সমললৈ যাওক

গোপালদেৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গোপাল আতাৰ পৰা পুনঃনিৰ্দেশিত)
শ্ৰী শ্ৰী গোপালদেৱ
জন্ম গোপালদেৱ
১৫৪০ খ্ৰীষ্টাব্দ
খোখোৰাগ্ৰামৰ নাচনী ঘাট (বৰ্তমানৰ গড়গাঁৱৰ সমীপৰ বালিঘাটৰ বৰদুৱাৰমুখ), শিৱসাগৰ জিলা, অসম
মৃত্যু ১৬১১ খ্ৰীষ্টাব্দ
ছদ্মনাম ভৱানীপুৰীয়া গোপাল আতা
সাহিত্যিক বিপ্লৱ ভক্তি আন্দোলন

গোপালদেৱ (১৫৪০-১৬১১) বৈষ্ণৱ যুগৰ এগৰাকী কবি, নাট্যকাৰ আৰু উজনি অসমত ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা আছিল।[1][2] তেওঁক মাধৱদেৱৰ উত্তৰসুৰী হিচাপে গণ্য কৰা হয়। ভৱানীপুৰৰ হোৱা বাবে তেওঁক ভৱানীপুৰীয়া গোপালদেৱ বোলা হয়। এওঁ মহাপুৰুষীয়া ধৰ্মৰ অন্যতম শাখা ‘কাল-সংহতি’ৰ প্ৰৱৰ্তক৷[3]

১৫৪০ চনত শিৱসাগৰ জিলাৰ খোখোৰাগ্ৰামৰ নাচনী ঘাট, বৰ্তমানৰ গড়গাঁৱৰ সমীপৰ বালিঘাটৰ বৰদুৱাৰমুখত গোপাল দেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম কামেশ্বৰ আৰু মাতৃৰ নাম বজ্ৰাঙ্গী। পিছলৈ তেওঁলোকৰ পৰিয়াল নাজিৰাৰ পৰা কামৰূপ জিলাৰ ভৱানীপুৰলৈ উঠি যায়। তেওঁ পোন প্ৰথমে এজন ব্ৰাহ্মণ পণ্ডিতৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল।[4] গোপালদেৱৰ দুজন পুত্ৰ আৰু আৰু এগৰাকী কন্যা আছিল। দুই পুত্ৰৰ নাম কমললোচন আৰু দামোদৰ। দুহিতা গৰাকীৰ নাম পদ্মপ্ৰিয়া। আই পদ্মপ্ৰিয়া ১৬শ শতিকাৰ প্ৰথম অসমীয়া মহিলা কবি।[4]

কৰ্মৰাজি

[সম্পাদনা কৰক]

তেওঁ বৈষ্ণৱ গুৰু হিচাপে প্ৰথমে ভৱানীপুৰ সত্ৰ স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত বৰপেটা জিলাৰ পাঠশালাৰ পৰা ৭ কিঃমিঃ নিলগত কালঝাৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই দুয়োখন সত্ৰৰ পৰায়ে তেওঁ ধৰ্মপ্ৰচাৰৰ কামত নিয়োজিত হৈছিল।[4] গোপাল আতাৰ চৰিত পুথি মতে তেওঁক মাধৱদেৱৰ উত্তৰসুৰী হিচাপে গণ্য কৰে। ভেলাথানত থাকোঁতেই মাধৱপুৰুষে গোপালদেৱক ধৰ্মাচাৰ্য্যৰ পদত অধিষ্ঠিত কৰাৰ সংকল্প লৈছিল। এই কথাৰ উমান পাই থানৰ ভকতসকল বৰ আনন্দিত হ'ল। গুৰুজনে এই সংবাদ তেওঁৰ আস্থা থকা লোক শ্ৰীৰাম আতাৰ যোগেদি গোপালদেৱলৈ পঠাইছিল।

গোপালদেৱে কাল সংহতি সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিল। তেওঁক কাল সংহতিৰ জনক বোলা হয়। কাল সংহতিৰ উৎপত্তিৰ বিভিন্ন মত আছে যদিও 'কালঝাৰ' নামৰ ঠাইৰ পৰা এই নামৰ উৎপত্তি হোৱা বুলি কোৱা হয়। কাল সংহতিত ভকতে গুৰুলৈ ভক্তি আৰু সম্পূৰ্ণ আত্মসমৰ্পণ কৰে আৰু গুৰুক ঈশ্বৰ হিচাপে গণ্য কৰা হয়। লগতে গুৰুৱেও ভকতক শ্ৰদ্ধা-ভক্তি কৰে। আন সত্ৰ সমূহত ভগৱান বিষ্ণুৰ বিভিন্ন মূৰ্তি উপাসনা কৰা দেখা যায়। কিন্তু কাল সংহতিৰ সত্ৰত মূৰ্তি পূজাৰ প্ৰচলন নাই। এই সত্ৰসমূহৰ ভকত সকলৰ জীৱন যাপনৰ এক নিৰ্দিষ্ট ধৰ্মীয় নীতি নিয়ম আছে। কাল সংহতিত মালা ব্যৱহাৰ আৰু কোনো ধৰণৰ সাজ সজ্জা নিষেধ। কিন্তু ফল-মূল ঈশ্বৰলৈ উৎসৰ্গা কৰিব পাৰে। উৎসৰ্গা ফলৰ আগ আৰু গুৰি নকটাকৈ উৎসৰ্গা কৰা হয় আনহাতে আন সত্ৰ আৰু নামঘৰত এনে নিয়ম নাই। ঈশ্বৰলৈ আগবঢ়োৱা মাহ-মগু ইত্যাদি প্ৰসাদক সাজ বোলা হয়।[5]

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

গোপালদেৱ নৱ বৈষ্ণৱ যুগৰ কবি। তেওঁ ব্ৰজাৱলী ভাষাত সাহিত্যচৰ্চা কৰিছিল। তেওঁ বহুতো ঘোষা আৰু গীত ৰচনা কৰিছিল। গোপালদেৱৰ মুঠ গীত ৬৭ ভাগ। তেওঁ ‘ভাগৱত বাৰতত্ত্ব’ৰ এটি গীত, ভাগৱত পৰিচয়ৰ তিনিটি গীত ৰচনা কৰাৰ লগতে ১৯ চৰণ ঘোষা ৰচনা কৰিছিল। মহাপুুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ আৰ্হিত গোপালদেৱে ৰচনা কৰা গীতসমূূহক "বৰগীত" আখ্যা নিদিলেও তেৰাৰ কালঝৰীয়া সত্ৰ তথা সমাজত বৰগীতৰ লগতে স্থান দিয়া হয়। প্ৰসঙ্গ কৰোঁতে গোপালদেৱৰ গীত বৰগীতৰ দৰে গোৱা এটি পৰম্পৰা প্ৰতিখন কালসংহতিৰ অন্তৰ্গত সত্ৰতে আছে। গোপালদেৱৰ দ্বাৰা ৰচিত কেইখনমান নাট হ'ল:

  • গোপালদেৱৰ আবিৰ্ভাৱ : বহাগ মাহৰ শুক্লা সপ্তমী তিথি।
  • গোপালদেৱৰ তিৰোভাৱ : বহাগ মাহৰ শুক্লা ষষ্ঠী তিথি।

অসমৰ বিভিন্ন ঠাইৰ সত্ৰ আৰু নামঘৰত গোপালদেৱ (পূৰ্ণমূৰ্ত্তি)-ৰ আৱিৰ্ভাৱ আৰু তিৰোভাৱ তিথি পালন কৰা হয়।[6]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Garmur Sattra". Srimanta.net. Archived from the original on 2013-09-29. https://web.archive.org/web/20130929163841/http://www.srimanta.net/contents_l4.php?q=3&ID=1&ID3=43&ID4=4&link_caption=Garmur%20Sattra আহৰণ কৰা হৈছে: 2013-05-25.
  2. The Truth unites: essays in tribute to Samar Sen - Samar Ranjan Sen - Google Books. Books.google.co.in. https://books.google.com/books?id=Sua1AAAAIAAJ&q=Gopaldev+assam&dq=Gopaldev+assam&hl=en&sa=X&ei=WyihUZzcIYXqrAfa54CwAg&ved=0CFIQ6AEwCDgK আহৰণ কৰা হৈছে: 2013-05-25.
  3. সত্যেন্দ্ৰনাথ শৰ্মা (২০১৩). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১৬৮.
  4. 1 2 3 4 "The sattras of Kalsamhati". Srimanta.net. Archived from the original on 2013-09-29. https://web.archive.org/web/20130929165346/http://www.srimanta.net/contents_l4.php?q=3&ID=1&ID3=43&ID4=5&link_caption=The%20sattras%20of%20Kalsamhati আহৰণ কৰা হৈছে: 2013-05-25.
  5. "Cherished cloisters of Assam". The Telegraph. August 20, 2004. http://www.telegraphindia.com/1040820/asp/northeast/story_3639284.asp আহৰণ কৰা হৈছে: 2013-05-25.
  6. "GOPALDEV'S BIRTH ANNIVERSARY CELEBRATIONS". Hindustan Times (New Delhi, India). May 4, 2008. Archived from the original on 2018-07-20. https://web.archive.org/web/20180720110126/https://www.highbeam.com/doc/1P3-1472957031.html আহৰণ কৰা হৈছে: 2013-05-25.
  7. মহাপুৰুষীয়া ধৰ্মৰ সপ্তৰথী: ৰেৱত চন্দ্ৰ মহন্ত