্পাদনা কৰক]

(তথ্যপেৰাত উল্লেখ নথকাসকল)

ছবিৰ গীত[সম্পাদনা কৰক]

সন্ধ্যাৰাগত ২টা গীত আছে।

  1. ভালকৈ ধৰিবি ব'ঠা
  2. আমি নিৰাশাৰ

ৰাইজৰ সঁহাৰি[সম্পাদনা কৰক]

সন্ধ্যাৰাগ ব্যৱসায়িকভাবে সফল হৈছিল। অভিনয় শিল্পী আৰু কলা-কুশলীসকলক পাৰিশ্ৰমিক দি তথা ছবি নিৰ্মাণ কৰোঁতে লোৱা ধাৰ-ঋণ পৰিশোধ কৰাৰ পাছতো কিছু টকা প্ৰযোজক ডঃ শইকীয়াৰ হাতত ৰৈ গৈছিল বুলি তেখেতে 'জীৱন বৃত্ত'ত উল্লেখ কৰি গৈছে।

বঁটা আৰু স্বীকৃতি[1][সম্পাদনা কৰক]

  • অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) (১৯৭৭)
  • ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
  • ১৯৭৮ চনত চেন্নাইত অনুষ্ঠিত ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (তৃতীয় ফিল্মোৎসৱ) প্ৰদৰ্শিত
  • চেকোস্লোভাকিয়াৰ কাৰ্ভই ভাৰি চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত (১৯৭৮)
  • স্পেইনৰ ভায়াডলিড চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত (১৯৭৮)

সন্ধ্যাৰাগৰ কেইটামান দৃশ্য[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Sandhyaraag (Cry of Twilight) 1977 B&W". ৰূপালিপৰ্দা. http://www.rupaliparda.com/english/Sandhyaraag.htm। আহৰণ কৰা হৈছে: নবেম্বৰ ২০, ২০১১. 
  2. "SANDHYA RAAG (1977)". https://www.arthousecinema.in/2014/03/sandhya-raag-1977/। আহৰণ কৰা হৈছে: 19 October 2018. 
  3. "25th National Film Festivals catalogue". Directorate of Film Festivals, Govt. of India. https://dff.gov.in/images/Documents/92_25thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 2 October 2022. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]