কণামুছৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কণামুছৰি (Indian Pond Heron)
শ্ৰীলংকাত প্ৰজনন নোহোৱা সময়ত (In non-breeding plumage) এটা কণামুছৰি চৰাই
কলিকতাত প্ৰজননৰ সময়ত (In breeding plumage) এটা কণামুছৰি চৰাই)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Pelecaniformes
পৰিয়াল: Ardeidae
গণ: Ardeola
প্ৰজাতি: A. grayii
বৈজ্ঞানিক নাম
Ardeola grayii
(Sykes, 1832)
সমাৰ্থক

Ardeola leucoptera

কণামুছৰি (ইংৰাজী: Indian Pond Heron, বৈজ্ঞানিক নাম:Ardeola grayii) এবিধ হেৰন (Heron) গোটৰ অন্তৰ্ভুক্ত সৰু আকাৰৰ চৰাই৷ ই দক্ষিণ ইৰাণ, ভাৰত, বাৰ্মা, বাংলাদেশ আৰু শ্ৰী লংকাত প্ৰজনন কৰা বুলি জনা যায় ৷ কণামুছৰি বহুলভাৱে বিস্তৃত আৰু প্ৰায় সকলো জলাশয়তে ইয়াক দেখা যায়৷ উৰন্ত সময়ত উজ্জ্বল বগা ডেউকাৰে ইয়াক সহজে চকুত পৰে, কিন্তু অন্য সময়ত অৰ্থাৎ খাদ্যৰ সন্ধানত চৰি থকা অৱস্থাত চাৰিওকাষৰ পৰিৱেশৰ সৈতে এনেদৰে মিলি থাকে (camouflage)। একেবাৰে কাষ পালেও ইয়াক সহজে দেখা নাযায়৷ এইবাবেই জনমানসত এই প্ৰজাতিৰ চৰাইক কণা বুলি ধাৰণা কৰি ইয়াৰ নাম কণামুছৰি দিয়া হয় [2][3]

কনামুছৰি চৰাইৰ মাত

বিৱৰণ[সম্পাদনা কৰক]

ভাৰতৰ কলকাতাত প্ৰজননৰ সময়ত হোৱা ৰঙা বৰণৰ ঠেঙৰে কণামুছৰি চৰাই

কণামুছৰিক চুটি ডিঙি আৰু শকত ঠোঁটেৰে সৈতে গাঠলু (stocky) যেন দেখা যায়৷ বাৰিষা কালত পূৰ্ণবয়স্ক কণামুছৰি চৰাইৰ ডিঙিৰ পাখি দীঘল হয়৷ অন্য সময়ত ইয়াক শেঁতা বৰণৰ দেখা যায় যদিও উৰন্ত অৱস্থাত ডেউকাৰ বগা বৰণে ইয়াক উজ্জল কৰি তোলে৷

উৰন্ত অৱস্থাত দৃশ্যমান হোৱা বগা ডেউকা

প্ৰজননৰ সময়ত পূৰ্ণবয়স্ক কণামুছৰিৰ ঠেং ৰঙা বৰণৰ হোৱা দেখা যায়৷ এনে পৰিঘটনা খুব কমসংখ্যক কণামুছৰিৰ ক্ষেত্ৰতহে দেখা পোৱাৰ বাবে ইয়াক স্বাভাৱিক পৰিৱৰ্তনৰ সলনি জিনগত পৰিৱৰ্তন (genetic variants) বুলিও ধাৰণা কৰাহয়৷ [4][5][6][7]

ইহঁত সাধাৰণতে নীৰৱে থাকে যদিও খেদা খালে বা বাহৰ ওচৰে পাজৰে থাকিলে তীক্ষ্ণ মাত (harsh croak) উলিয়ায়৷

কণামুছৰিৰ পোনপ্ৰথম বৰ্ণনা কৰিছিল কলনেল উইলিয়াম হেনৰি শ্বাইকিজ (William Henry Sykes) এ ১৮৩২ চনত। জন এডৱাৰ্ড গ্ৰে'ৰ (John Edward Gray) সন্মানাৰ্থে ইয়াৰ বৈজ্ঞানিক নাম Ardeola grayii ৰখা হয়৷

আচৰণ[সম্পাদনা কৰক]

কণামুছৰি ভাৰতবৰ্ষত বহুলভাৱে বিস্তৃত৷ সাধাৰণতে ইহঁত অকলশৰে থাকে যদিও খৰালি কালত জলাশয়ত উভৈনদীভাৱে খাদ্য থাকে বাবে ই ওচৰা ওচৰিকৈ থাকি চৰে৷ [8] কণামুছৰিয়ে জাক পাতিও বাস কৰে (semi-colonial breeders)৷[9]

খাদ্য[সম্পাদনা কৰক]

কণামুছৰিয়ে খাদ্যৰ বাবে জলাশয় সমূহত বাস কৰে৷ ইহঁতে জলাশয়ৰ বিভিন্ন জলজ উদ্ভিদ যেনে মেটেকা (Water hyacinth) আদিৰ সহায়ত দ পানীতো খাদ্যৰ সন্ধান কৰিবলৈ সক্ষম হয়৷ [10][11][12][13] কেতিয়াবা ইহঁতে পানীৰ পৰা জঁপিয়াইও খাদ্য চিকাৰ কৰে৷ [14] [15] কণামুছৰিয়ে পানীৰ পৰা ভেকুলী, মাছ আদি পাৰৰ ফালে খেদাইও চিকাৰ কৰে৷[16]

কণামুছৰিৰ প্ৰধান খাদ্য বিভিন্ন প্ৰজাতিৰ কেকোঁৰা, জলজ পোক-পতংগ, মাছ, ভেকুলী আৰু মাজে সময়ে জোক (Herpobdelloides sp.).[17] জলাশয়ৰ বাহিৰত ইহঁতে অন্যান্য পোক-পতংগ যেনে ফৰিং (crickets), জিঞা (dragonflies)[18], মাখি[19]) আৰু বিভিন্ন উভচৰ প্ৰাণী (amphibian) আদি ধৰি খায়৷ [20]

প্ৰজনন[সম্পাদনা কৰক]

বাৰিষাৰ আগে আগে কণামুছৰিৰ প্ৰজনন হয়৷ ইহঁতে সৰু সৰু জাকত বাহ সাজে৷ সাধাৰণতে গছৰ সৰু-সুৰা ডালেৰে বাহটো সাজে৷ প্ৰায়ভাগ বাহ পাতেৰে আৱৰা প্ৰকাণ্ড গছত ৯-১০ মিটাৰ উচ্চতাত সাজে৷ বাহ সজাৰ সামগ্ৰী মতা চৰায়ে সংগ্ৰহ কৰি আনে আৰু মাইকী কণামুছৰি চৰায়ে বাহটো সাজি উলিয়ায়৷ এবাৰত ৩-৫ টাকৈ কণী দিয়ে৷ [21] ১৮-২৪ দিনৰ ভিতৰত কণী ফুটি পোৱালী জগায়৷ মাক-দেউতাক দুয়োয়ে পোৱালিক খাদ্য খুৱায়৷ [22] পোৱালীয়ে প্ৰধানকৈ মাছ খায়৷ [8] ক্ষতি বা কোনোধৰণৰ অসুবিধা নথকা বাহ বছৰৰ পিছৰ বছৰো ব্যৱহৃত হয়৷ [23]

আলোকচিত্ৰ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2008). Ardeola grayii. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 5 February 2009.
  2. Anonymous (1998). "Vernacular Names of the Birds of the Indian Subcontinent" (PDF). Buceros খণ্ড 3 (1): 53–109. http://www.bnhsenvis.nic.in/pdf/vol%203%20(1).pdf. 
  3. Yule, Henry, Sir. Hobson-Jobson (1903). A glossary of colloquial Anglo-Indian words and phrases, and of kindred terms, etymological, historical, geographical and discursive. New ed. edited by William Crooke, B.A.. J. Murray, London. http://dsal.uchicago.edu/cgi-bin/philologic/getobject.pl?c.1:1:728.hobson. [সংযোগবিহীন উৎস]
  4. Gopisundar, K. S. (2004). "Abundance and seasonality of Indian Pond Herons Ardeola grayii with red legs in Uttar Pradesh, India" (PDF). Forktail খণ্ড 20. http://www.orientalbirdclub.org/publications/forktail/20pdfs/Sundar-PondHeron.pdf. 
  5. Abdulali, H. and Alexander, H. G. (1952). "Ardeidae with red legs". Ibis খণ্ড 94 (2): 363. doi:10.1111/j.1474-919X.1952.tb01829.x. 
  6. Wesley, H. D. (1993). "Genetics of the red tarsi and feet in the Pond Heron". Newsletter for Birdwatchers খণ্ড 33 (4): 73. http://www.archive.org/stream/NLBW33_4#page/n13/mode/1up. 
  7. Sundar, Gopi KS. "Distribution and extent of Pond Herons Ardeola grayii with red legs in India" (PDF). Indian Birds খণ্ড 1 (5): 108–115. http://indianbirds.in/download/IB1.5Final.pdf. [সংযোগবিহীন উৎস]
  8. 8.0 8.1 Begum, S. (2003). "Colonial nesting behavior in Indian Pond Heron (Ardeola grayii grayii) of Bangladesh" (PDF). Zoos' Print Journal খণ্ড 18 (6): 1113–1116. Archived from the original on 2018-06-03. https://web.archive.org/web/20180603164302/http://www.zoosprint.org/ZooPrintJournal/2003/June/1113-1116.pdf। আহৰণ কৰা হৈছে: 2013-01-15. 
  9. Gadgil, Madhav & Salim Ali (1975). "Communal roosting habits of Indian birds" (PDF). J. Bombay Nat. Hist. Soc. খণ্ড 72 (3): 716–727. http://ces.iisc.ernet.in/hpg/envis/mg/pdfs/mg018.pdf. 
  10. Chandra-Bose,DA (1969). "The Paddybird, Ardeola grayii (Sykes) floating on water". Pavo খণ্ড 7 (1&2): 74–75. 
  11. Neelakantan,KK (1986). "Pond heron afloat". Newsletter for Birdwatchers খণ্ড 26 (5–6): 11–13. http://www.archive.org/stream/NLBW26#page/n56/mode/1up. 
  12. Krishna, MB (1978). "Pond Herons". Newsletter for Birdwatchers খণ্ড 18 (10): 10. 
  13. Muir,GBF (1916). "Paddy-birds Ardeola grayii fishing". J. Bombay Nat. Hist. Soc. খণ্ড 24 (2): 366–367. 
  14. Grimwood,IM; Brocklehurst,MJC (1984). "Unusual feeding behaviour in the Paddy Bird or Indian Pond Heron Ardeola grayii". J. Bombay Nat. Hist. Soc. খণ্ড 81 (3): 696–697. 
  15. Sivasubramanian,C (1988). "Aerial feeding by Median Egret (Egretta intermedia), Little Egret (Egretta garzetta) and Pond Heron (Ardeola grayii)". J. Bombay Nat. Hist. Soc. খণ্ড 85 (3): 611–612. 
  16. Kirkpatrick, K. M. (1953). "Feeding habit of the Indian Pond Heron (Ardeola grayii)". J. Bombay Nat. Hist. Soc. খণ্ড 51 (2): 507. 
  17. Mathew,DN; Narendran,TC; Zacharias,VJ (1978). "A comparative study of the feeding habits of certain species of Indian birds affecting agriculture". J. Bombay Nat. Hist. Soc. খণ্ড 75 (4): 1178–1197. 
  18. Santharam,V. (2003). "Indian pond-herons Ardeola grayii feeding on dragonflies". Journal of Bombay Natural History Society খণ্ড 100 (1): 108. 
  19. Prasad,JN; Hemanth,J (1992). "Pond Heron Ardeola grayii (Sykes) feeding on bees". J. Bombay Nat. Hist. Soc. খণ্ড 89 (2): 246. 
  20. Sodhi, NS (1986). "Feeding ecology of Indian pond heron and its comparison with that of little egret". Pavo খণ্ড 24 (1&2): 97–112. 
  21. Pandey, Deep Narayan (1991). "Nesting of the Pond Heron Ardeola grayii (Sykes) on Eucalyptus trees". J. Bombay Nat. Hist. Soc. খণ্ড 88 (2): 281. 
  22. Yesmin, R., Rahman, K. & Haque, N. (2001). "The breeding biology of the Pond Heron (Ardeola grayii Sykes) in captivity". Tigerpaper খণ্ড 28 (1): 15–18. 
  23. Ali, S. & S. D. Ripley (1978). Handbook of the birds of India and Pakistan. 1 (2 সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 63–64. 

অন্যান্য উৎস[সম্পাদনা কৰক]

  • Lamba, B.S. (1963) Nidification of some Indian birds. No.6. The Indian Pond Heron or Paddy bird Ardeola grayii (Sykes). Pavo 1(1): 35-43.
  • de Boer LEM, van Brink JM (1982) Cytotaxonomy of the Ciconiiformes (Aves), with karyotypes of eight species new to cytology. Cytogenet Cell Genet 34:19-34 doi:10.1159/000131791
  • Parasharya,BM; Bhat,HR (1987) Unusual feeding strategies of the Little Egret and Pond Heron. Pavo 25(1&2), 13-16.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]