সমললৈ যাওক

শিশু শিক্ষা সমিতি, অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিশু শিক্ষা সমিতি, অসম
নীতিবাক্য স্বয়মেৱ মৃগেন্দ্ৰতা
প্ৰতিষ্ঠা ১৯৭৯
সক্ৰিয়তা সক্ৰিয়
উদ্দেশ্য শৈক্ষিক সংগঠন
ৱেবছাইট www.vbassam.org

শিশু শিক্ষা সমিতি, অসম হৈছে এটা বে-চৰকাৰী শৈক্ষিক সংগঠন যি অসমত এক বহল পৰিসৰৰ ব্যক্তিগত বিদ্যালয়ৰ প্ৰণালী সঞ্চালিত কৰে। ই হৈছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ এক প্ৰাদেশিক সংস্থা।[1] ১৯৭৯ চনৰ ২১ এপ্ৰিলৰ এই অনুষ্ঠানটো গঠন কৰা হৈছিল। বৰ্তমান ইয়াৰ সাধাৰণ সম্পাদক হৈছে শ্ৰীযুত সদা দত্ত। সংস্থাটোৰ মুখ্য কাৰ্য্যালয় ৰাধা গোৱিন্দ বৰুৱা পথ, প্ৰশান্ত পথ, গুৱাহাটী, অসমত অৱস্থিত।[2]

বিদ্যালয়সমূহ

[সম্পাদনা কৰক]

শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত অসমৰ বিদ্যা ভাৰতী বিদ্যালয়সমূহ মহাপুৰুষ শংকৰদেৱৰ নামত নামকৰণ কৰা হয়।[2] ১৯৭৯ চনৰ ৪ ছেপ্টেম্বৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাখন অসমৰ গুৱাহাটীত "শংকৰদেৱ শিশু নিকেতন, অম্বিকাগিৰি নগৰ" নামেৰে প্ৰথমখন বিদ্যা ভাৰতী বিদ্যালয় স্থাপন কৰা হৈছিল। বৰ্তমান এই বিদ্যালয় খনৰ নাম হৈছে "শংকৰদেৱ শিশু কুঞ্জ, অম্বিকাগিৰি পথ"।[2] তেতিয়াৰে পৰা ক্ৰমান্নয়ে বিদ্যালয়ৰ সংখ্যা বাঢ়ি বৰ্তমান ৪৭০ খন এনে বিদ্যালয় অসমৰ ভিন্ন ঠাইত স্থাপিত হৈছে। বৰ্তমান এনে বিদ্যালয়ত অধ্যয়নৰত প্ৰায় ১,১৯,৭১৩ গৰাকী বিদ্যাৰ্থীক ৬,৩৮১ গৰাকী আচাৰ্য/আচাৰ্য্যাই শিক্ষা দান কৰে।[2] সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন গ্ৰাম্য তথা নগৰ অঞ্চলত প্ৰতিস্থিত এই বিদ্যালয় সমূহত মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হয়।[2]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]