ঘিলামৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ঘিলামৰা
—  অঞ্চল  —
ঘিলামৰা
ঘিলামৰাৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 27°19′N 94°25′E / 27.31°N 94.41°E / 27.31; 94.41
দেশ  ভাৰত
ৰাজ্য অসম
জিলা লখিমপুৰ
জনসংখ্যা

ঘনত্ব

80,205 (2011)

298 /কিমি (772 /বৰ্গ মাইল)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি >269 km2 (104 sq mi)

ঘিলামৰা অঞ্চলটো অসমলখিমপুৰ জিলাৰ পূব প্ৰান্তত অৱস্থিত [1]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

ঘিলামৰা অঞ্চলটো ঘিলামৰা অৰক্ষী থানা আৰু ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত। ইয়াৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ, পূবে ধেমাজি জিলা, দক্ষিনে গোগামুখ আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ নদ। ঘিলামৰা এখন সমতল ঠাই। সৰ্বমূঠ ২৬৯ বৰ্গ কি:মি: লৈ অঞ্চলটো বিয়পি আছে।

ইতিহাস[সম্পাদনা কৰক]

ঘিলামৰা নামটোৰ ইতিবৃত্ত বুৰঞ্জীত পোৱা যায়। আহোম অসমলৈ অহাৰ আগৰলৈকে ইয়াত

(5) photo

কাৰ সাম্ৰাজ্য আছিল ক'ব পৰা নাযায়। আহোমৰ লগত হোৱা ৰণত পৰাজিত হৈ চুতীয়াসকলে ইয়াত আহি সাম্ৰাজ্য পাতিছিল। আৰু এই অঞ্চলতে পিছলৈ আহোমৰ লগত তয়া-ময়া ৰণ লাগিছিল। সেই ৰণত চুতীয়াসাকলৰ ঘিলা নামৰ সেনাপতিজনৰ মৃত্যু হৈছিল। ইয়াৰ পৰাই অঞ্চলটোৰ নাম ঘিলামৰা হৈছিল বুলি জনা যায়।

আন্তঃগাঁথনি[সম্পাদনা কৰক]

  1. গাওঁৰ সংখ্যা =১২২ খন, [2]
  2. গাওঁ পঞ্চায়ত =৯ খন,
  3. আৰক্ষী থানা= ১ টা,
  4. সৰ্বমুঠ জনসংখ্যা =৮০২০৫ (পুৰুষ ৫৩০৪২ জন আৰু মহিলা ২৭১৬৩ গৰাকী)।
  5. অন্যান্য জনগোষ্ঠীৰ মুঠ =২৫৮৭৯ জন।
  6. শিক্ষিত মানুহৰ সংখ্যা =২৩২৮৯ ( পুৰুষ ১১৭৪৯, মহিলা ১১৫৪০) সৰ্বমুঠ কৰ্মচাৰীৰ সংখ্যা ১৯৭( প্ৰতি বৰ্গ মি:ত) জন,

স্বাস্থ্য বিভাগ[সম্পাদনা কৰক]

১. চৰকাৰী হস্পিতাল= ১ খন ( সৰ্বমূঠ বিছনা ৩০ খন)
২. প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ= ২ খন

পশু চিকিৎসা বিভাগ[সম্পাদনা কৰক]

১. চৰকাৰী পশু চিকিৎসালয় কেন্দ্ৰ- ১ টা

পেয় জলৰ বিতৰণ[সম্পাদনা কৰক]

১. নাদৰ সংখ্যা= ৬৫ টা
২. দমকল সংখ্যা= ২৭৬৩ টা

পথ যোগাযোগ[সম্পাদনা কৰক]

১. সৰ্বমূঠ পকী পথ= ২৬ কি:মি:
২. অৰ্ধ পকী পথ= ৬৫ কি:মি:

বেংক[সম্পাদনা কৰক]

১. বেংক: 3টা ( ইউ বি আই) state bank of India and Assam gramin vikash bank

সামাজিক গাঁথনি[সম্পাদনা কৰক]

১. মহিলা মন্ডল= ৯৯ টা
২. অঙ্গনৱাদী কেন্দ্ৰ= ৭৮ টা
৩. মহিলা আৰু শিশু কল্যাণ কেন্দ্ৰ= ১ টা

অন্যান্য[সম্পাদনা কৰক]

১. বৈদ্যুতিকৰণেৰে সামৰা গাওঁ= ২৯ খন
২. দৈনিক বজাৰ= ২ খন
৩. সাপ্তাহিক বজাৰ= ১ খন(শনিবৰীয়া)
৪. পুঁথিভৰাল= ১৮ টা
৫. চিনেমা গৃহ= নাই

শিক্ষা অনুষ্ঠান[সম্পাদনা কৰক]

  1. নৰ্থবেঙ্ক মহাবিদ্যালয়[3]
  2. বালিকা মহাবিদ্যালয়
  3. ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় [4]
  4. ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  5. কান্তখনিকৰ ছোৱালী হাইস্কুল
  6. পশ্চিম ঘিলামৰা হাইস্কুল
  7. ঘাঁহিগাওঁ এম ভি স্কুল
  8. ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়
  9. শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা
  10. বাটমাৰী হাইস্কুল
  11. সঙ্গীত মহাবিদ্যালয়
  12. নৰ্থ বেঙ্ক ফাইন আৰ্টছ কলেজ

জলবায়ু[সম্পাদনা কৰক]

হিমালয় পৰ্বতৰাশিৰ গাতে লাগি থকা এই অঞ্চলৰ জলবায়ু তুলনামুলক ভাৱে চেঁচা আৰু সেমেকা। গড় উষ্ণতা শীতকালত ৫º ৰ পৰা ২০º ছেলছিয়াছ আৰু গ্ৰীষ্মকালত ১৮º ৰ পৰা ৩৬º ছেলছিয়াছলৈকে পৰিৱৰ্তিত হয়। আগষ্ট আৰু জানুৱাৰী মাহেই এইখন জিলাৰ ক্ৰমে আটাইতকৈ গৰম আৰু চেঁচা মাহ। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ২০০ ছে.মি.ৰ পৰা ২৫০ ছে.মি.। ৬০% ৰ পৰা কেতিয়াও তললৈ ননমা এই অঞ্চলৰ জলবায়ুৰ আৰ্দ্ৰতা সদায়ে উচ্চ।অসমৰ অন্যান্য এলেকাত দেখা দিয়া বালি –ধুমুহা এই জিলাত নাই ৷

অৰ্থনীতি[সম্পাদনা কৰক]

অৰ্থনৈতিকভাবে ঘিলামৰা ইমান উন্নত নহয়। ইয়াৰ সহৰখিন মানুহ কৃষিজীৱি।

তথ্যসূত্ৰ[সম্পাদনা কৰক]