মায়ামৰা সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

মায়ামৰা সত্ৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা কাল সংহতি ধাৰাৰ সত্ৰ।[1] [2]

পৰম্পৰা[সম্পাদনা কৰক]

মায়ামৰা সত্ৰত মূৰ্ত্তি বা মূৰ্ত্তিপূজাৰ প্ৰচলন নাই। নামঘৰতো মণিকুট নাই কিন্তু শাস্ত্ৰ থাপনা কৰিবৰ বাবে ধৰ্মঘৰ আছে।

অসমৰ উল্লেখযোগ্য মায়ামৰা সত্ৰ[সম্পাদনা কৰক]

  • গড়পাৰা মায়ামৰা সত্ৰ: ১৭২৮-২৯ শকত অনিৰুদ্ধদেৱৰ পঞ্চম পুত্ৰ হৰিময়দেৱে প্ৰতিষ্ঠা কৰে।
  • মদাৰখাট মায়ামৰা সত্ৰ: ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত।
  • মায়ামৰা গোঁসাইৰ থান: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বৰহাপজানত অৱস্থিত।
  • নিত্যানন্দ গোসাঁইৰ থান: নিত্যানন্দদেৱৰ মৃতদেহ গোপনে সৎকাৰ কৰা শিৱসাগৰৰ কাথপাৰা নামৰ ঠাইত অৱস্থিত সত্ৰ।
  • গোসাঁইৰ ভেটি: যোৰহাটৰ মালৌ পথাৰত বৰভেটি বনোৱা আদি কাম কৰোৱা সময়ত মায়ামৰীয়া মহন্তসকলৰ বসবাসস্থল।
  • পুৰণিমটীয়া থান: টিয়ক বাগিচাৰ মাজত অৱস্থিত।
  • পুৰণিমাটি মায়ামৰা সত্ৰ: যোৰহাটৰ পৰ্বতীয়া মৌজাত অৱস্থিত।
  • নাহৰআটী থান: লখিমপুৰ জিলাৰ বিহপুৰীয়া নগৰৰ সমীপৰ নাহৰআটী গাৱঁত মৰনৈৰ পাৰত অৱস্থিত অনিৰুদ্ধদেৱৰ সমাধি স্থান।
  • বিষ্ণু বালিকুঞ্চি সত্ৰ: লখিমপুৰ জিলাৰ ধলপুৰৰ সমীপৰ দকুৱা গাৱঁৰ বালিকুঞ্চি(বালিকুঁচি)ত অৱস্থিত অনিৰুদ্ধদেৱৰ জন্ম স্থান।
  • টিপুক সত্ৰ:অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা এখন সত্ৰ।

অনিৰুদ্ধদেৱৰ জন্ম আৰু মৃত্যু স্থানৰ বিষয়ে[সম্পাদনা কৰক]

অনিৰুদ্ধদেৱৰ জন্ম হৈছিল ১৪৭৫ শকৰ ১৫ ব'হাগ তাৰিখ বৃহস্পতিবাৰে শুক্লা নৱমী তিথিত। জন্মস্থান হৈছে বৰ্তমানৰ লখিমপুৰ জিলাৰ ধলপুৰৰ অন্তৰ্গত দকুৱা গাৱঁৰ বিষ্ণু বালিকুঞ্চিত। তেওঁৰ জন্মৰ নাম হৰকণ্ঠ আৰু পিতৃ গোন্দাগিৰি ভূঞা লখিমপুৰ, বিহপুৰ (বৰ্তমানৰ বিহপুৰীয়া), নাৰায়ণপুৰ, ধলপুৰ আৰু কলংপুৰ-এই পঞ্চপুৰৰ শাসনকৰ্তা আছিল। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত উল্লেখ থকা অনুসৰি পশ্চিমে বিশ্বনাথৰ পৰা পূৱে লখিমপুৰলৈকে এই বিস্তৃত অঞ্চল শৈৱ আৰু শাক্ত উপাসনাৰ স্থল আছিল। বিশ্বনাথৰ শিৱদৌল, বৰঙাবাৰীৰ কল্যাণী থান, কলাবাৰীৰ বৰকালিকা থান, মাঘনোৱাৰ দৌল, গণকদলনীৰ পেটুৱা গোঁসানী থান ইত্যাদিৰ বৰ্ণনা পোৱা যায়। [3] সেই সময়ত বৰ্তমানৰ নাৰায়ণপুৰ, গহপুৰ আদি অঞ্চলত সংস্কৃত টোলৰ ব্যৱস্থা আছিল। চৰিত পুথিত থকামতে:

কোন গুৰু সংসাৰক কৰিবেক পাৰ।
মনত বিচাৰি প্ৰভু কৰিলন্ত সাৰ।।
ভৱানীপুৰত আছে শ্ৰীমন্ত গোপাল।
তাহান পাশক গৈলে মোৰ হৈব ভাল।।

বুলি শিক্ষান্তত হৰকণ্ঠই ১৫২০ শকত যাতা কৰি ভৱানীপুৰীয়া গোপালদেৱৰ ওচৰত প্ৰায় প্ৰায় চাৰে তিনিবছৰ ধৰ্মশিক্ষা গ্ৰহণ কৰে। [4] বিদায়বেলাত গোপালদেৱে তেওঁক ধৰ্মাচাৰ্য পাতি নাম দিলে "অনিৰুদ্ধ"। [3] এই সম্পৰ্কে চৰিত পুথিয়ে এইদৰে কয়:

হৰকণ্ঠ গিৰি পৰম নিপুণ।
অন্যত্ৰ শাস্ত্ৰৰ পথ কৰিয়া নিৰোধ।।
ভকতিৰ পথে মাত্ৰ কৰাইবেক বোধ।
এতেকেসে আননাম হৈব অনিৰুদ্ধ।।

গোপালআতাই "মাধৱ গুৰুৱে দিলা মোক সেহি শাস্ত্ৰ। তুমি বিনে ই শাস্ত্ৰৰ আছে কোন পাত্ৰ।।" বুলি মাধৱদেৱৰ পৰা তেওঁ পোৱা শাস্ত্ৰভাগি প্ৰিয় শিষ্য অনিৰুদ্ধৰ হাতত তুলি দিলে। লগতে উপদেশ দিলে:

মধুমতী মায়াৰ তুমি শিৰত চড়ি।
মৰ্দিয়া মায়াক থাকা ধৰ্মক আচৰি।।

গুৰুৰু আজ্ঞা শিৰত লৈ মায়াক মৰ্দন অৰ্থাৎ ছেদ কৰি একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ হেতুকে এই ধৰ্মৰ অনুগামী সম্প্ৰদায়ক মায়ামৰা বুলি কোৱা হয় বুলি বিশ্বাস। [3] [4]

গোপালদেৱৰ ওচৰৰ পৰা উভতি আহি ১৫২৩ শক (১৬০১ খ্ৰীষ্টাব্দ)ত নিজৰ জন্মস্থান দকুৱাৰ বিষ্ণু বালিকুঞ্চিত নামঘৰ, মণিকূট সাজি 'মহা ভাগৱত শাস্ত্ৰ' স্থাপন কৰি সকলো জাতি-জনজাতিৰ লোকক শৰণ দিয়ে। এনেদৰে ধৰ্মপ্ৰচাৰ কাৰ্যত মনোনিৱেশ কৰি থকা অৱস্থাতে ধলপুৰ, নাৰায়ণপুৰ, বিহপুৰ (বৰ্তমানৰ বিহপুৰীয়া) অঞ্চলত সমীপৱৰ্তী উত্তৰদিশৰ বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ পৰা ডফলা (নিচি) সকলে আহি সঘনাই উপদ্ৰৱ কৰাত অতিষ্ঠ হৈ ১৫২৮ শক (১৬০৬ খ্ৰীষ্টাব্দ)ত বিহপুৰীয়াৰ সমীপৰ বাঁহগড়া দেউৰী গাঁৱৰ পশ্চিম দিশে মৰনৈৰ পাৰত সত্ৰ প্ৰতিষ্ঠা কৰে। ১৫২৮ শকত বহু শিষ্য-ভকত সমন্বিতে ৬৪ বিঘা মাটিত ঢাপ মাৰি শাৰী শাৰীকৈ নাহৰ গছ ৰুই উত্তৰ দিশে ৪ বিঘাৰ এটা পুখুৰী খন্দোৱাই, মনিকুট সাজি এই থান স্থাপন কৰা হৈছিল। তাৰ পৰাই থানৰ নাম নাহৰআটী হ'ল আৰু এই স্থানতেই অনিৰুদ্ধদেৱৰ তিৰোভাৱ ঘটিছিল।

চিত্ৰ-বীথিকা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. ’মায়ামৰা বুৰঞ্জী’- শ্ৰী শ্ৰীকুমাৰ দহোতীয়া, প্ৰথম প্ৰকাশ ২০০১, শৰাইঘাট প্ৰিণ্টাৰ্ছ, গুৱাহাটী
  2. ড° বীৰেন্দ্ৰ কুমাৰ গোঁহাই (এপ্ৰিল ২০১৫). "সমন্বয়". সমন্বয়, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৩ সংখ্যক জন্মোৎসৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰআটী থান পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ: ৩-১০. 
  3. 3.0 3.1 3.2 মাণিক চন্দ্ৰ গগৈ (এপ্ৰিল ২০১৫). "সমন্বয়". সমন্বয়, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৩ সংখ্যক জন্মোৎসৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰআটী থান পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ: ১৮-২১. 
  4. 4.0 4.1 পূৰ্ণানন্দ ভূঞা (২০১৫). ভৱানীপুৰীয়া গোপাল আতা. লয়াৰ্ছ বুক ষ্টল.