অনিৰুদ্ধদেৱ
মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ইংৰাজী: Anirudahadev (১৫৫৩-১৬২৩) এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক আছিল।
জীৱনী
[সম্পাদনা কৰক]অনিৰুদ্ধদেৱৰ জন্ম হৈছিল উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দকুৱা গাঁৱৰ বিষ্ণু বালিকুঞ্চিত ১৪৭৫ শকত ( ১৫৫৩ খ্ৰীষ্টাব্দৰ) ব’হাগ মাহৰ শুক্লা দশমী তিথিত। অনিৰুদ্ধদেৱৰ পিতৃ পৰিয়াল নাৰায়নপুৰৰ ভূঞাঁ বা জমিদাৰ আছিল। অনিৰুদ্ধদেৱৰ চৰিত পুথি আৰু তেওঁৰ দ্বাৰা ৰচিত চতুৰ্থ স্কন্ধ ভাগৱতৰ ২৬৬-২৭১ পদত উল্লিখিত আত্ম-পৰিচয় অনুসৰি তেওঁৰ উপৰিপুৰুষসকল যদুবংশ জাত শশবিন্দু নৃপৰ পুত্ৰ ভগদত্ত, ভগদত্তৰ পুত্ৰ ৰামবৰ আৰু হৰিবৰ। হৰিবৰ নেপাল দেশৰ শাসনকৰ্তা আছিল। [1] তেওঁৰ পিতৃৰ নাম গোন্দাগিৰি ভূঞা আৰু মাতৃৰ নাম আজলী।[2] আজলী শ্ৰীমন্ত শংকৰদেৱৰ খুৰাকৰ জীয়েক আছিল। গোণ্ডাগিৰি আৰু আজলী আইৰ পাঁচজন পুত্ৰৰ ভিতৰত অনিৰুদ্ধদেৱ তৃতীয় সন্তান আছিল বুলি চৰিত পুথিৰ পৰা জনা যায়। গোন্দাগিৰি লখিমপুৰ, বিহপুৰ (বৰ্তমানৰ বিহপুৰীয়া), নাৰায়ণপুৰ, ধলপুৰ আৰু কলংপুৰ- এই পঞ্চপুৰৰ শাসনাধিপতি আছিল। [3] শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ দ্বাৰা ৰচিত ভাগৱত শাস্ত্ৰ গ্ৰন্থৰ পুৰঞ্জন উপাখ্যান আৰু পঞ্চম স্কন্ধ ভাগৱতৰ ২৯২-২৯৭ পদত এই অঞ্চলৰ বিৱৰণ পোৱা যায়। [4] [5] পাঁচজন ককাই-ভাইৰ মাজত মধ্যম অনিৰুদ্ধদেৱৰ পিতৃদত্ত নাম আছিল হৰকণ্ঠ গিৰি। তেৰাৰ পঞ্চভাতৃসকলৰ জেষ্ঠ ডবানকা বা মোহন মুৰাৰীয়ে পুৰুষোত্তম ঠাকুুুৰৰ ওচৰত শৰণ লয় পৰৱৰ্তীসময়ত বেঙেনাআটী সত্ৰ পাতে। দ্বিতীয়জনা ভাতৃ নেপালদেশৰ শাসনকৰ্ত্তা হয়। তৃতীয় আৰু চতুুু্ৰ্থজনাই গৃৃহতে মনোনিৱেশ কৰে।
চৰিত পুথিৰ পৰা জনা যায় যে ভক্তিমাৰ্গত প্ৰবেশ কৰিবৰ সময়ত অনিৰুদ্ধদেৱ বিবাহিত আছিল। তেৰাৰ পাঁচজন পুত্ৰ আছিল। পুৰণিমাটি সত্ৰৰ চৰিতত কোৱা হৈছে যে অনিৰুদ্ধদেৱৰ দুগৰাকী পত্নী আছিল আৰু তেওঁলোকৰ মুঠ পাঁচজন পুত্ৰ আৰু ছগৰাকী জীয়ৰী আছিল। সেই সময়ত অনিৰুদ্ধদেৱৰ বয়স আছিল প্ৰায় ৪৮ বছৰ আৰু তেতিয়াই তেওঁ গোপাল আতাৰ ওচৰত শৰণ লয়।[6]কালজাৰ সত্ৰলৈ গৈ হৰকণ্ঠই মহাপুুৰুষ গোপালদেৱৰ(ভৱানীপুৰীয়া)শিষ্যত্ব গ্ৰহণ কৰে। গোপাল আতাৰ কালঝৰ সত্ৰত অনিৰুদ্ধদেৱ তিনিবছৰ আছিল। গোপালদেৱ আতাই তেখেতক অনিৰুদ্ধ নাম দিয়ে।
অনিৰুদ্ধদেৱৰ ধৰ্ম আৰু ধৰ্মপ্ৰচাৰ
[সম্পাদনা কৰক]মহাপুৰুষ শ্ৰীশ্ৰীগোপালদেৱে পৰৱৰ্তীকালত তেৰাক উজনিত ধৰ্মপ্ৰচাৰৰ হেতু ধৰ্মাচাৰ্য পদত অধিষ্ঠিত কৰাই আজ্ঞা কৰিছিল"মধুমতী মায়াৰ শিৰত চৰি তুমি। প্ৰচাৰিবা ধৰ্ম মায়ামৰা সত্ৰ পাতি।" গুৰু আজ্ঞানুসাৰে ১৬০১চনত তেৰাই ধৰ্ম প্ৰচাৰৰ কামত ব্ৰতী হয়। চৰিতপুথিত উল্লেখ থকা অনুসৰি অনিৰুদ্ধদেৱে ঘৰলৈ আহি পোনপ্ৰথমে তেওঁৰ পিতৃ মাতৃক নতুন ভক্তিমাৰ্গত দীক্ষিত কৰে আৰু তেওঁ নিজৰ গাঁৱলৈ উভতি গৈ শ্ৰী শ্ৰীবিষ্ণু বালিকুঞ্চি সত্ৰ প্ৰতিষ্ঠা কৰে। অনিৰুদ্ধদেৱৰ উদাৰ ধৰ্মনীতিৰ ফলত জাতি অজাতি আনকি মুছলমানসকলৰ মাজৰ পৰাও বহু লোক আহি অনিৰুদ্ধদেৱৰ শিষ্য হ'ল। যদিও নিজ ভায়েক ককায়েকৰ মাজত মতানৈক্য বৃদ্ধি পাবলৈ ধৰিলে। জেষ্ঠ্য ভাতৃ ডবানকা ওৰফে মোহন মুৰাৰীয়ে ফালৰি কাটি গৈ পুৰুষ সংহতিত যোগ দিলে আৰু পাছত বেঙ্গেনাআটী সত্ৰ প্ৰতিষ্ঠা কৰিলে। তেওঁৰ লগতে নিৰঞ্জন নামৰ আন এজন ভায়েকেও অনিৰুদ্ধদেৱৰ লগ এৰিলে। পুৰণিমাটি সত্ৰৰ চৰিত পুথি অনুসৰি ৰূপ আৰু বলী নামৰ আৰু দুজন ভাতৃয়েও অনিৰুদ্ধদেৱৰ লগ এৰিলে। পিতৃ মাতৃৰো মৃত্যু ঘটিছিল। উত্তৰৰ পাহাৰীয়া ডফলা সকলৰ অত্যাচাৰ বাঢ়ি আহে। সেয়ে লুইত পাৰ হৈ সেই সময়ৰ মাজুলীৰ উত্তৰ পশ্চিমে থকা আৰিকাটি মুখৰ পোনে পোনে কৈৱৰ্তসকলৰ অধ্যুষিত ঠাই মোৱামাৰী নামৰ এখন বিলৰ কাষতে ধৰ্মকেন্দ্ৰ স্থানান্তৰ কৰে। জনশ্ৰুতি আৰু কিংবদন্তী অনুসৰি মোৱামাৰী বিলখন মাজুলীৰ পশ্চিম অংশত আছিল।[7]চৰিত পুথিত উল্লেখ থকা অনুসৰি স্বৰ্গদেউ প্ৰতাপসিংহই অনিৰুদ্ধদেৱৰ ব্যক্তিত্বৰ উমান লবলৈ এবাৰ তেওঁ অনিৰুদ্ধদেৱক ৰাজধানী গড়গাঁৱলৈ মাতি পঠিয়ালে আৰু সকলো ডা-ডাঙৰীয়াৰ সন্মুখতে তেওঁৰ এটা পৰীক্ষা ল'লে। ৰজা প্ৰতাপসিংহৰ নিৰ্দেশমতে এটা কলহৰ ভিতৰত এডাল দীঘল পাগুৰী সুমুৱাই লৈ কলহটোৰ মুখখন এখন কাপোৰেৰে বান্ধি কটলহটো অনিৰুদ্ধদেৱৰ আগত থলে। তাৰ পিছত ৰজাই কলহটোলৈ আঙুলিয়াই অনিৰুদ্ধদেৱক সুধিলে যে কলহটোৰ ভিতৰত কি আছে? যদি সঠিক উত্তৰ দিব নোৱাৰে তেন্তে যিকোনো শাস্তিৰ ফল অনিৰুদ্ধদেৱে ভুগিব লাগিব বুলি ৰজাই উল্লেখ কৰিলে। অনিৰুদ্ধদেৱে ক'লে যে কলহটোত এটা ফেটী সাপ আছে। অনিৰুদ্ধদেৱৰ কথাত ৰজাঘৰীয়া সকল উৎফুল্ল হ'ল। কিয়নো এতিয়া অনিৰুদ্ধদেৱে শাস্তি ভোগ কৰিবই লাগিব। কিন্তু কলহটোৰ মুখখন খুলি দিয়াৰ লগে লগেই লহলহকৈ জিভা মেলি সঁচাকৈ এটা প্ৰকাণ্ড ফেটী সাপ ওলাই আহিল। ৰাজসভা ভয়তে হতভম্ব হৈ পৰিল আৰু ৰজাই অনিৰুদ্ধদেৱক মায়া সাপক দমন কৰিবলৈ অনুৰোধ কৰিলে আৰু অনিৰুদ্ধদেৱে মায়া সাপক নোহোৱা কৰিলে। চৰিত পুথিমতে অনিৰুদ্ধদেৱৰ এনে মায়া সৃষ্টি কৰিব পৰা ক্ষমতা দেখি প্ৰতাপসিংহই অনিৰুদ্ধদেৱৰ পন্থাটোক 'মায়ামৰা 'নাম দিলে। ১৬০৬ চনত মৰনৈৰ দাঁতিত নাহৰআটী সত্ৰ প্ৰতিষ্ঠা কৰে আৰু প্ৰয়াণৰ সময় পৰ্যন্ত তেৰাই উক্ত সত্ৰতে জীৱণকাল অতিবাহিত কৰে। মুঠ ২৫ বছৰ কাল ধৰ্মপ্ৰচাৰ কৰাৰ পিছত ১৫৪৮ শক (১৬২৩ খ্ৰীষ্টাব্দ) অনিৰুদ্ধদেৱৰ মহা প্ৰয়াণ হয়।[2] তেওঁৰ পাৰ্থিৱ দেহৰ সৎকাৰ এই সত্ৰতে কৰা হয় বাবে নাহৰআটী সত্ৰ কালসংহতিৰ সেৱকসমস্ৰ বাবে পুণ্যস্থান।[2]
চৰিত পুথি অনুসৰি অনিৰুদ্ধদেৱৰ পৰিচয়
[সম্পাদনা কৰক]গোপালদেৱ চৰিত পুথিত অনিৰুদ্ধদেৱৰ পৰিচয় এইদৰে দিয়া আছে: [3]
শুনা আবো বাপ অনিৰুদ্ধৰ চৰিত।
সিসৱ কথাক আৱে কৰিবো বিদিত॥
বৰদলৈ নামে ভূঞা নাৰায়ণপুৰৰ।
তান পঞ্চ সন্ততি ভৈলন্ত মনোহৰ॥
পঞ্চ যে গ্ৰামৰ অধিকাৰী হৈয়াছিল।
শেষ কালে পঞ্চকো বিভাগ কৰিছিল॥
বাপ অনিৰুদ্ধে বোলে মোক নলাগয়।
সাধু সংগে লৈবো মই বুলিলা নিশ্চয়॥
উল্লেখযোগ্য অৱদান
[সম্পাদনা কৰক]অনিৰুদ্ধদেৱে মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তন কৰিছিল। ভাগৱতৰ ৫ম স্কন্ধ আৰু ৪ৰ্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যান অংশৰ পদ ভাঙনি কৰিছিল। লগতে ৬টি ভটিমা আৰু ১৮২টা গীত ৰচনা কৰিছিল। তেখেতৰ প্ৰণীত ন-ঘোষা বা ভক্তিমঙ্গল ঘোষাত ৮০৫টি ঘোষা সংকলিত কৰা আছে। ইয়াৰোপৰি এখন তত্ত্বমূলক গ্ৰন্থ প্ৰণয়ন কৰিছিল বুলি কথিত।[8]
চিত্ৰ-বীথিকা
[সম্পাদনা কৰক]-
লখিমপুৰ জিলাৰ ধলপুৰ দকুৱা গাঁৱত অনিৰুদ্ধদেৱ্ৰ জন্মস্থান বিষ্ণু বালিকুঞ্চি সত্ৰৰ আদৰণি তোৰণ
-
বিষ্ণু বালিকুঞ্চি সত্ৰৰ পুৰণি নামঘৰ
-
বিষ্ণু বালিকুঞ্চি সত্ৰৰ পুৰণি নামঘৰৰ প্ৰৱেশদ্বাৰ
-
বিষ্ণু বালিকুঞ্চি সত্ৰৰ নিৰ্মাণৰত নতুন নামঘৰ
তথ্য সমল
[সম্পাদনা কৰক]- ↑ মাণিক চন্দ্ৰ গগৈ (এপ্ৰিল ২০১৫). "সমন্বয়". সমন্বয়, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৩ সংখ্যক জন্মোৎসৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰআটী থান পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ: ১৮-২১.
- ↑ 2.0 2.1 2.2 ’মায়ামৰা বুৰঞ্জী’- শ্ৰী শ্ৰীকুমাৰ দহোতীয়া, প্ৰথম প্ৰকাশ ২০০১, শৰাইঘাট প্ৰিণ্টাৰ্ছ, গুৱাহাটী
- ↑ 3.0 3.1 ড° বীৰেন্দ্ৰ কুমাৰ গোঁহাই (এপ্ৰিল ২০১৫). "সমন্বয়". সমন্বয়, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৩ সংখ্যক জন্মোৎসৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰআটী থান পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ: ৩-১০.
- ↑ পৰেশ দত্ত (১৯৯৮). কল্পতৰু. প্ৰকাশক দকুৱা, ধলপুৰ, লখিমপুৰ: নামনি উত্তৰ লক্ষীমপুৰ মইনা পাৰিজাতৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ প্ৰকাশন সমিতি. পৃষ্ঠা. ক-ছ.
- ↑ চিদানন্দ গোস্বামী. শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ চৰিত্ৰ আৰু মায়ামৰা সত্ৰৰ বংশাৱলী. প্ৰকাশক তিনিচুকীয়া.
- ↑ প্ৰকাশ, জানুৱাৰী ২০২৫, ডম্বৰুধৰ নাথ
- ↑ প্ৰকাশ, জানুৱাৰী ২০২৫, ডম্বৰুধৰ নাথ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী