ব্ৰহ্ম সংহতি
| এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
দামোদৰদেৱ, হৰিদেৱ অথবা তেওঁলোকৰ শিষ্যৰ দ্বাৰা প্ৰৱৰ্তিত সত্ৰসমূহেই ব্ৰহ্ম সংহতিৰ সত্ৰ স্বৰূপে পৰিচিত। দামোদৰদেৱ ব্ৰহ্ম সংহতিৰ প্ৰৱৰ্তক। দামোদৰী আৰু হৰিদেৱী সুকীয়া সুকীয়া মাৰ্গ নহয়। দামোদৰী মাৰ্গৰেই আন এটি উল্লেখযোগ্য শাখা হৰিদেৱী। দামোদৰী মাৰ্গই যুক্তি আৰু আৱেগৰ ওপৰত সমানে গুৰুত্ব দিয়ে, কিন্তু হৰিদেৱীয়ে আৱেগতকৈ যুক্তিৰ ওপৰত তুলনামূলকভাৱে অধিক গুৰুত্ব দিয়ে। শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত 'ভাগৱতী বৈষ্ণৱ ধৰ্ম'ৰ সৈতে ব্ৰহ্ম সংহতিৰ মূলতঃ পাৰ্থক্য নাই। 'ভাগৱতী ধৰ্ম'ত যিদৰে শ্ৰীমদ্ভাগৱতেই ধৰ্মৰ মূলাধাৰ গ্ৰন্থ; তদ্ৰুপ ব্ৰহ্ম সংহতিতো 'শ্ৰীমদ্ভাগৱতে'ই অন্যতম প্ৰধান স্থান লাভ কৰিছে। অৱশ্যে ব্ৰহ্ম সংহতিত নিত্য-নৈমিত্তিকৰ প্ৰাধান্য স্পষ্ট। এই সংহতিৰ আচাৰ্যসকলে মনোময় পূজাৰ লগে লগে প্ৰতিমা-পূজাতো সমানে গুৰুত্ব প্ৰদান কৰে। পঞ্চদেৱতাৰ (আদিত্য, গণেশ, দেৱী, ৰুদ্ৰ, কেশৱ অথবা গণেশ, বিষ্ণু, শিৱ আৰু দুৰ্গা) পূজা আৰু বেদোক্ত কৰ্মাদিৰ স্থান ব্ৰহ্ম সংহতিত লক্ষ্য কৰা যায়। কোনো কোনো পণ্ডিতৰ মতে, ব্ৰহ্ম সংহতিত নাম বা শৰণ নিদিয়ে, দীক্ষা বা ভাগৱতোক্ত মন্ত্ৰ গ্ৰহণ পদ্ধতিৰে কৃষ্ণমন্ত্ৰ দান কৰে। ভক্ত, ভাগৱত, গুৰু আৰু মূৰ্তি এই চাৰিবস্তুৰ প্ৰাধান্য ব্ৰহ্ম সংহতিত অতিকে স্পষ্ট।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ" (দ্বিতীয় সংস্কৰণঃ নৱেম্বৰ, ২০১৭), পৃ: ৪১০, গ্ৰন্থকাৰ- ড° নবীন চন্দ্ৰ শৰ্মা।