গোপালদেৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
গোপাল আতা
জন্ম গোপালদেৱ
১৫৪০ খ্ৰীষ্টাব্দ
নাজিৰা, শিৱসাগৰ জিলা, অসম
মৃত্যু ১৬১১ খ্ৰীষ্টাব্দ
ছদ্মনাম ভৱানীপুৰীয়া গোপাল আতা
সাহিত্যিক বিপ্লৱ ভক্তি আন্দোলন

গোপালদেৱ (১৫৪০-১৬১১)[1] বৈষ্ণৱ যুগৰ বিখ্যাত কবি, নাট্যকাৰ আৰু উজনি অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা আছিল।[2] তেওঁক মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ উত্তৰসুৰী হিচাপে গণ্য কৰা হয়। ভৱানীপুৰৰ হোৱা বাবে তেওঁক ভৱানীপুৰীয়া গোপাল আতা বোলা হয়।

জীৱনী[সম্পাদনা কৰক]

১৫৪০ চনত শিৱসাগৰ জিলাৰ নাজিৰাত গোপাল দেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম কামেশ্বৰ আৰু মাতৃৰ নাম বজৰংগী। পিছলৈ তেওঁলোকৰ পৰিয়াল নাজিৰাৰ পৰা কামৰূপ জিলাৰ ভৱানীপুৰলৈ উঠি যায়। তেওঁ পোন প্ৰথমে এজন ব্ৰাহ্মণ পণ্ডিতৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল।[3] গোপালদেৱ এজন পুত্ৰ আৰু আৰু এগৰাকী পুত্ৰী আছিল। তেওঁলোকৰ নাম কমলেশ্বৰদেৱ আৰু পদ্মপ্ৰিয়া। পদ্মাপ্ৰিয়া ১৬শ শতিকাৰ প্ৰথম অসমীয়া মহিলা কবি।[3]

কৰ্মৰাজি[সম্পাদনা কৰক]

তেওঁ বৈষ্ণৱ গুৰু হিচাপে বৰপেটা জিলাৰ পাঠশালাৰ পৰা ৭ কিঃমিঃ নিলগত কালঝাৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰখনৰ পৰায়ে তেওঁ ধৰ্মপ্ৰচাৰৰ কামত নিয়োজিত হৈছিল।[3] গোপাল আতাৰ চৰিত পুথি মতে তেওঁক মাধৱদেৱৰ উত্তৰসুৰী হিচাপে গণ্য কৰে।

গোপালদেৱে "কাল সংহতি সত্ৰ"সমূহ প্ৰতিষ্ঠা কৰিছিল। তেওঁক কাল সংহতিৰ জনক বোলা হয়। কাল সংহতিৰ উৎপত্তিৰ বিভিন্ন মত আছে যদিও 'কালঝাৰ' নামৰ ঠাইৰ পৰা এই নামৰ উৎপত্তি হোৱা বুলি কোৱা হয়। কাল সংহতিত ভকতে গুৰুলৈ ভক্তি আৰু সম্পূৰ্ণ আত্মসমৰ্পণ কৰে। লগতে গুৰুক একমাত্ৰ ঈশ্বৰ হিচাপে গণ্য কৰা হয়। আনহাতে আন আন সত্ৰ সমূহত ভগৱান বিষ্ণুৰ বিভিন্ন মূৰ্তি উপাসনা কৰা দেখা যায়। কিন্তু কাল সংহতিৰ সত্ৰত মূৰ্তি পূজাৰ প্ৰচলন নাই। এই সত্ৰসমূহৰ ভকত সকলৰ জীৱন যাপনৰ এক নিৰ্দিষ্ট ধৰ্মীয় নীতি নিয়ম আছে। কাল সংহতিত ফুলৰ মালা ব্যৱহাৰ, তামোল পানৰ উৎসৰ্গা আৰু কোনো ধৰণৰ সাজ সজ্জা নিষেধ। কিন্তু ফল-মূল ঈশ্বৰলৈ উৎসৰ্গা কৰিব পাৰে। উৎসৰ্গা ফলৰ আগ আৰু গুৰি নকটাকৈ উৎসৰ্গা কৰা হয় আনহাতে আন সত্ৰ আৰু নামঘৰত এনে নিয়ম নাই। ঈশ্বৰলৈ আগবঢ়োৱা নৈবৈদ্যক সাঁজ বোলা হয়।[4]

গোপালদেৱৰ সময়ত কাল সংহতিৰ ১২ খন সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। তাৰে ছয়খন সত্ৰ শূদ্ৰ মহন্তয়ে পৰিচালনা কৰিছিল আৰু আন ছয় খন ব্ৰাহ্মণ মহন্তয়ে পৰিচালনা কৰিছিল। শূদ্ৰ মহন্তয়ে পৰিচালনা কৰা সত্ৰ কেইখন হ'ল: মায়ামৰা সত্ৰ, দিহিং সত্ৰ, হালধিআতি সত্ৰ, গজলা সত্ৰ, নগৰীয়া সত্ৰ আৰু দালাই পো সত্ৰ। সেইদৰে ব্ৰাহ্মণ মহন্তয়ে পৰিচালনা কৰা সত্ৰ কেইখন হ'ল: আঁহতগুৰি সত্ৰ, কাঠপাৰ সত্ৰ, খাওঁৰামুছৰ সত্ৰ, ইকৰা সত্ৰ, হাবুং সত্ৰ আৰু চৰালবন্ধী সত্ৰ। শূদ্ৰ সত্ৰ সমূহৰ ভিতৰত মায়ামৰা সত্ৰয়ে অসম বুৰঞ্জীত সুকীয়া স্থান দখল কৰিছে। এই সত্ৰতে মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল। উল্লেখযোগ্য যে মায়ামৰা সত্ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰিছিল।

সাহিত্যকৰ্ম[সম্পাদনা কৰক]

গোপালদেৱ নৱ বৈষ্ণৱ যুগৰ কবি। গোপালদেৱৰ দ্বাৰা ৰচিত কেইখনমান নাট হ'ল:

  • জন্মযাত্ৰা,
  • নন্দোত্‍সৱ,
  • উদ্ধৱজন বা গোপী উদ্ধৱ সংবাদ
  • সীতাৰ পাতাল প্ৰৱেশ[3]

তেওঁ ব্ৰজাৱলী ভাষাত সাহিত্যচৰ্চা কৰিছিল। তেওঁ বহুতো ঘোষা আৰু গীত ৰচনা কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হল ভৱানীপুৰীয়া

তিথি[সম্পাদনা কৰক]

গোপালদেৱৰ অভিৰ্ভাৱৰ তিথি অসমৰ বিভিন্ন ঠাইৰ সত্ৰ আৰু নামঘৰত উদযাপন কৰা হয়[5]

তথ্যউৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]