গোপালদেৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গোপাল আতাৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
শ্ৰী শ্ৰী গোপালদেৱ
জন্ম গোপালদেৱ
১৫৪০ খ্ৰীষ্টাব্দ
খোখোৰাগ্ৰামৰ নাচনী ঘাট (বৰ্তমানৰ গড়গাঁৱৰ সমীপৰ বালিঘাটৰ বৰদুৱাৰমুখ), শিৱসাগৰ জিলা, অসম
মৃত্যু ১৬১১ খ্ৰীষ্টাব্দ
ছদ্মনাম ভৱানীপুৰীয়া শ্ৰীশ্ৰী গোপালদেৱ
সাহিত্যিক বিপ্লৱ ভক্তি আন্দোলন

ভৱানীপুুৰীয়া শ্ৰী শ্ৰী গোপালদেৱ (১৫৪০-১৬১১)[1] বৈষ্ণৱ যুগৰ বিখ্যাত কবি, নাট্যকাৰ আৰু উজনি অসমত ভক্তি আন্দোলনৰ প্ৰধান গুৰি ধৰোঁতা আছিল।[2] তেওঁক মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ উত্তৰসুৰী হিচাপে গণ্য কৰা হয়। ভৱানীপুৰৰ হোৱা বাবে তেওঁক ভৱানীপুৰীয়া গোপালদেৱ বোলা হয়।

জীৱনী[সম্পাদনা কৰক]

১৫৪০ চনত শিৱসাগৰ জিলাৰ খোখোৰাগ্ৰামৰ নাচনী ঘাট, বৰ্তমানৰ গড়গাঁৱৰ সমীপৰ বালিঘাটৰ বৰদুৱাৰমুখত গোপাল দেৱৰ জন্ম হৈছিল।

"খোখোৰাগ্ৰামৰ কোণে নাচনিঘাটত । তথাত ভৈলন্ত দেৱ গোপাল বেকত ।।"

তেওঁৰ পিতৃৰ নাম কামেশ্বৰ আৰু মাতৃৰ নাম বজ্ৰাঙ্গী । পিছলৈ তেওঁলোকৰ পৰিয়াল নাজিৰাৰ পৰা কামৰূপ জিলাৰ ভৱানীপুৰলৈ উঠি যায়। তেওঁ পোন প্ৰথমে এজন ব্ৰাহ্মণ পণ্ডিতৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল।[3] গোপালদেৱৰ দুজন পুত্ৰ আৰু আৰু এগৰাকী কণ্যা আছিল ।

"এহিমতে সুখে যেৱে গোপাল আছন্ত । তেৱে তান দুই জন সন্ততি ভৈলন্ত ।। কমললোচন নাম বৰ ঠাকুৰৰথৈলা দামোদৰ নাম কনিষ্ঠ জনৰ ।। দুইহন্তৰ ৰূপে গুণে কেহো নোহে সম । ভৈল একজন আৰো দুহিতা উত্তম ।। তান গুণে সমস্তৰে মন সন্তোষিলাঅতি দয়াতৰে পদ্মপ্ৰিয়া নাম থৈলা ।।"

দুই পুত্ৰৰ নাম কমললোচন আৰু দামোদৰ । দুহিতা গৰাকীৰ নাম পদ্মপ্ৰিয়া। আই পদ্মপ্ৰিয়া ১৬শ শতিকাৰ প্ৰথম অসমীয়া মহিলা কবি।[3]

কৰ্মৰাজি[সম্পাদনা কৰক]

তেওঁ বৈষ্ণৱ গুৰু হিচাপে প্ৰথমে ভৱানীপুৰ সত্ৰ স্থাপন কৰিছিল । পৰৱৰ্তী সময়ত বৰপেটা জিলাৰ পাঠশালাৰ পৰা ৭ কিঃমিঃ নিলগত কালঝাৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই দুয়োখন সত্ৰৰ পৰায়ে তেওঁ ধৰ্মপ্ৰচাৰৰ কামত নিয়োজিত হৈছিল।[3] গোপাল আতাৰ চৰিত পুথি মতে তেওঁক মাধৱদেৱৰ উত্তৰসুৰী হিচাপে গণ্য কৰে। ভেলাথানত থাকোতেই মাধৱপুৰুষে গোপালদেৱক ধৰ্মাচাৰ্য্যৰ পদত অধিষ্ঠিত কৰাৰ সংকল্প লৈছিল। এই কথাৰ উমান পাই থানৰ ভকতসকল বৰ আনন্দিত হ'ল।গুৰুজনে এই সংবাদ তেৰাৰ আস্হা থকা লোক শ্ৰীৰাম আতাৰ যোগেদি গোপালদেৱলৈ পঠাইছিল। "এহি কথা কহি,শ্ৰীমন্তমাধৱে,বুঢ়া আতা(শ্ৰীৰাম) দিগি চাই।শুনিয়ো শ্ৰীৰাম,সাৱধানে তুমি,মোৰ যেন অভিপ্ৰায়।। আঘন মাসত ভাল পথভৈলে যাইবাহা কামৰূপক। লোক সমস্তক হৰি কথা কৈবে কহিবাক গোপালক।।গোপাল বুলিব ইসব কাৰ্য্যক ,মোৰো পুনু ইচ্ছা নাই। মোৰ আজ্ঞা তান,কৰিবাক লাগে ,কহিলোহো সমুদাই।।জীৱ নিস্তাৰণ শক্তি আছে তান,বুুলিলোহো সিকাৰণ। তানমুখে উপদেশ কথা শুনি ,তৰিবেগ জীৱগণ।। জীৱ নিস্তাৰণ শক্তি আছে যাৰ শ্ৰদ্ধালুত নকহয়। কৈবা গোপালত ,জীৱবধ পাপ জানিবা তাৰ মিলয়।।অসমৰ্থজনে উপদেশ কথা কৱে লোক সমস্তত।। জীৱ বধ পাপ,তাহাতো সিজয় কৈলো কথা সাৰতত্ব।।"(ৰমানন্দ দ্বিজ কৃৃত গোপালদেৱ চৰিত)

গোপালদেৱে "কাল সংহতি সত্ৰ"সমূহ প্ৰতিষ্ঠা কৰিছিল। তেওঁক কাল সংহতিৰ জনক বোলা হয়। কাল সংহতিৰ উৎপত্তিৰ বিভিন্ন মত আছে যদিও 'কালঝাৰ' নামৰ ঠাইৰ পৰা এই নামৰ উৎপত্তি হোৱা বুলি কোৱা হয়। কাল সংহতিত ভকতে গুৰুলৈ ভক্তি আৰু সম্পূৰ্ণ আত্মসমৰ্পণ কৰে আৰু গুৰুক ঈশ্বৰ হিচাপে গণ্য কৰা হয় । লগতে গুৰুৱেও ভকতক শ্ৰদ্ধা-ভক্তি কৰে । "নমো শঙ্কৰদেৱ - মাধৱ সহিতে দুয়ো - মোৰ ইষ্ট দেৱ দুয়োজন । মাধৱৰ শিক্ষা ধৰি - শুদ্ধভাৱে ভজে হৰি - বন্দো হেন ভক্তৰ চৰণ ।।" আন সত্ৰ সমূহত ভগৱান বিষ্ণুৰ বিভিন্ন মূৰ্তি উপাসনা কৰা দেখা যায়। কিন্তু কাল সংহতিৰ সত্ৰত মূৰ্তি পূজাৰ প্ৰচলন নাই। এই সত্ৰসমূহৰ ভকত সকলৰ জীৱন যাপনৰ এক নিৰ্দিষ্ট ধৰ্মীয় নীতি নিয়ম আছে। কাল সংহতিত মালা ব্যৱহাৰ আৰু কোনো ধৰণৰ সাজ সজ্জা নিষেধ। কিন্তু ফল-মূল ঈশ্বৰলৈ উৎসৰ্গা কৰিব পাৰে। উৎসৰ্গা ফলৰ আগ আৰু গুৰি নকটাকৈ উৎসৰ্গা কৰা হয় আনহাতে আন সত্ৰ আৰু নামঘৰত এনে নিয়ম নাই। ঈশ্বৰলৈ আগবঢ়োৱা মাহ-মগু ইত্যাদি প্ৰসাদক সাজ বোলা হয়।[4]কেচাঁঁ দ্ৰব্যসমূূহ (মাহ,মগু ,কল ইত্যাদিক )ক কেচাঁঁ সাজ বোলা হয় আৰু সান্দহ,পিঠা আদিসমূূহক পকা সাজ বোলা হয়।সাজ শব্দই সাধাৰণতে অন্য সংহতিৰ লোকক বিভ্ৰান্তিত পেলায়।মূূলত:ভকত অথবা ভগৱন্তলৈ আগবঢ়োৱা দ্ৰব্যক সাজ বুলি কালসংহতিৰ লোকে কয়। সংস্কৃৃৃত সজ্জা শব্দৰ পৰা উৎপত্তি সাজ শব্দ ই নৈবদ্য ,প্ৰসাদ,সজাই পৰাই দেৱতাক দিয়া খাদ্য আদিক বুুুজায়।যেনে : গুৱাসাজ,জল আগবঢ়ালে জল সাজ আদি। কালসংহতিত মহাপুুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ দিৱসৰ পৰাই মহাপালনাম" দণ্ডসেৱা "মহাআড়ম্বৰপূৰ্ণভাৱে পৰম্পৰাগতশৈলীত কালসংহতিৰ অন্তৰ্ভুক্ত সত্ৰসমূহে প্ৰতি বছৰে পালন কৰা পৰিলক্ষিত হয়।ধৰ্মভাৱেৰে গদ গদ চিত্তে গীত গাই ভগৱৎ প্ৰীতিৰ লগতে পৰোক্ষভাবে প্ৰাকৃতিক চিকিৎসাৰ এক উপায় চিন্তা কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী গোপালদেৱে বোকাযাত্ৰা ভাওনাৰ যোগেদি। অসমৰ চুকে কোণে অনুষ্ঠিত হোৱা গোপালআতাৰ এই পৰম্পৰাগত ভাওনা তেৰাৰ এক মহান কৰ্ম।

মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱ প্ৰতিষ্ঠিত মূল সত্ৰকেইভাগ হ'ল- ১. শ্ৰীশ্ৰী ভৱানীপুৰ সত্ৰ, ২. শ্ৰীশ্ৰী কালঝাৰ সত্ৰ, ৩. শ্ৰীশ্ৰী জোৱাৰদি সত্ৰ আৰু ৪. শ্ৰীশ্ৰী পোৰাভৰাঁল সত্ৰ

মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ বংশৰ পৰা বঢ়া সত্ৰ : হেমাৰবৰি সত্ৰ, ডৌকাচাপৰি সত্ৰ, আমগুৰি সত্ৰ, কলাকটা সত্ৰ, ধোপাবৰ সত্ৰ আৰু নাচনিপাৰ সত্ৰ ।

মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু বাৰজন আতাক ধৰ্মাচাৰ্য পদত অধিষ্ঠিত কৰাইছিল । শ্ৰীশ্ৰী গোপালদেৱৰ আজ্ঞাপৰ বাৰজন ধৰ্মাচাৰ্য আতাপুৰুষৰ এঘাৰজনে সত্ৰ প্ৰতিষ্ঠা কৰিছিল । তাৰে ছয়খন সত্ৰ কায়স্থ ধৰ্মাচাৰ্য ই পৰিচালনা কৰিছিল আৰু আন পাঁচ খন ব্ৰাহ্মণ ধৰ্মাচাৰ্য ই পৰিচালনা কৰিছিল । কায়স্হ পৰিচালনা কৰা সত্ৰ কেইখন হ'ল:১. বিষ্ণুবালিকুঞ্চি/মায়ামৰা সত্ৰ, (শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ), ২. বাংশবাৰী/দিহিং সত্ৰ (শ্ৰীশ্ৰী বৰযদুমণিদেৱ), ৩. দহঘৰীয়া/হালধিআতি সত্ৰ, (শ্ৰীশ্ৰী নাৰায়ণ আতা), ৪. গজলা সত্ৰ (শ্ৰীশ্ৰী সৰুযদুমণিদেৱ), ৫. নগৰীয়া সত্ৰ (শ্ৰীশ্ৰী সনাতনদেৱ) আৰু ৬. চৰাইবাহী সত্ৰ (শ্ৰীশ্ৰী মুৰাৰীআতা) ।

সেইদৰে ব্ৰাহ্মণ ব্যক্তিয়ে পৰিচালনা কৰা সত্ৰ কেইখন হ'ল: ১.আঁহতগুৰি সত্ৰ (শ্ৰী শ্ৰীৰাম আতা), ২. কাঠপাৰ সত্ৰ (শ্ৰীশ্ৰী পুৰুষোত্তম আতা) , ৩. খোৰামুছৰা সত্ৰ (শ্ৰীশ্ৰী ৰামচন্দ্ৰদেৱ), ৪. ইকৰাজান সত্ৰ(শ্ৰীশ্ৰী ৰামচৰণদেৱ) আৰু . হাবুং সত্ৰ(শ্ৰীশ্ৰী পৰমানন্দদেৱ) । কায়স্হ সত্ৰ সমূহৰ ভিতৰত মায়ামৰা সত্ৰ আৰু দিহিং সত্ৰই বুৰঞ্জীত সুকীয়া স্থান দখল কৰিছে ।

পৰৱৰ্তীকালত এই সমূহ সত্ৰৰ আজ্ঞাপৰ বহু সত্ৰ প্ৰতিষ্ঠিত হৈ কাল সংহতিৰ সত্ৰৰ সংখ্যা দুই শতাধিক হয় ।

সাহিত্যকৰ্ম[সম্পাদনা কৰক]

গোপালদেৱ নৱ বৈষ্ণৱ যুগৰ কবি। গোপালদেৱৰ দ্বাৰা ৰচিত কেইখনমান নাট হ'ল:

তেওঁ ব্ৰজাৱলী ভাষাত সাহিত্যচৰ্চা কৰিছিল। তেওঁ বহুতো ঘোষা আৰু গীত ৰচনা কৰিছিল। গোপালদেৱৰ মুঠ গীত ৬৭ ভাগ। তেৰাই ভাগৱত বাৰতত্বৰ এটি গীত, ভাগৱত পৰিচয়ৰ তিনিটি গীত ৰচনা কৰিছিল। মহাপুুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ আৰ্হিত মহাপুৰুষ গোপালদেৱে ৰচনা কৰা গীতসমূূহক "বৰগীত" আখ্যা নিদিলেও তেৰাৰ কালঝৰীয়া সত্ৰ তথা সমাজত বৰগীতৰ লগতে স্থান দিয়া হয়। প্ৰসঙ্গ কৰোঁতে গোপালদেৱৰ গীত বৰগীতৰ দৰে গোৱা এটি পৰম্পৰা প্ৰতিখন কালসংহতিৰ অন্তৰ্গত সত্ৰতে আছে।


ভটিমা(উদ্ধৱযান নাটৰ)
জয় জয় জগজন         জীৱন যাদৱ দেৱ দেৱক দেৱা। চতুৰবয়ন ভৱ        সুৰপতি যাকৰ কৰু নিত চৰণহি সেৱা।। সকল নিগমগণ         সনক সনাতন। অন্ত নপাৱহি যাৰ। যো ৰোম-কুপে        অণ্ড কোটি আৱত। সো হৰি দেৱকা-কুমাৰ।। যাহেৰ নাম        গুণ এক শুনিয়ে কম্পিত কালক প্ৰাণ। সোহি কংস- ভয়ে        গোকুলে পলাৱত। ওহি লীলা কোই জান।। লীলা-নৰ-তনু        দৰশি হৰষি হৰলি পুতনিকা প্ৰাণ। সো হৰি বন-         অগনি-ভয় কয়লি গোপ গোপী পৰিত্ৰাণ।। ধৰু গিৰি মন্দৰ         দেৱ পুৰন্দৰ যোহি কয়লি দৰ্প চূৰ। কৰি বহু ৰঙ্গ         ঢঙ্গ কেলি কৌতুক গোপিনী মনোৰথ পূৰ।। দুষ্ট অৰিষ্টক         কেশী কৰি মোড়ল ছোড়ল বত্সকু প্ৰাণ। সো হৰি গিৰি-        বিবৰ মহ কয়লি গোপ শিশু পৰিত্ৰাণ।। ঐচন লীলা        দৰশি হৰি হৰিষে তাৰল গোকুল নিশেষ। সঙ্গে অক্ৰুৰ        চৰি ৰথে গোৱিন্দ মধুপুৰী ভয়ো পৰৱেশ।। সঙ্গে গোপগণ         নগৰী বেৰাৱত গতি গম্ভীৰ গজ-ঠান। পেখি পুৰ-ৰমণী         কৰত নয়ন ভৰি মুখ-পঙ্কজ-মধু পান।। সুদামাৰ ফুল         পৰিয়ে হৰি হৰিষে ঋজু কয় কুবুজীক তনু। পশি যাগশাল         মাৰল সেনা ভাঙ্গল কংসক ধনু।। দুষ্ট মুষ্টিক        মল্লসৱ মোৰল ছোড়ল কংসক প্ৰাণ। থাপি উগ্ৰসেন        পিতাক মাতাক কয়লি দুখ নিৰজান।। গুৰু সান্দীপনি        মাগল জানি মৃতক পুত্ৰক কয়ো দান। পুনু মধুপুৰী        প্ৰৱেশি গোৱিন্দে জ্ঞাতিক কৰু বহু মান।। গোপীক প্ৰেম-         ভকতি শুনি অধিকে আকুল ভয়ো লক্ষ্মীকান্ত। মাতি উধৱক         পঠাই গোকুলপুৰী কয়লি গোপিনীসৱ শান্ত।। বোলো কৰযোৰি শুন সৱ লোই। মূঢ়ৰ দোষ ধৰবি নাহি কোই।। বাতুল বালকে বোলয় বহু বাণী। তাকৰ দোষ ধৰয় কোন প্ৰাণী।। মৰষিবা জানি হামাৰ যত দোষ। হৰি-গুণ শুনি কয়ো হৃদয় সন্তোষ।। ক্ষেমব দোষ সাধুৰ ওহি কাম। কহয় গোপাল বোলহু ৰাম ৰাম।।
ৰাগ:কামদ ,পৰিতাল
গগনে গৰজে ঘন__কোলেলৈয়া নাৰায়ণ              বসুদেৱ চলে ধিৰে ধিৰে। দেখিয়া সহস্ৰানন__ভিজে প্ৰভূ জনাৰ্দ্দন              ফণায়ে ধৰিলা ছত্ৰ শিৰে।। পায়া যমুনাৰ কোল__ঢৌ দেখি উৰ্ম্মিৰোল              বসুদেৱ ভয়, ভৈলা মনে। দেখি বাট দিলা মাজে__পাৰ ভৈলা যদুৰাজ              দীন গোপালে এহু ভণে।।
ৰাগ :বসন্ত হৰি হৰি কিনা ভেল সুদিন হামাৰি। হামু পাপৰ বন্ধু          নিমজিলো তাপসিন্ধু           তাৰিলা শংকৰ অৱতৰি।। তিনি যুগ ভৈল শেষ     বলি কলি পৰৱেশ         লোকক পীড়িলে ঘোৰ পাপে। শুষি নিলে আত্মতত্ব     ভৈল লোক উনমত্ত           পুৰি মাৰে সংসাৰৰ তাপে।। ভকতি বৰিষা ঋতু      লোকৰ কুশল হেতু              মিলিলা শঙ্কৰ ৰূপে হৰি। মাধৱ গম্ভীৰ মেঘ         বৰষিলা অৱিচ্ছেদ              হৰি নাম জল জগ ভৰি।। ভকত সকলে যত       পায়া পিয়া উনমত্ত              হৰি যশ ৰসৰ প্ৰভাৱে। আনো লোক সুখী ভৈল      কলিমল দূৰ গৈল             কহতু গোপাল হৰি পাৱে।।
গীত
।।ৰাগ শ্ৰী-মান যত ধ্ৰুং: মথুৰা মধুৰ আনন্দে ভৰি ৰহলি মধাই। সকল নগৰী ছানি আনন্দ বঢ়াই।।পদ।।পুৰ্ণঘট প্ৰদীপ প্ৰকাশে হাটীয়াৰী। ধ্বজ দণ্ড পতাকা তোৰণ শাৰি শাৰি।। জয় ৰাম কৃষ্ণ জয় ঘোষে নাৰী নৰে। বৈকুণ্ঠ-সম্পদ-সুখ মিলে ঘৰে ঘৰে।। কনক আসন ৰত্ন মন্দিৰৰ মাজে।কোটি মহেন্দ্ৰকো জিনি জলে যদুৰাজে।।উপৰে প্ৰকাশে চন্দ্ৰ সম শ্বেত ছত্ৰ।ৰত্নময় ভূষণ পৰিত পীত বস্ত্ৰ।।প্ৰসন বদন পূৰ্ণ ইন্দু কোটি গঞ্জে।অৰুণ চৰণ ভকতৰ ভয় ভঞ্জে।।ৰত্নদণ্ড চামৰ প্ৰকাশে শাৰি শাৰি।কহয় গোপাল গতি মুকুতি মুৰাৰি।।।
গীত
।।ৰাগ।।তুৰ বসন্ত।। ধ্ৰুং।।মাইসৱে মথন মথে ৰাম হৰি-পদে কৰি ৰতি।আতি অনুৰাগে মাধৱৰ পাৱে নচাৰে প্ৰেম ভকতি।।পদ।।প্ৰদীপৰ কান্তি         তনু জলে আতিৰত্নময় অলঙ্কাৰ। মকৰ কুণ্ডল         কৰে জলমলউৰে সাতসৰী হাৰ।। কত ধ্যান কৰি         পৰম সাদৰিচৰণে চাপিয়া কোল। প্ৰেমে হুয়া ভোল         নাহি মাত-বোলদীন গোপালে বোল।।
গীত
৷৷ ৰাগ শ্ৰীগান্ধাৰ ৷৷যতি আহে শুন মধুকৰ হে বুজলো তোহাৰ অভিপ্ৰায় ৷ হামাৰি পাশক দূত কৰি তোক  ষটপদ ৰে জানলোহো পঠাইলা মধাই ৷৷ পদ ৷৷ তোহাৰি কানুৰ সঙ্গে পিৰীতি নকৰো হামু ৰে কপটী তাহেৰ সম নাই ৷ তই যেন মধুকৰ পৰম দাৰুণ চিত্ত ৰে পুষ্প চুম্পি নাস ৰে দুনাই ৷৷ সতিনীৰ কচুৰ কুঙ্কুম ছোৰত তোৰ হে পৰশিৰি নাহি মোৰ পাই ৷ গোপীনীক প্ৰেম- ভকতি-ৰসে আকুল দীন গোপাল গুণ গাই ৷৷
ঘোষা
নমো শংকৰদেৱ মাধৱ সহিতে দুয়ো মোৰ ইষ্ট দেৱ দুইজন। মাধৱৰ শিক্ষা ধৰি শুদ্ধভাৱে ভজো হৰি বন্দো হেন ভক্তৰ চৰণ।। মাধৱ মাধৱ প্ৰাণ        মাধৱ মাধৱ আত্মা মাধৱ মাধৱ গুৰু ইষ্ট ৷ মাধৱ মাধৱ নাম        সুমৰণে সুমঙ্গল মাধৱেসে ইষ্ট দেৱ নিষ্ট ৷। হে প্ৰভু ভগৱন্ত           পূৰ্ণব্ৰহ্ম পৰমাত্মা শ্ৰীকৃষ্ণ দেৱ যদুপতি ৷ মাধৱ বান্ধৱ হে          চৰণে শৰণ লৈলো তুমি মোৰ অগতিৰ গতি ৷৷ ধীৰসৱে নাৰায়ণ-       ময় মাত্ৰ জগতক দেখে আক জানা সাৰে সাৰ ৷ লুদ্ধকে দেখয় ধন          কামুকসৱৰ মনে দেখে সদা কামিনী-আকাৰ ৷৷ শুনিযো অবিদ্যা মাৱ      তেজা মোৰ স্নেহ ভাৱ বিদ্যা তুমি আপেক্ষিয়ো মোৰে ৷ কৃষ্ণ-পদ-নখ-চন্দ্ৰ        যাৱত অমৃত-পান কৰোঁ আমি নয়ন-চকোৰে ৷৷ সৰ্ব্ব-দেৱ-শিৰোমণি      কৃষ্ণক সততে ভজা যাত পৰে আন নাহি কেৱ ৷ আপোনাৰ নিজ ৰূপ       স্মৰণ মাত্ৰকে দেন্ত কিনো কৃপাময় প্ৰভুদেৱ ৷৷ যাৰ পদ-ৰেণু শিৰে       ধৰি নিৰন্তৰে নৰে ভৱ তৰি পৰম্পদ পাই ৷ হেনয় জগত-গুৰু          তোমাৰ চৰণ দুই অনুদিনে প্ৰণামো সদায় ৷৷  
  ৰাগ:গৌৰী
সেৱহু মন      ভজহু মন   শংকৰৰ পদ দুই। যো পদৰজ      পৰশি কলিত   অগতিৰ গতি হুই।।। যো হৰি  যদু       কুলে অৱতৰি প্ৰকাশি যশ বিপুল। জগত তাৰিলা    ভাৰ সংহাৰিলা   নিস্তাৰিলা গোপকুল।। সো হৰি শংকৰ    নৰৰূপ ধৰি    ৰাজধৰ কুলে আসি। কুল উদ্ধাৰিলা   লোক নিস্তাৰিলা   কৃষ্ণৰ যশ প্ৰকাশি।।। গীত কবিত্ব     শুনন্তে লোকৰ অমৃত বৰিষে মনে। মাধৱৰ পদ   ৰেণু শিৰে ধৰি দীন গোপালে ভণে।।
    ৰাগ:বেলোৱাৰ(ভাগৱত পৰিচয়)
প্ৰণয়ে ভক্তিৰ জানা অঙ্কুৰ হোৱয়। বাৰ স্কন্ধ ভাগৱত মুখ্য ডাল হয়।।তিনি শত পঞ্চত্ৰিংশ অধ্যায়ৰ লেখা।এহি সব হুয়া ছয় বৃক্ষ উপশাখা।।ওঠৰ হাজাৰ শ্লোক পত্ৰ ভৈল তাৰ।ভক্তি ৰসে ভৈল জ্ঞান বৃক্ষমূল সাৰ।।ভক্তিৰস পায়া বৃক্ষে কৰে হলাহল।অমৃত সমান স্বাদ ধৰে বৃক্ষে ফল।।কহয় গোপাল দাসে শুন নৰ লোই।এহি ফল ভুঞ্জিলেসে জীৱ সুখী হোই।।
ৰাগ :বসন্ত
ভাৱত ভক্তি মুক্তি মৎসত শৰণ।কুৰ্ম্ম কীৰ্ত্তন হুই নৃসিংহে স্মৰণ।।দাস্যে যে বৰাহত অৰ্চ্চনত পৰশুৰাম।। পদ নিষেধনে বটু বন্দনে হলিৰাম।।শ্ৰীৰাম সথিত্ব ভাৱ জানিবা নিশ্চয়।আত্ম নিবেদনে বুদ্ধ শাস্ত্ৰৰ নিৰ্ণয়।।কল্কিক শৰণ বুলি ভাগৱতে কয়।এহি দশ মূল দশ অৱতাৰ হয় ।।কহয় গোপাল দীন ওহি বাক্য সাৰ।ভক্তিপূৰ্ণ হোৱে দশ লক্ষণ যাহৰ।

তিথি[সম্পাদনা কৰক]

গোপালদেৱৰ আবিৰ্ভাৱ : বহাগ মাহৰ শুক্লা সপ্তমী তিথি।

গোপালদেৱৰ তিৰোভাৱ: বহাগ মাহৰ শুক্লা ষষ্ঠী তিথি।

অসমৰ বিভিন্ন ঠাইৰ সত্ৰ আৰু নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী গোপালদেৱ(পূৰ্ণমূৰ্ত্তি)ৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথি পালন কৰা হয়[5]

পূৰ্ণ কৃষ্ণ শ্ৰীহৰি   শংকৰ ৰূপক ধৰি

          আৱিৰ্ভাৱ ভৈলন্ত সম্প্ৰতি।

প্ৰৱত্তাইলা মহাধৰ্ম  জীৱ নিস্তাৰণ কৰ্ম

       কৰি তিৰোভাৱ দেখাইলন্ত।।

সেহি ধৰ্ম ব্যক্ত কৰি    মাধৱ ৰূপক ধৰি

     শংকৰেসে পুনু আসিলন্ত।।

মাধৱ স্বৰূপ আসি  নিস্তাৰিয়া জীৱ ৰাশি

      গোপালত ধৰ্মক থাপিলা।

সেৱক ভাৱক ধৰি     মাধৱৰ আজ্ঞা ধৰি

      গোপালেসে ধৰ্ম প্ৰচাৰিলা।।

তথ্যউৎস[সম্পাদনা কৰক]

৬.মহাপুৰুষীয়া ধৰ্মৰ সপ্তৰথী :ৰেৱত চন্দ্ৰ মহন্ত

বাহ্যিক সংযোগ[সম্পাদনা কৰক]