গুণসিন্ধু হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুণসিন্ধু হাজৰিকা

হাস্পাতালত চিকিৎসাধীন অৱস্থাত গুণসিন্ধু হাজৰিকা, ২০১০ চন
জন্ম ১৯৩০ (আনুমানিক)
কামপুৰ
মৃত্যু ২৮ জানুৱাৰী ২০২৩
হেঙেৰাবাৰী, গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক
উল্লেখযোগ্য কৰ্ম অবুজ বেদনা
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী অৰ্পনা মিশ্ৰ


গুণসিন্ধু হাজৰিকা (ইংৰাজী: Guna Sindhu Hazarika) এগৰাকী অসমীয়া ছবিৰ পৰিচালক তথা সহকাৰী পৰিচালক। ১৯৩০ দশকৰ মধ্যভাগত নগাঁও জিলাকামপুৰৰ তেতেলিসৰা গাঁৱত তেওঁৰ জন্ম হৈছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৬০ৰ দশকত মুম্বাইৰাজ কাপুৰৰ এখন ছবিৰ স্পটবয়ৰ কামেৰে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলাইছিল।[1] তেওঁ সন্ধ্যাৰাগ (১৯৭৭), অনিৰ্বাণ (১৯৮১), মণিৰাম দেৱান (১৯৬৪), ললিতা, আদালত, মৰমী, তৰামাই, নয়নমণি আদি বহুটো ছবিৰ পৰিচালনা সহকাৰী আছিল। নয়নমণি ছবিৰ কাম কৰি থাকোঁতেই এক দুৰ্ঘটনাত পতিত হৈ তেওঁ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱায়। স্বাধীনভাবে পৰিচালনা কৰা তেওঁৰ একমাত্ৰ অসমীয়া ছবিখন হ’ল অবুজ বেদনা (১৯৯৩)। শিশুছবি অবুজ বেদনাক হিন্দীত ডাব কৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত দেখুৱাওৱা হৈছিল।অবুজ বেদনা[2]উপৰিও আৰু এখন ছবি তেওঁ স্বাধীনভাবে পৰিচালনা কৰিছিল। সেইখন হ’ল ভোজপুৰী ভাষাৰ ছবি গোৰী। তেওঁ দুখন বলীউডী ছবি- য়ে কানুন ৰং লায়েগী আৰু জব য়াদ কিসিকী আতি হ্যায়ৰ পৰিচালনাৰ সৈতে জড়িত আছিল।[3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অৰ্পনা মিশ্ৰ হাজৰিকাৰ পত্নী। তেওঁলোকৰ কোনো সতি-সন্ততি নাছিল। ২০০১ চনত কামৰূপ জিলাৰ উপায়ুক্তই আৰ্থিক দুৰ্যোগত ভুগা হাজৰিকাক উপায়ুক্ত কাৰ্যালয় চৌহদত এটা পিচিঅ’ স্থাপন কৰিবলৈ বিশেষ অনুমতি প্ৰদান কৰিছিল। এই ব্যৱয়াসৰ পৰা হোৱা আয় সামান্য আছিল যদিও কিবাবৈ চলি থাকিব পৰা হৈছিল। ২০০৯ চনত অসমত এলানি ধাৰাবাহিক বোমা বিস্ফাৰণ সংঘটিত হৈছিল। বিস্ফোৰণৰ পিছত কৰ্তৃপক্ষই সুৰক্ষাজনিত কাৰণত পিচিঅ’টো উঠাই দিছিল। একমাত্ৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনেৰে চলিবলগীয়া হোৱা হাজৰিকাই চৰম দাৰিদ্ৰৰ সন্মুখীন হৈছিল।[4][3]

২০২৩-ৰ ২৮ জানুৱাৰীত বাৰ্ধক্যজনীত কাৰণত গুৱাহাটীৰ হেঙেৰাবাৰীৰ বাসভৱনত তেওঁৰ মৃত্যু হয়৷[5]

সন্মান[সম্পাদনা কৰক]

কামপুৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰোহনে কপিলী বঁটা-২০১৮ৰে তেওঁক সন্মানিত কৰে।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকালৈ কপিলী বঁটা-২০১৮". Asomiya Pratidin. January 6, 2019. https://www.asomiyapratidin.in/gunosnindhu-hazarika-awarded-kapili-2018/। আহৰণ কৰা হৈছে: 31 December 2020. 
  2. Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 396. 
  3. 3.0 3.1 "Help for Assam filmmaker". The Telegraph Online. 31-10-2009. https://www.telegraphindia.com/north-east/help-for-assam-filmmaker/cid/578001। আহৰণ কৰা হৈছে: 31 December 2020. 
  4. "Blast that snatched livelihood - Blind, old filmmaker suffers financially maimed existence". The Telegraph. November 1, 2010. https://www.telegraphindia.com/north-east/blast-that-snatched-livelihood-blind-old-filmmaker-suffers-financially-maimed-existence/cid/464967। আহৰণ কৰা হৈছে: 31 December 2020. 
  5. "Assamese Film Director Guna Sindhu Hazarika Passes Away". pratidintime.com. https://www.pratidintime.com/latest-assam-news-breaking-news-assam/assamese-film-director-guna-sindhu-hazarika-passes-away। আহৰণ কৰা হৈছে: 30 January 2023.