শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
শংকৰদেৱ শিশু নিকেতন ঘিলামৰা
অৱস্থান
মিলন নগৰ, ঘিলামৰা, ঢকুৱাখনা লখিমপুৰ অসম ভাৰতবৰ্ষ
৭৮৭০৫৩
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ উচ্চ মাধ্যমিক
নীতি স্বয়মেৱ মৃগেন্দ্ৰতা
প্ৰতিষ্ঠাকাল ১৯৯৭/০১/১৯
প্ৰতিষ্ঠাপক সুধন্য বৰগোঁহাই
বিদ্যালয় সমিতি অসম উচ্চ মাধ্যমিক শিক্ষা সংসদ
বিদ্যালয়ৰ বিভাগ লখিমপুৰ
অধ্যক্ষ গোবিন্দ চুতীয়া
ফেকাল্টী ২৫
কেম্পাছৰ আকাৰ ২.৫ বিঘা

শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা (ইংৰাজী: Sankardev Shishu Niketon, Ghilamara) ঘিলামৰা নগৰৰ পৰা ৫০০ মিঃ দূৰত্বৰ মিলন নগৰত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ১৯ জানুৱাৰী ১৯৯৭ চনত স্থাপিত হৈছিল। বিদ্যালয়খন বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত আৰু বৰ্তমানৰ অধ্যক্ষৰ নাম গোবিন্দ চুতীয়া। শংকৰদেৱ শিশু নিকেতন,ঘিলামৰাই ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি একেৰাহে তিনি বছৰৰ বাবে ২০১৩, ২০১৪ আৰু ২০১৫ চনত ‘শ্ৰেষ্ঠ বিদ্যালয়’ ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। (উদ্ধৃতিৰ প্ৰয়োজন)। বিদ্যালয়খনত অন্যান্য সা-সুবিধাসমূহৰ লগতে ডিজিটেল শ্ৰেণীকোঠা, প্ৰায় ২০০০ৰো অধিক গ্ৰন্থসমৃদ্ধ পুথিভঁৰাল, কম্পিউটাৰ লেবৰেটৰীৰ সুবিধা উপলব্ধ।