নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
স্থাপিত ১৯৪৫
অধ্যক্ষ লক্ষী ভূঞা
স্থান নাৰায়ণপুৰ, অসম, ভাৰত
পূৰ্বৰ নাম নাৰায়ণপুৰ হাইস্কুল
ভুক্তি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (উচ্চতৰ মাধ্যমিক)
অসম মাধ্যমিক শিক্ষা পৰিষদ (উচ্চ মাধ্যমিক)

নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন শিক্ষানুষ্ঠান।

ইতিবৃত্ত[সম্পাদনা কৰক]

১৯৪২ চনৰ স্বাধীনতা আন্দোলন আৰু দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছৰ সময়খিনিতে নাৰায়ণপুৰৰ কেইজনমান শিক্ষানুৰাগী লোকৰ প্ৰচেষ্টাত সেই সময়ৰ উত্তৰ লখিমপুৰ মহকুমাৰ মহকুমাধিপতি বি.এম.ডাম(B.M.Dam) চাহাবৰ সন্মতিক্ৰমে এখনি উচ্চ ইংৰাজী বিদ্যালয় নিৰ্মাণৰ যোজা চলিল। ১৯৪৫ চনৰ মাৰ্চ মাহৰ পৰা বিদ্যালয়ৰ ছাত্ৰৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ২ মে'ৰ পৰা আগৰে পৰা থকা মজলীয়া বিদ্যালয়ৰ ঘৰটোতে আনুষ্ঠানিকভাৱে পাঠদান আৰম্ভ হয়। বিদ্যালয়খনত প্ৰথম অৱস্থাত ৭ম শ্ৰেণীটো খোলা হয় আৰু মাধ্যমিক শাখাৰ সৈতে প্ৰতিষ্ঠা কালত মুঠতে ৫টা শ্ৰেণী হয়। প্ৰথম বছৰ ৭ম শ্ৰেণীত নামভৰ্তি কৰা ১৪জন ছাত্ৰ আছিল-

  • তৰুন হাজৰিকা
  • বিপিন বৰা
  • মানিক বৰা
  • থানেশ্বৰ শইকীয়া
  • কণদেউ শৰ্মা
  • বলিন হাজৰিকা
  • হৰকান্ত দত্ত
  • চিদানন্দ ভূঞা
  • যজ্ঞোৰাম সোণোৱাল
  • মামালাক দেউৰী
  • যজ্ঞেশ্বৰ হাজৰিকা
  • উপেন বৰা
  • চিনাদৰ দেউৰী
  • পদ্মেশ্বৰ শইকীয়া

এনেদৰেই ১৯৪৮ চনত উচ্চ মাধ্যমিক স্তৰৰ চাৰিটা শ্ৰেণী সম্পূৰ্ণ হয় আৰু ১৯৪৯ চনৰ প্ৰৱেশিকা পৰীক্ষাত প্ৰথম দলটোৱে ব্যক্তিগতভাৱে পৰীক্ষা দিয়ে।[1]

১৯৬০ চনত বিদ্যালয়খনি বৰ্তমানৰ স্থানলৈ স্থানান্তৰৰ আচঁনি লোৱা হয় যদিও বিভিন্ন কাৰণত এই প্ৰক্ৰিয়া লেহেমীয়া হৈছিল। ১৯৮৪ চনত দুই এটা শ্ৰেণীৰ বাহিৰে বৰ্তমান ঠাইত নতুন ঘৰত প্ৰায়বিলাক শ্ৰেণীৰ পাঠদান আৰম্ভ হ'লেও ১৯৮৫ চনতহে স্থানান্তৰৰ কাম সম্পূৰ্ণ হয়। ১৯৭৭ চনত বিদ্যালয়খনি প্ৰাদেশীকৃত বিদ্যালয় হয়। ১৯৭৫ চনৰ পৰা মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰ হিচাপে বিদ্যালয়খনিক নিৰ্বাচন কৰা হয়। কোঠাৰী আয়োগৰ প্ৰতিবেদন অনুসৰি অসম চৰকাৰেও ইতিমধ্যে দুই এখন বিদ্যালয়ত মুকলি কৰা উচ্চতৰ মাধ্যমিক শ্ৰেণী দুটা বিদ্যালয়খনিতো খুলিবৰ বাবে প্ৰধান শিক্ষক স্বৰ্গীয় চেনিৰঞ্জন দত্তই কৰা প্ৰচেষ্টা ১৯৭৮ চনত ফলৱতী হয়। লগে লগেই বিভাগীয় স্বীকৃত সহ উচ্চতৰ মাধ্যমিক স্তৰটোৱে অনুমোদন লাভ কৰে আৰু বিদ্যালয়খনিৰ নাম দিয়া হয়- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়[1]

১৯৮১ চনৰ ৩১ মাৰ্চ তাৰিখে উপাধ্যক্ষ সিদ্ধেশ্বৰ নেওগ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। তেখেতৰ প্ৰচেষ্টাত বিদ্যালয়খনে শিক্ষাৰ গুণগত বিকাশৰ দিশত যথেষ্ট সাফল্য লাভ কৰে। দুৰ্ভাগ্যবশতঃ অধ্যক্ষৰ কোঠাত নিজৰ আসনত কৰ্মব্যস্ত হৈ থকা অৱস্থাতে ১৯৮৬ চনৰ ২৫ জানুৱাৰীৰ দিনা এইগৰাকী অধ্যক্ষৰ দেহাৱসান ঘটে।

১৯৮৮ চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই বিদ্যালয়ক উচ্চতৰ মাধ্যমিক শিক্ষা কেন্দ্ৰ আৰু অধ্যক্ষগৰাকীক পৰীক্ষা পৰিচালনাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিয়োগ কৰে।

১৯৯৫ চনত বিদ্যালয়খনে প্ৰতিষ্ঠাৰ পঞ্চাছ বছৰ পূৰ্ণ কৰা উপলক্ষে সোণালী জয়ন্তী আৰু ২০১১ চনত হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে।

ছাত্ৰ আৰু কৰ্মচাৰী[সম্পাদনা কৰক]

বৰ্তমান বিদ্যালয়খনিৰ উচ্চতৰ মাধ্যমিক কলা শাখাত ইংৰাজী, অসমীয়া, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, উচ্চ অসমীয়া, বুৰঞ্জী, শিক্ষা, অংক, তৰ্কবিদ্যা, সমাজবিজ্ঞান আৰু ভূগোল বিষয়ৰ পাঠদানৰ ব্যৱস্থা আছে। অন্যহাতে বৃত্তিমুখী শাখাত মৎস্যপালন আৰু ৰেডিঅ'-টিভি মেৰামতি বিষয়ৰ পাৰ্ঠদান হয়। বিদ্যালয় পৰিচালনা সমিতিয়ে বাণিজ্য আৰু বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে চৰকাৰক অনুৰোধ জনাইছে। বিদ্যালয়ত বৰ্তমান অধ্যক্ষ আৰু বৃত্তিমুখী পাঠ্যক্ৰমত অংশকালীন শিক্ষককে ধৰি মুঠ কতৰ্ব্যৰত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা ৪৬ গৰাকী। উচ্চবৰ্গৰ সহায়ক এজন আৰু নিম্নবৰ্গৰ সহায়ক দুজন। মুঠ চতুৰ্থবৰ্গৰ কৰ্মচাৰী তিনিজন। তাৰে দুজন অবৈতনিক। উচ্চতৰ মাধ্যমিক কলা শাখাত প্ৰথম আৰু দ্বিতীয় বাৰ্ষিকত বৰ্তমান ১৬০খনকৈ আসনৰ ব্যৱস্থা আছে। বৰ্দ্ধিত ছাত্ৰ-ছাত্ৰীৰ হেঁচাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে সাক্ষাৎকাৰ অনু্স্থিত কৰি নাম ভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী বাচনি কৰা হয়।[1]

সফলতা[সম্পাদনা কৰক]

  • ১৯৮৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্ৰী ভাস্কৰজ্যোতি শৰ্মাই সমগ্ৰ অসমৰ ভিতৰতে ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে। তেঁও বৰ্তমান এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
  • ১৯৯৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্ৰীমতী স্মৃতিমালা শৰ্মাই অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰে।
  • ২০০২ চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শ্ৰী অনুপল বৰাই অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰে।
  • ২০০৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্ৰী ঋতুৰাজ দত্তই অসমৰ ভিতৰত অষ্টম স্থান লাভ কৰে।[1]

বিদ্যালয়ৰ প্ৰথম[সম্পাদনা কৰক]

  • মাধ্যমিক শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত প্ৰথম ছাত্ৰ- শ্ৰী ভাস্কৰজ্যোতি শৰ্মা
  • মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা প্ৰথম ছাত্ৰ- শ্ৰী ভূপেন হাজৰিকা
  • লেটাৰ পোৱা প্ৰথম ছাত্ৰ- শ্ৰী বোধেশ্বৰ শইকীয়া
  • মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা প্ৰথম ছাত্ৰী- শ্ৰীমতী ৰঞ্জুলা বৰা আৰু শ্ৰীমতী ৰীতা গোস্বামী
  • উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা প্ৰথম ছাত্ৰ- শ্ৰী ভোগেশ্বৰ ফুকন
  • উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ পোৱা প্ৰথম ছাত্ৰী- শ্ৰীমতী জয়ন্তী ফুকন
  • উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্ৰাপ্ত প্ৰথম ছাত্ৰ- শ্ৰী অনুপল বৰা
  • প্ৰথম শিক্ষয়িত্ৰী- শ্ৰী হেমপ্ৰভা হাজৰিকা[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "হীৰকজ্যোতি, হীৰক জয়ন্তী স্মৃতিগ্ৰন্থ". নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়. ২২ অক্টোবৰ ২০১১.