কুৰুলী ফেঁচা
কুৰুলী ফেঁচা | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Strigiformes |
পৰিয়াল: | Strigidae |
গণ: | Athene |
প্ৰজাতি: | A. brama |
বৈজ্ঞানিক নাম | |
Athene brama (Temminck, 1821) | |
সমাৰ্থক | |
Carine brama |
কুৰুলী ফেঁচা (ইংৰাজী: Spotted Owlet, বৈজ্ঞানিক নাম-Athene brama) এবিধ সৰু আকাৰৰ ফেঁচাৰ প্ৰজাতি। ই প্ৰধানকৈ বিষুৱীয় অঞ্চল অৰ্থাৎ ভাৰতৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে প্ৰজনন কৰে। খেতি-পথাৰ বা মানুহৰ বসতিপূৰ্ণ মুকলি অঞ্চলত বাস কৰিবলৈ ই বিশেষভাৱে অভিযোজিত আৰু সেইবাবেই ইয়াক নগৰ অঞ্চলতো দেখা পোৱা যায়। ই অট্টালিকা বা শিলত থকা সুৰুঙা অথবা গছৰ খোৰোঙত সৰু গোটত জিৰণি লয়। [2]
বিৱৰণ
[সম্পাদনা কৰক]কুৰুলী ফেঁচাৰ দেহটো থোপোকা। দৈৰ্ঘ্য প্ৰায় ২১ ছে:মি:। দেহৰ ওপৰৰ অংশ মটিয়া-মুগা বৰণৰ আৰু বগা ফুটুকীয়া দাগেৰে পৰিপূৰ্ণ। তলৰ অংশ বগা আৰু মটিয়া ৰঙৰ ফুটুকীয়া। ইয়াৰ চকুৰ মণিৰ বৰণ হালধীয়া। ইয়াৰ চকুৰ চেলাউৰি (supercilium) আৰু ডিঙিৰ পটা বগা ৰঙৰ। মতা আৰু মাইকী দেখিবলৈ একে হয়।[3]
টেক্স'নমি
[সম্পাদনা কৰক]কুৰুলী ফেঁচাৰ পাঁচবিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে-
- Athene albida (Koelz, 1950 )- পশ্চিম এছিয়াৰ ইৰাণ আৰু পাকিস্তান ত পোৱা যায়।
- "Ahene indica (Franklin, 1831) -উত্তৰ ভাৰত;
- Athene brama (Temminck, 1821)-দক্ষিণ ভাৰত;
- Athene ultra (Ripley, 1948)-উত্তৰ-পূব ভাৰতত দেখা যায়। আৰু
- Athene pulchra (Hume, 1873)- দক্ষিণ-পূব এছিয়াৰ ম্যানমাৰৰ পৰা থাইলেণ্ড পৰ্যন্ত বিস্তৃত। [4][5]
আচৰণ
[সম্পাদনা কৰক]কুৰুলী ফেঁচা সাধাৰণতে নিশাচৰ যদিও ইয়াক কেতিয়াবা দিনৰ ভাগতো দেখা পোৱা যায়। [6] গছত জিৰণি লোৱা অৱস্থাত অন্য চৰা্য়ে ইয়াকজাক পাতি খেদা (mob) দেখা যায়। ইয়াৰ মাতটো তীক্ষ্ণ (harsh and loud)। ই প্ৰধানকৈ পুৱতি নিশা বা সূৰ্য্য অস্ত যোৱাৰ পিছত মাত মাতে। [3][7]
খাদ্য
[সম্পাদনা কৰক]কুৰুলী ফেঁচাই সাধাৰণটে বিভিন্ন ধৰণৰ পোক-পতংগ আৰু সৰু আকাৰৰ মেৰুদণ্ডী প্ৰাণী চিকাৰ কৰি খায়। t[8] মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত নিগনি, বাদুলী, ভেকুলী, সৰু সাপ আদিয়ে প্ৰধান। [9][10] তদুপৰি কেতিয়াবা ইহঁতে বৃশ্চিক তথা মলাস্কা আদিও আহাৰ হিচাপে গ্ৰহণ কৰে বুলি জনা যায়। [11]
প্ৰজনন
[সম্পাদনা কৰক]কুৰুলী ফেঁচাই সাধাৰণতে নৱেম্বৰৰ পৰা এপ্ৰিল মাহত প্ৰজনন কৰে। [3] ই গছৰ সুৰুঙা বা ওখ মথাউৰিত গাঁত খান্দিও বাহ সাজে। [12] বাহটোত গছৰ পাত, গাৰ পাখি আদিৰে সাজে। এবাৰত ই সাধাৰণতে তিনিৰ পৰা চাৰিটাকৈ কণী পাৰে। পোৱালিক ই প্ৰথমে পোক-পতংগ, পইতাচোৰা আদি আৰু পিছলৈ সৰু প্ৰাণী যেনে নিগনি আদি খুৱায়। [13] পোৱালিয়ে জন্মৰ ২০-২৮ দিনৰ ভিতৰত বাহ এৰে।[9]
লগতে চাওক
[সম্পাদনা কৰক]- Kumar,TS; Rao,JVR (1984). "Diurnal changes in the body temperature of nestling Spotted Owlet, Athene brama brama (T)". Geobios, Jodhpur খণ্ড 11 (5): 216–218.
- Lamba,BS; Tyagi,AK (1976). "Incubation period in Northern Spotted Owlet, Athene brama indica (Franklin)". Newsl. Zool. Surv. India খণ্ড 2 (4): 128–129.
- Suresh, Kumar T. (1980). The life-history of the Spotted Owlet (Athene brama brama Temminck) in Andhra Pradesh.. Raptor Research Centre, Hyderabad. Pub. No. 4..
- Mahmood-ul-Hassan, Muhammad; Beg, Mirza Azhar; Mushtaq-ul-Hassan, Muhammad; Rana, Shahnaz Ahmed (2007). "Nesting and Breeding Habits of the Spotted Owlet (Athene brama) in Punjab, Pakistan". Journal of Raptor Research খণ্ড 41 (1): 50–52. doi:10.3356/0892-1016(2007)41[50:NABHOT]2.0.CO; 2.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). "Athene brama". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002288। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Pande, Satish; Amit Pawashe; Murlidhar N. Mahajan; Charu Joglekar & Anil Mahabal (2007). "Effect of Food and Habitat on Breeding Success in Spotted Owlets (Athene brama) Nesting in Villages and Rural Landscapes in India". Journal of Raptor Research খণ্ড 41 (1): 26–34. doi:10.3356/0892-1016(2007)41[26:EOFAHO]2.0.CO; 2.
- ↑ 3.0 3.1 3.2 Rasmussen PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide.. 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 246–247.
- ↑ Ali, S & S D Ripley (1981). Handbook of the birds of India and Pakistan. 3 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 299–302. ISBN 0-19-562063-1.
- ↑ Baker, E. C. S. (1919). "Descriptions of subspecies of Carine brama". Bulletin B.O.C. খণ্ড 40: 60–61.
- ↑ Ali, Salim (1996). The Book of Indian Birds. (12 সম্পাদনা). Oxford University Press. ISBN 0-19-561634-0.
- ↑ Brahmachary, R. L.; Basu, T. K.; Sengupta, A. J. (1972). "On the daily screeching time of a colony of spotted owls Athene brama (Temminck)". J. Bombay Nat. Hist. Soc. খণ্ড 69 (3): 649–651.
- ↑ Jain AP, R Advani (1983). "Winter food of spotted owlet, Athene brama indica". Journal of the Bombay Natural History Society খণ্ড 80 (2): 415–416.
- ↑ 9.0 9.1 Anika Jadhav, Parasharya, B. M. (2003). "Some observations on the nesting behaviour and food of the spotted owlet Athene brama" (PDF). Zoos'print journal খণ্ড 18 (8): 1163–1165. Archived from the original on 2011-09-29. https://web.archive.org/web/20110929014222/http://www.zoosprint.org/ZooPrintJournal/2003/August/1163-1165.pdf। আহৰণ কৰা হৈছে: 2013-04-24.
- ↑ Santhanakrishnan R; Ali AHMS; Anbarasan U (2011). "Food habits and prey spectrum of Spotted Owlet (Athene brama) in Madurai District, Tamil Nadu, southern India". Chinese Birds খণ্ড 2 (4): 193–199. doi:10.5122/cbirds.2011.0027.
- ↑ Pande, S., A. Pawashe, D.B. Bastawade & P.P. Kulkarni (2004). "Scorpions and molluscs: some new dietary records for Spotted Owlet Athene brama in India". Newsletter for Ornithologists খণ্ড 1 (5): 68–70.
- ↑ Satish Pande, Amit Pawashe, M.N. Mahajan & Anil Mahabal (2006). "Changing nest site preference for holes in earth cuttings in Spotted Owlet Athene brama" (PDF). Indian Birds খণ্ড 2 (1): 7–8. Archived from the original on 2011-07-20. https://web.archive.org/web/20110720174314/http://www.indianbirds.in/pdfs/Changing%20nest%20site%20preference.pdf। আহৰণ কৰা হৈছে: 2013-04-24.
- ↑ Pande S; Pawashe A; Mahajan MB; Mahabal A; Yosef R; Dahanukar N (2011). "Biometry based ageing of nestling Indian Spotted Owlets ( Athene brama brama)". Zookeys খণ্ড 132 (132): 75–88. doi:10.3897/zookeys.132.1346. PMID 22140335.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Athene brama সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Athene brama সম্পৰ্কে অধিক তথ্য আছে |
- Compilers: Stuart Butchart, Jonathan Ekstrom (2008). "Spotted Owlet – BirdLife Species Factsheet". Evaluators: Jeremy Bird, Stuart Butchart. BirdLife International. . http://www.birdlife.org/datazone/species/index.html?action=SpcHTMDetails.asp&sid=2288&m=0। আহৰণ কৰা হৈছে: June 1, 2009.*
- Spotted Owlet videos, photos & sounds on the Internet Bird Collection
- Owl pages