মথুৰা দাস বুঢ়া আতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মথুৰাদাস বুঢ়া আতা-ৰ (জ. ১৪১২ শক – মৃ. ১৫৬১ শক) প্ৰকৃত নাম গোপাল তাঁতী। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে তেওঁক বৰপেটা সত্ৰৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ নিযুক্ত কৰিছিল । গুৰুৰ আজ্ঞা শিৰত লৈ বুঢ়া আতাই নিষ্ঠা, বুদ্ধিমত্তা আৰু বিচক্ষণতাৰে সত্ৰ পৰিচালনাৰ লগতে বৰপেটাৰ সমাজ জীৱনত কিছুমান নতুন ব্যৱস্থাৰ প্ৰণয়ন কৰিছিল। বৰপেটা সত্ৰৰ চৈধ্য প্ৰসংগ আদি পৰম্পৰাৰ প্ৰতিষ্ঠাপক।

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

মথুৰাদাস বুঢ়া আতাৰ প্ৰকৃত নাম আছিল গোপাল তাঁতী। তেখেতৰ পূৰ্বপুৰুষ বৰ্তমানলৈ বৰপেটালৈ আহিছিল অবিভক্ত শিৱসাগৰ জিলাৰ খোনাখোকোৰা (khonakhokora) গাঁৱৰপৰা। তেখেতৰ পিতৃৰ নাম বিৰসাদ (Birshad) আৰু মাকৰ নাম আছিল ধৈৰ্যা (Dhairjya)। পেচাত তেওঁলোক আছিল তাঁতী। বৰপেটাৰ তাঁতীকুচিত থকা কালতে ১৪১২ শকৰ শুক্লা একাদশী, ২৩ জেঠ তাৰিখ-ত (ইং ১৪৯০ খ্ৰীষ্টাব্দ, ৭ জুন?) গোপাল তাঁতীৰ জন্ম হয়। গোপাল তাঁতীৰ শিশুকালতে পিতৃ-মাতৃৰ মৃত্যু হয়।[1]

গোপাল তাঁতীয়ে ইচ্ছাকুচি (Ishwakauchi) (ইচ্ছাপুৰহাটী, Ishapurhati)-অৱস্থিত সনাতন কায়থ-ৰ অধীনত পঢ়াশালীয়া শিক্ষা লৈছিল। পঢ়াশালীৰ পঢ়া সাং কৰি গোপাল তাঁতীয়ে পৈতৃক বৃত্তিতে আত্মনিয়োগ কৰিছিল, আৰু নিজৰ কাৰ্যকুশলতাৰে মুখ্য তাঁতী হিচাপে পৰিগণিত হৈছিল। কুৰোবাহা গাঁৱৰ বংশী ঠাকুৰীয়াৰ কন্যা সুমতি-ৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়। তেখেতৰ পুত্ৰৰ নাম আছিল বলাই।[1]

মাধৱদেৱৰ লগত সাক্ষাৎ[সম্পাদনা কৰক]

কোঁচৰজা নৰনাৰায়ণক দিবলৈ শংকৰদেৱে আৰ্হি কৰা বৃন্দাৱনী বস্ত্ৰ বৈ উলিওৱাৰ কামত গোপাল তাঁতী আৰু সহযোগীসকল অংশীদাৰ হৈছিল। গোপাল তাঁতী তাঁত বোৱাৰ উপৰিও গান গোৱা, ৰচনা কৰা আৰু আবৃত্তি কৰাত পাৰ্গত আছিল। বৈষ্ণৱ গুৰু চৈতন্যদেৱৰ ভক্তিগীত গোপাল তাঁতী আৰু তেখেতৰ সংগীবৃন্দই ঠায়ে ঠায়ে ঘূৰি পৰিৱেশন কৰিছিল। তেখেতৰ দলত মুঠতে ১৮ গৰাকী পালি আৰু সংগতকাৰী আছিল। এই সময়ত তেখেতৰ আধ্যাত্মিক গুৰু আছিল হৰি মিশ্ৰ।[1] মন্‌থৈ গাঁৱৰ নাৰায়ণদাস ঠাকুৰ আতাৰ ঘৰত ভক্তি গান পৰিৱেশন কৰাৰ সময়ত নাৰায়নদাস ঠাকুৰ আতাই এটা পদৰ ৰচকৰ নাম জানিবলৈ ইচ্ছা কৰাত গোপাল তাঁতী উত্তৰ দিবলৈ অপাৰগ হয়, আৰু উভতি আহি গুৰু হৰি মিশ্ৰৰ পৰা এই বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে। হৰি মিশ্ৰই গোপাল তাঁতীক মাধৱদেৱৰ ওচৰলৈ যাবলৈ উপদেশ দিয়ে। এই্ উপদেশ মতেই তেখেতে মাধৱদেৱৰ সাক্ষাৎ লয়। সেই সময়ত গোপাল তাঁতীৰ বয়স আছিল ৮১ বছৰ। মাধৱদেৱৰ লগত হোৱা সাক্ষাতে গোপাল তাঁতীৰ জীৱনৰ পথ সলনি কৰি দিয়ে।[1]

মাধৱদেৱে সুন্দৰীদিয়াৰপৰা ভবানীপুৰলৈ যাবলৈ মনস্থ কৰিছিল। কিন্তু গোপাল তাঁতীৰ কথা কথামতে ভবানীপুৰৰ সলনি শিষ্য সমন্বিতে বৰপেটাৰ তাঁতীকুচিলৈ আহে। বৰপেটাত মাধৱদেৱে এটা কীৰ্তনঘৰ স্থাপন কৰাৰ মানস কৰে। সেই উদ্দেশ্যেৰেই ৰাম লাৰুৱা বুঢ়া নামৰ এগৰাকী ব্যক্তিৰপৰা কিছু ভূমি ক্ৰয় কৰি কীৰ্তনঘৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। কীৰ্তন ঘৰ নিৰ্মাণৰ কামত গোপাল তাঁতীয়ে সকলো প্ৰকাৰে সহায় কৰে। এই সত্ৰতে মন-প্ৰান সঁপি দিয়া গোপাল তাঁতী পাছলৈ মথুৰাদাস নামেৰে জনপ্ৰিয় হৈ পৰে। সেই সময়ৰ বৰপেটা অঞ্চলক শ্ৰীকৃষ্ণৰ স্থান মথুৰাৰ লগত তুলনা কৰা হৈছিল বাবে মথুৰা-ৰ অনুগত অনুচৰ বুলি গোপাল তাঁতীক মথুৰাদাস বোলা হৈছিল।[1]

বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ[সম্পাদনা কৰক]

১০৭ বছৰ বয়সত মাধৱদেৱৰ নিৰ্দেশ মৰ্মে মথুৰাদাস বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ নিযুক্ত হয়। ৪৪ বছৰ তেখেতে সত্ৰাধিকাৰ ৰূপে থাকে। এই কালছোৱাত মথুৰাদাস বুঢ়া আতাই সত্ৰ পৰিচালনা আৰু বৰপেটা-ৰ পৰিচালনাত কিছুমান সালসলনি কৰে। বৰপেটাৰ চুবুৰীসমূহক ‘হাটী’ বোলা হয়। মথুৰাদাস বুঢ়া আতাই প্ৰতিটো হাটীৰ বাবে একোটা সমূহীয়া বিত্তীয় পুঁজিৰ ব্যৱস্থা কৰে, যাক ‘হাটীয়াৰ পুঁজি’ বোলা হয়। এই পুঁজিৰ ধন হাটীৰ উন্নয়ণৰ কামৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও প্ৰয়োজনৰ সময়ত ঋণৰ বিনিময়ত বা কেতিয়াবা ঋণ অবিহনেও প্ৰয়োজনাত ব্যক্তিক ধাৰলৈ দিয়া হৈছিল। ‘হাটীয়াৰ পুঁজি’ এক ধৰণৰ প্ৰাচীন বেংক ব্যৱস্থাৰ দৰে আছিল।[2] প্ৰতিটো হাটীতে একোটা ‘হাটীয়াৰ ঘৰ’ স্থাপন কৰা হৈছিল। হাটীয়াৰ ঘৰ আছিল এক সমুহীয়া স্থান, য’ত হাটীৰ মানুহে লগ হৈ বিভিন্ন কাৰ্য সম্পাদন কৰিছিল। তেখেতে বৃত্তি অনুসাৰে হাটী ভগাই দিয়াৰ ব্যৱস্থাও কৰিছিল, যেনে মাটিৰ পাত্ৰ গঢ়োতাৰ বাবে কুমাৰহাটী, কমাৰৰ বাবে বৃন্দাবনহাটী, ইত্যাদি।[1]

বৰপেটা সত্ৰত প্ৰচলিত ‘চৈধ্য প্ৰসংগ’ৰ নিয়মো মথুৰাদাস বুঢ়া আতাই প্ৰণয়ন কৰা। দোকমোকালিৰপৰা ৰাতিলৈ চৈধ্যবাৰ নাম-প্ৰসংগ কৰাৰ পৰম্পৰাকে চৈধ্য প্ৰসংগ বোলা হয়। সত্ৰৰ পৰিচালনাৰ সুবিধাৰ বাবে ‘ভোগ লোৱা’ৰ নিয়ম প্ৰৱৰ্তন কৰে। কীৰ্তন মহোৎসৱৰ সময়ত ভকতৰ পিয়লৰ বাবে ‘ভকত লেখা’ৰ ব্যৱস্থাও মথুৰাদাস বুঢ়া আতাই প্ৰৱৰ্তন কৰিছিল। সত্ৰৰ পৰিচালনাৰ বিষয়বাবৰ বাবে তেখেতে গণতান্ত্ৰিক প্ৰথাৰে নিৰ্বাচন কৰাৰ নিয়ম প্ৰণয়ন কৰিছিল। আজিও একে ব্যৱস্থাৰেই বৰপেটা সত্ৰৰ পৰিচালনা সমিতি গঠিত হয়। প্ৰতিটো হাটীৰপৰা সত্ৰলৈ অহা অৱদানৰ সুপৰিচালনাৰ বাবে প্ৰতিটো হাটীৰ বাবে একোগৰাকী ব্যক্তি নিয়োগ কৰিছিল যাক ‘বৰা’ বোলা হৈছিল।[1] ১৫৬১ শকত ১৫১ বছৰ বয়সত মথুৰাদাস বুঢ়া আতাৰ মৃত্যু হয়।[1]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 Roy, Nripen. ‘The Legend (Mathuradas Burha Ata- A Cursoy Glance’, Padakhyap Prakashan, Barpeta, pg. 13-16
  2. Roy, Nripen. ‘The Legend (Mathuradas Burha Ata- A Cursoy Glance’, Padakhyap Prakashan, Barpeta, pg. 10 - 12