কাল সংহতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

কাল সংহতি অসমৰ বৈষ্ণৱ সত্ৰসমূহৰ এক বিভাগ৷[1] শংকৰদেৱৰ প্ৰয়াণৰ পিছত এই সংহতিৰ প্ৰতিষ্ঠা কৰিছিল তেওঁৰ শিষ্য গোপালদেৱে[2][1]

ইতিহাস[সম্পাদনা কৰক]

১৫৬৮ চনত শংকৰদেৱৰ প্ৰয়াণৰ পিছত মাধৱদেৱ উত্তৰাধিকাৰী ৰূপে প্ৰতিষ্ঠিত হয়৷ কিন্তু মাধৱদেৱৰ প্ৰয়াণৰ লগে লগে অসমৰ ধৰ্মীয় জগতখনত আচাৰ-বিচাৰ সম্পৰ্কীয় নীতি নিয়মৰ ভিত্তিত চাৰি সংহতিৰ সৃষ্টি হয়৷ শংকৰদেৱৰ নাতি পুৰুষোত্তম চতুৰ্ভুজ আৰু নাতি বোৱাৰী কনকলতাৰ পৰা পুৰুষ সংহতি, মথুৰা দাস বুঢ়া আতাৰ পৰা নিকা সংহতি, দামোদৰদেৱৰ পৰা ব্ৰহ্ম সংহতি আৰু গোপালদেৱৰ পৰা কাল সংহতি নাম লৈ এই চাৰি সংহতি হয়৷[2] কালজাৰ নামৰ ঠাইৰ পৰা গোপাল দেৱে ধৰ্মপ্ৰচাৰ কৰাৰ বাবেই এই সংহতিৰ নাম কাল সংহতি হয় বুলি জনা যায়৷

অন্তৰ্ভুক্ত সত্ৰসমূহ[সম্পাদনা কৰক]

কালসংহতিৰ মুঠ বাৰখন সত্ৰ আছিল৷[2] এই সংহতিৰ অন্তৰ্ভুক্ত বিখ্যাত সত্ৰসমূহ হৈছে মায়ামৰা সত্ৰ, দিনজয় সত্ৰ, পুৰণিমাটি সত্ৰ, মদাৰখাট সত্ৰ, গড়পাৰা সত্ৰ, দফলা সত্ৰ, আহতগুৰি সত্ৰ আৰু দিহিং সত্ৰ৷[2] মায়ামৰা সত্ৰ কোনো ৰজকীয় সহায় বা সহযোগ অবিহনে কেৱল ৰাইজৰ সহযোগিতাৰে সমৃদ্ধিশালী হৈছিল৷ আনহাতে দিহিং সত্ৰই আহোম ৰজা ৰাজেশ্বৰ সিংহৰ পৃষ্ঠপোষকতা লাভ কৰিছিল৷[2]

কালসংহতিৰ ছখন সত্ৰ পৰিচালিত হৈছিল শূদ্ৰ বা গোঁসাই সকলৰ দ্বাৰা৷ এই সত্ৰসমূহত সকলো জাতি, জনজাতিৰ সমান অধিকাৰ থকাৰ বাবে শিষ্যৰ সংখ্যা অনতিপলমে বৃদ্ধি পাইছিল৷[2]

নীতি-নিয়ম[সম্পাদনা কৰক]

কাল সংহতিৰ প্ৰত্যেক সত্ৰত নিজৰ অধিকাৰসকলে প্ৰচলন কৰা গীত-মাত, নীতি নিয়মহে প্ৰযোজ্য হয়৷ মহন্ত ভকত সকলোৱে একেলগে আসন প্ৰসাদ গ্ৰহণ কৰে৷ এই সংহতিৰ কীৰ্তন ঘৰবোৰ উত্তৰ-দক্ষিণকৈ সজা হয়৷শৰণ ল’বৰ সময়ত শিষ্যসকলে নিভৃত স্থানত মহন্তৰ অনুমতি লৈ চতুৰ্ভূজ মূৰ্ত্তি দৰ্শন কৰে৷[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 ’সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য’ (২০০২)- ড° শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী; কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 ’মায়ামৰা বুৰঞ্জী’- শ্ৰী শ্ৰীকুমাৰ দহোতীয়া, প্ৰথম প্ৰকাশ ২০০১, শৰাইঘাট প্ৰিন্টাৰ্ছ, গুৱাহাটী