পদ্মপ্ৰিয়া
| পদ্মপ্ৰিয়া | |
|---|---|
| অন্য নাম | পদ্মাপ্ৰিয়া আই |
| জনা যায় | অসমৰ প্ৰথম মহিলা কবি |
| ধৰ্ম | হিন্দু ধৰ্ম |
| পিতৃ-মাতৃ | গোপাল আতা, বৃন্দাৱতী |
পদ্মপ্ৰিয়া বা পদ্মাপ্ৰিয়া আই(ইংৰাজী: Padmapriya Aai) মাধবদেৱৰ শিষ্য ভবাণীপুৰীয়া গোপাল আতাৰ কন্যা আৰু মধ্যযুগৰ অসমৰ এগৰাকী ধৰ্মানুৰাগী নাৰী। তেওঁৰ জন্ম অনুমাণিক ১৫৭৪-৭৫ চন।[1] জন্মস্থান বৰপেটা জিলাৰ ভবাণীপুৰ সত্ৰত। মাকৰ নাম বৃন্দাৱতী। পদ্মাপ্ৰিয়াৰ দুজন ভাতৃৰ নাম ক্ৰমে দামোদৰ আৰু কমল’লোঁচন।[2] তেওঁ অসমৰ প্ৰথম মহিলা কবি হিচাপে পৰিচিত। তদুপৰি তেওঁ বাঢ়ৈমৰা নামৰ ঠাইত ‘থানসত্ৰ’ প্ৰতিষ্ঠা কৰিছিল। ষোড়শ শতিকাতে মহিলাই সত্ৰ প্ৰতিষ্ঠা কৰা কামটো অসমৰ সমাজ ইতিহাসৰ বাবেই যুগান্তকাৰী ঘটনা আছিল।[3] তেওঁ মধ্যযুগীয় অসমৰ নাৰীশক্তিৰ এক প্ৰতীক স্বৰূপ আছিল। বৈষ্ণৱ ধৰ্মীয় সাহিত্য আৰু সমাজ-সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান আজিও স্মৰণীয় আৰু গৱেষণাৰ যোগ্য।
পৰিচয় আৰু ইতিহাস
[সম্পাদনা কৰক]গোপাল আতাই দুগৰাকী ভাৰ্যা বিবাহ কৰাইছিল। এগৰাকী বৃন্দাৱতী, বৰপেটাৰ হৰিৰাম কায়স্থ ওৰফে হাৰিয়া কায়স্থৰ কন্যা আৰু আনগৰাকী ভবাণীপুৰৰ পৰ্হিয়া মাধৱ বা পৰ্হিয়া আতাৰ কন্যা সুভাগী।[4] তেওঁলোক দুইগৰাকী পত্নীৰে তিনিটি সন্তান জন্ম হৈছিল। চৰিত পুথিত আছে,
এহিমতে সুখে যেৱে গোপাল আছন্ত।
তেৱে তান দুইজন সন্ততি ভৈলন্ত॥
কমল’লোঁচন নাম বৰ ঠাকুৰৰ।
থৈলা দামোদৰ নাম কনিষ্ঠ জনৰ॥
দুইহন্তৰ ৰূপে গুণে কেহো নোহে সম।
ভৈল একজন আৰো দুহিতা উত্তম॥
তান গুণে সমস্তৰে মন সন্তোষিলা।
অতি দয়াতৰে পদ্মাপ্ৰিয়া নাম থৈলা॥
পদ্মাপ্ৰিয়া ৰূপে-গুণে অতুলনীয়া আছিল। গোপালদেৱৰ নাতি হৰিবল্লভৰ চৰিত পুথিত পদ্মাপ্ৰিয়াৰ ৰূপৰ বৰ্ণনা আছে এনেদৰে,
“পদ্মাপ্ৰিয়া নামে ভৈলা তাহাৰ নন্দিনী
অতি ৰূপৱতী গুণৱতী যশস্বিনী। ’’[1]
তেওঁৰ কণ্ঠ বৰ সুললিত আছিল। সেইসময়ৰ প্ৰচলিত গীত-মাত বৰ সুললিত স্বৰে গাব পাৰিছিল। এবাৰ ভাত দিওঁতে পলম কৰাত পিতৃয়ে মাকৰ ওচৰত অভিমান কৰি ভাত নাখাওঁ বুলি শুই থকাত পদ্মাপ্ৰিয়াই সুললিত কণ্ঠে গীত গাই পিতৃৰ অভিমান ভাঙিছিল। চৰিত পুথিত আছে,
“এফাকি গীতকো গাইবে নতু পান্তে
পৰম প্ৰসন্ন ভৈলা।
বোলন্ত পিৰিয়া আৰু নামাতিবা
আপুনি উঠি আসিলা।[1]
গোপাল আতাই পদ্মাপ্ৰিয়া বিবাহ উপযুক্ত হোৱাত তেওঁৰেই শিষ্য যদুমণিক বিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু গুৰুকন্যাক তেওঁ বিবাহ কৰাবলৈ অমান্তি হৈ “মাতৃ জ্ঞান’’ কৰা বুলি মত ব্যক্ত কৰাৰ পাছত পদ্মাপ্ৰিয়াই আগলৈ বিয়াত নবহাৰ সিদ্ধান্ত লয়। দুই-এখন চৰিত পুথিত অৱশ্যে কোনো শাক্তধৰ্মী লোকৰ লগত বিয়া হৈ তেওঁৰ ধৰ্মমতত চলিব নোৱাৰি প্ৰথম বছৰতে পিতৃগৃহলৈ উভতি আহে বুলি কোৱা হৈছে।[1]
পদ্মাপ্ৰিয়াই পিতৃৰ আদৰ্শৰে নানা গীত-পদ ৰচনা কৰাৰ উপৰি গোপাল আতাৰ চৰিত পুথি ৰচনা কৰিছিল। এই চৰিতখনৰপৰা গোপাল আতাৰ পূৰ্বপুৰুষৰ বিষয়ে সঠিকভাৱে জানিব পাৰি।
নামে ৰুদ্ৰেশ্বৰ, পুত্ৰ খন্তেশ্বৰ, তান পুত্ৰ গোপেশ্বৰ।
তাহান নন্দন, নামে বিৰোচন, তান সূত চৈতন্যবৰ।
তানে গৃহজাত, নৰেশ্বৰ খ্যাত, তান পুত্ৰ কামেশ্বৰ।
কামেশ্বৰ লাল, শ্ৰীমন্ত গোপাল, কৃষ্ণ অংশে অৱতাৰ।[4]
আই পদ্মাপ্ৰিয়াক শংকৰোত্তৰ যুগৰ মহিলা কবি বা প্ৰথম অসমীয়া মহিলা লেখিকা বুলি কোৱা হয়।[1]
পিতৃ গোপালদেৱৰ তত্ত্বাৱধানত পৰিয়ালৰ মাজত থাকি আহৰণ কৰা শিক্ষাই পদ্মপ্ৰিয়াৰ শিক্ষাৰ মূল ভেটি আছিল। সম্পূৰ্ণ বৈষ্ণৱ আদৰ্শৰে ডাঙৰ-দীঘল হোৱা পদ্মপ্ৰিয়াই নম্ৰতা গুণৰ ফলত কালিন্দী আই আৰু মাধবদেৱৰ প্ৰশংসা লাভ কৰিছিল। এবাৰ পিতৃৰ সৈতে মাধবদেৱ গুৰুক দৰ্শন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাত পিতৃয়ে কৈছিল, নিম, যদিহে তালৈ গৈ গুৰুঠাই সৰা-মচা কৰা দাসীক সেৱা কৰি তেওঁৰ চৰণধূলি ল’ব পাৰ তেতিয়াহে গুৰুক সাক্ষাৎ কৰাম। পদ্মাপ্ৰিয়াই তৎক্ষণাৎ মান্তি হৈ গৈ তাকেই কৰিছিল। এই কাৰ্য দেখি গুৰু মাধবদেৱে সজবুদ্ধিৰ কন্যা বুলি প্ৰশংসা কৰিছিল।[2]
অৱদান
[সম্পাদনা কৰক]পদ্মপ্ৰিয়া আছিল অসমৰ মধ্যযুগীয় বৈষ্ণৱ ধৰ্ম-আন্দোলনৰ এগৰাকী উল্লেখযোগ্য মহিলা কবি। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মীয় ধাৰাৰ সৈতে সম্পৃক্ত আছিল। তেওঁৰ সাহিত্য-সাধনাৰ মূল ক্ষেত্ৰ আছিল গীত-পদ, নাম-কীৰ্তন আৰু ভক্তিমূলক ৰচনা। তেওঁ বৈষ্ণৱ ভাবধাৰাৰ প্ৰতি অনুপ্ৰাণিত হৈ ঈশ্বৰ-ভক্তি, নৈতিকতা আৰু মানৱীয় মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি বহু গীত-পদ ৰচনা কৰিছিল। এই ৰচনাসমূহৰ জৰিয়তে আধ্যাত্মিক অনুভূতি, দাৰ্শনিক চিন্তা আৰু সামাজিক সচেতনতাৰ দিশবোৰ স্পষ্টভাৱে প্ৰকাশ পাইছে।[3] তেওঁৰ জীৱন-কৰ্মৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল সমাজত নাৰীসকলৰ অৱদান। সেই সময়ত নাৰীসকল সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত সীমাবদ্ধ হৈ থকা সত্ত্বেও পদ্মপ্ৰিয়াই নিজৰ সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে এই বাধা অতিক্ৰম কৰিছিল। তেওঁ মহিলাসকলৰ মাজত ধৰ্মীয়-সাংস্কৃতিক চেতনা জগাই তুলিবলৈ গীত আৰু কবিতাৰ জৰিয়তে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।
পদ্মপ্ৰিয়াৰ ৰচনাসমূহত জীৱনৰ অনিত্যতা, ভক্তিৰ মাহাত্ম্য আৰু ধৰ্মীয় আদৰ্শৰ সাধনাৰ প্ৰয়োজনীয়তা বিশেষভাৱে প্ৰতিফলিত হয়। তেওঁ গোপাল আতাঁৰ আদৰ্শ অনুসৰণ কৰি ভক্তি আৰু দাস্যভাবক সাহিত্যৰ কেন্দ্ৰীয় বিষয় হিচাপে গ্ৰহণ কৰিছিল। তদুপৰি, পদ্মপ্ৰিয়াই সমাজত অৱহেলিত আৰু নিপীড়িত নাৰীসকলৰ মাজত সাংস্কৃতিক আৰু আধ্যাত্মিক জাগৰণ সৃষ্টিৰ চেষ্টা কৰিছিল। এই দিশটোৱে তেওঁক অসমৰ ইতিহাসত এগৰাকী প্ৰগতিশীল চিন্তাধাৰাৰ নাৰী হিচাপে প্ৰতিষ্ঠা কৰিছে।[3]
অতিৰিক্ত
[সম্পাদনা কৰক]এইগৰাকী মহিলা কবি তথা বিদুষী মহিলাৰ জীৱনক কেন্দ্ৰ কৰি ঔপন্যাসিক নিৰুপমা মহন্তই ‘পদ্মপ্ৰিয়া বাঢ়ৈমৰাৰ বসন্তবীণা’[3] শীৰ্ষক এখন উপন্যাস ৰচনা কৰিছে। উপন্যাসখন প্ৰকাশ কৰিছে বাণী মন্দিৰে। প্ৰথম প্ৰকাশ ২০২২ চন।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 4 5 গুৰুং, ড° নমিতা দাস (২২ নৱেম্বৰ ২০১৮). "অসমৰ প্ৰথম মহিলা কবি-গীতিকাৰ আই পদ্মাপ্ৰিয়া". মুৰুলী (৯১সংখ্যক হাউলী ৰাস মহোৎসৱ): ৯০.
- 1 2 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৩২৯, ২৩০.
- 1 2 3 4 নিৰুপমা মহন্ত (২০২২). পদ্মপ্ৰিয়া বাঢ়ৈমৰাৰ বসন্তসেনা. প্ৰকাশক গুৱাহাটী: বাণী মন্দিৰ. ISBN ৯৭৮-৯৩-৮৪৮২৯-৫১-৩.
- 1 2 দাস, অৰ্জুন চন্দ্ৰ (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃষ্ঠা. ২১৪.