বৰ বগ
বৰ বগ (Great Egret) | |
---|---|
![]() | |
প্ৰজনন নোহোৱা কালত এটা পূৰ্ণবয়স্ক বৰ বগ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Pelecaniformes |
পৰিয়াল: | Ardeidae |
গণ: | Ardea |
প্ৰজাতি: | A. alba |
বৈজ্ঞানিক নাম | |
Ardea alba Linnaeus, 1758 | |
সমাৰ্থক | |
Casmerodius albus |
বৰ বগ[2] (ইংৰাজী: Great Egret, বৈজ্ঞানিক নাম-Ardea alba)[3][4][5] এটা ডাঙৰ আকাৰৰ আৰু বহুলভাৱে বিস্তৃত বগলীৰ প্ৰজাতি৷
বিৱৰণ[সম্পাদনা কৰক]
বৰ বগ এটা ডাঙৰ আকাৰৰ বগলীৰ প্ৰজাতি৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ ইয়াৰ উচ্চতা প্ৰায় এক মিটাৰ আৰু দৈৰ্ঘ্য প্ৰায় ৮০-১০৪ ছেণ্টিমিটাৰ৷[6][7] ইয়াৰ দেহৰ ওজন ৭০০-১৫০০ গ্ৰাম পৰ্যন্ত হ'ব পাৰে৷[8]দেখাত একেধৰণৰ বগলীৰ আনবোৰ প্ৰজতিৰ পৰা ইয়াক ইয়াৰ হালধীয়া ঠৌঁট, ক'লা ঠেং আদিৰ দ্বাৰা পৃথক কৰিব পৰা যায়৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন প্ৰায় একে হয়৷
উৰন্ত অৱস্থাত ইয়াৰ দীঘল ডিঙিটো কোঁচ খুৱাই থয়৷ ই সাধাৰণতে নিমাতে থাকে৷ কেতিয়াবাহেকুক কুক কুক বুলি মতা শুনা যায়৷
টেক্স'নমি[সম্পাদনা কৰক]
বৰ বগৰ সাধাৰণতে চাৰিটা উপ-প্ৰজাতি দেখা পোৱা যায়৷ এইবোৰ হ'ল-
- Ardea alba alba (ইউৰোপ)
- Ardea alba egretta (আমেৰিকা)
- Ardea alba melanorhynchos (আফ্ৰিকা)
- Ardea alba modesta (ভাৰত, দক্ষিণ-পূব এছিয়া, আৰু ওচেনিয়া)
আচৰণ[সম্পাদনা কৰক]
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
খাদ্য[সম্পাদনা কৰক]
বৰ বগে সাধাৰণতে অগভীৰ পানীত খাদ্যৰ সন্ধান কৰে৷ ই প্ৰধানকৈ মাছ, ভেকুলী, সৰু মেৰুদণ্ডী প্ৰাণী, সৰীসৃপ, পোক-পতংগ আদি খাই জীয়াই থাকে৷ ই চিকাৰৰ সময়ত বহু সময় লৰচৰ নকৰাকৈ চোপ লৈ থাকি অৱশেষত চিকাৰক ইয়াৰ দীঘল ঠোঁটেৰে টান মাৰি উঠাই আনে৷
প্ৰজনন[সম্পাদনা কৰক]
বৰ বগ আংশিক ভাৱে পৰিভ্ৰমণকাৰী চৰাই৷ ই শীতকালত উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰে বুলি জনা যায়৷ ই সাধাৰণতে বৃহৎ গোটত বাস কৰে৷ জলাশয়ৰ পাৰৰ গছত ই গছৰ ডালিৰে বাহ সাজে৷
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ সাঁচ:IUCN2010
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Thomas Bewick (1809). "The Great White Heron (Ardea alba, Lin. – Le Heron blanc, Buff.)". Part II, Containing the History and Description of Water Birds. A History of British Birds. প্ৰকাশক Newcastle: Edward Walker. পৃষ্ঠা. 52. http://www.biodiversitylibrary.org/item/82314#page/386/mode/1up.
- ↑ B. Bruun, H. Delin, L. Svenson. The Hamlyn Guide to Birds to Britain and Europe. London, 1970, 36.
- ↑ Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3.
- ↑ [1]
- ↑ [2]
- ↑ CRC Handbook of Avian Body Masses by John B. Dunning Jr. (Editor). CRC Press (1992), ISBN 978-0-8493-4258-5.
- Roger Tory Peterson (1998). Eastern Birds. Peterson Field Guides (4th সম্পাদনা). প্ৰকাশক New York: Houghton Mifflin. পৃষ্ঠা. 102. ISBN 978-0-395-91176-1.
- David W. Snow, Christopher M. Perrins, Paul Doherty & Stanley Cramp (1998). The Complete Birds of the Western Palaearctic on CD-ROM. Oxford University Press. ISBN 0-19-268579-1.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত Ardea alba সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
![]() |
ৱিকিপ্ৰজাতিত Ardea alba সম্পৰ্কে অধিক তথ্য আছে |
- Ageing and sexing (PDF) by Javier Blasco-Zumeta & Gerd-Michael Heinze
- Great (White) Egret - Species text in The Atlas of Southern African Birds
- The Great White Egret Image documentation
- Great Egret Information – Cornell Lab of Ornithology
- Great Egret Information – USGS Patuxent Bird Identification InfoCenter