সমললৈ যাওক

বিদ্যা ভাৰতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিদ্যা ভাৰতী
গঠন ১৯৭৭
Legal status সক্ৰিয়
উদ্দেশ্য শৈক্ষিক অনুষ্ঠান
ৱেবছাইট vidyabharti.net

বিদ্যা ভাৰতী (ইংৰাজী: Vidya Bharati; সম্পূৰ্ণ নাম: বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান) হৈছে সমগ্ৰ ভাৰতত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটোৱা এটা বেচৰকাৰী শৈক্ষিক অনুষ্ঠান। ই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ এক ভগ্নী অনুষ্ঠান। ইয়াৰ পঞ্জীকৃত প্ৰধান কাৰ্যালয় লক্ষ্ণৌত, দিল্লীত এটা কাৰ্যকৰী কাৰ্যালয় আৰু কুৰুক্ষেত্ৰত এটা শাখা-কাৰ্যালয় আছে।[1][2]

নানাজী দেশমুখৰ নেতৃত্বত, ১৯৫২ চনত গোৰক্ষপুৰত আৰএছএছে প্ৰথম সৰস্বতী শিশু মন্দিৰ নামৰ বিদ্যালয় স্থাপন কৰিছিল। ইয়াৰ আগত আৰএছএছৰ প্ৰধান এম. এছ. গোৱালকাৰৰ উদ্যোগত ১৯৪৬ চনত কুৰুক্ষেত্ৰত এখন গীতা বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৪৮ চনত আৰএছএছক নিষিদ্ধ কৰাৰ বাবে গীতা বিদ্যালয়ৰ আদৰ্শৰ বিদ্যালয়ে প্ৰচাৰ লাভ কৰিবলৈ সক্ষম নহয়। যিকিনহওক সৰস্বতী শিশু মন্দিৰৰ আদৰ্শৰ বিদ্যালয়ে অতি সোনকালে বিভিন্ন স্থানত প্ৰসাৰ লাভ কৰে।

বিদ্যালয়ৰ সংখ্যা বঢ়াৰ লগে লগে, ৰাজ্যিক পৰ্যায়ৰ ক্ৰিয়াকলাপ সঞ্চালনাৰ বাবে শিশু শিক্ষা প্ৰবন্ধক সমিতিৰ স্থাপন কৰা হয়। দিল্লী, বিহাৰ, মধ্য প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশতো একে ধৰণৰ বিদ্যালয় আৰু সমিতি স্থাপন কৰা হয়। ১৯৭৭-৭৮ চনত, সৰ্বভাৰতীয় পৰ্যায়ত, ৰাজ্যিক সমিতিবোৰৰ মাজত সমন্বয় ৰক্ষাৰ বাবে বিদ্যা ভাৰতীৰ স্থাপন কৰা হয়, প্ৰধান কাৰ্যালয় আছিল দিল্লীত। বিদ্যা ভাৰতীৰ এখন ৰাষ্ট্ৰীয় শৈক্ষিক সঞ্চালকালয় আছে যাৰ সদস্য সকল এনে শিক্ষাবিদ যি ৰাষ্ট্ৰীয় শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (NCERT)-ৰ লগত জড়িত আৰু যাৰ আৰএছএছৰ লগত সম্পৰ্ক থকাতো বাধ্যতামূলক নহয়।[3][4]

১৯৯০ চনৰ ভিতৰত, বিদ্যাভাৰতীৰ অধীনত প্ৰায় ৫,০০০ বিদ্যালয় স্থাপন কৰা হয়, ২০০৩ চনত, এই সংখ্যা প্ৰায় ১৪,০০০ লৈ বৃদ্ধি পায়। শিক্ষাৰ্থীৰ সংখ্যা আছিল প্ৰায় ১.৭ নিযুত। ভাৰতত শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ৰাজ্যিক শিক্যা ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ বিষেদগাৰৰ বাবে এই উত্তৰণ হোৱা বুলিব পাৰি।[5] সেইসময়ত যিবোৰ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টী (BJP)-ৰ শাসন চলিছিল, শাসনাধিষ্ট চৰকাৰ,[6] বা ১৯৯৯-২০০৪ চনলৈ শিক্ষা মন্ত্ৰী হিচাপে কাৰেযনিৰ্বাহ কৰা মুৰলী মনোহৰ যোশীও এই প্ৰসাৰৰ এটা কাৰণ আছিল।[7]

'শিশু বাটিকা', 'শিশু মন্দিৰ', 'বিদ্যা নিকেতন', 'সৰস্বতী বিদ্যলয়' আদি ভিন্ন নামেৰে জনাজাত সাধাৰণ বিদ্যালয়ৰ উপৰিও, বিদ্যা ভাৰতীয়ে সাংস্কৃতিক শিক্ষাৰ বাবে 'সংস্কাৰ কেন্দ্ৰ' (সাংস্কৃতিক বিদ্যালয়) আৰু এজনীয়া-শিক্ষকৰ বিদ্যালয় (একল বিদ্যালয়) স্থাপন কৰে। ই প্ৰায় ২৫০খন মধ্যৱৰ্তী মহাবিদ্যালয় আৰু প্ৰায় ২৫খন উচ্চ শিক্ষাৰ অনুষ্ঠান আৰু প্ৰশিক্ষণ মহাবিদ্যলয় পৰিচালনা কৰে। বিদ্যা ভাৰতীৰ বিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ বহু পিছপৰা অঞ্চল আৰু আৰএছএছৰ বিশেষ প্ৰভাৱ নথকা কেৰালা আৰু তামিলনাডুৰ দৰে ৰাজ্যতো আছে।[3]

ইয়াৰ প্ৰায় ৫০খন ৰাজ্যিক আৰু আঞ্চলিক সমিতি আছে, ভাৰতৰ এক সম্ভ্ৰান্ধ সংস্থাৰূপে পৰিগণিত হৈছে।[8] এয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিভিন্ন প্ৰকাৰে অৰ্থ সংগ্ৰহ কৰা হয়, বিশ্বব্যাপি প্ৰদৰ্শনি অনুষ্ঠিত কৰা হয়। লণ্ডনস্থিত এক অনুষ্ঠান আৱাজ (Awaaz)-ৰ মতে, গুজৰাটৰ সেৱা ইণ্টাৰনেচনেল আৰ্থকোৱেক ফাণ্ড (Sewa International earthquake fund)-ৰ এটা অংশ আৰএছএছৰ বিদ্যালয় স্থাপনাত খৰচ কৰা হৈছিল।[8] জন সংঘ আৰু ভাজপা নেতাৰ অনুমোদিত ভূমিৰ দ্বাৰাও এই অনুষ্ঠানটো লাভাম্বিত হৈছে।[9][6]

সংগঠন হিচাপে

[সম্পাদনা কৰক]

বিদ্যা ভাৰতীয়ে ভাৰতত ব্যক্তিগত বিদ্যালয়ৰ এক বৃহৎ প্ৰণালী চলাই আছে। ২০০২ চনৰ মাৰ্চ মাহৰ তথ্য মতে, ইয়াৰ অধীনত প্ৰায় ১৭,৩৯৬খন বিদ্যালয়, ২.২ নিযুত শিক্ষাৰ্থী, ৯৩,০০০তকৈও অধিক শিক্ষক, ১৫খন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ১২খন ডিগ্ৰী ক'লেজ আৰু ৭খন ব্যৱসায়িক প্ৰশিক্ষণ অনুষ্ঠান আছে।[10] বিদ্যা ভাৰতীৰ বিদ্যালয়বোৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ড বা স্থানীয় বৰ্ডৰ দ্বাৰা পৰিচালিত হয়।[11] মধ্য প্ৰদেশত ভাজপাৰ কাৰ্যকালত বিদ্যা ভাৰতীৰ শৈক্ষিক পৰিকল্পনা শিক্ষাৰ এক বৈকল্পিক আৰ্হি হিচাপে গ্ৰহণ কৰা হৈছিল।[12]

আদৰ্শ আৰু উদ্দেশ্য

[সম্পাদনা কৰক]

এই অনুষ্ঠানটোৰ মতে ভাৰতৰ এই বৃহৎ সংখ্যক জনতা শিক্ষাৰ পোহৰৰ পৰা এতিয়াও বঞ্চিত হৈ আছে আৰু সেইবাবে ই দেশৰ অনুন্নত অঞ্চল আৰু জনজাতিয় অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে অৰ্থনৈতিক স্বাৱলম্বিতা, সু-স্বাস্থ্য আৰু স্বচ্ছতাক অনুপ্ৰানিত কৰে। তেওঁলোকে বিশ্বাস কৰে যে শিক্ষা আৰু গৌৰৱান্বিত পৰম্পৰাসমূহৰ মাধ্যমেদিহে এটা শিশুৰ সৰ্বাংগীণ বিকাশ সম্ভৱপৰ।[13]

তেওঁলোকৰ মতে এটা শিশুৰ সৰ্বাংগীণ বিকাশৰ বাবে শাৰীৰিক, মানসিক, সাংস্কৃতিক, নৈতিক আৰু আধ্যাত্মিক বিকাশ হোৱা প্ৰয়োজন।[14]

সাংস্কৃতিক শিক্ষা

[সম্পাদনা কৰক]

বিদ্যা ভাৰতীৰ বিদ্যালয়বোৰত NCERTৰ দ্বাৰা প্ৰচলিত পাঠ্যক্ৰমৰ পাঠ্যপুথি ব্যৱহাৰ কৰা হয় যদিও, তেওঁলোকে হিন্দুত্ব আদৰ্শ আধাৰিত কিছুমান নিজস্ব পাঠ্যপুথিও সহবিদ্যায়তনিক বিষয় হিচাপে প্ৰচলন কৰে। তেওঁলোকে 'আভ্যন্তৰিণ অনক্য'ৰ বাবে তুৰ্কী, মংগোলীয় আৰু মোগলসকলক দোষাৰোপ কৰে। হিন্দু-মুছলমান সহযোগৰ যিকোনো প্ৰমাণক 'বিশ্বাসঘাত' হিচাপে উপস্থাপন কৰা হয়। খ্ৰীষ্টান পাদুৰীসকলক সাম্ৰাজ্যবাদৰ সমল ৰূপে বৰ্ণনা কৰে। হিন্দু মহিমামণ্ডিত আৰু ঐতিহাসিক হিন্দু নায়ক সকলক আৰএছএছৰ প্ৰতিষ্ঠাতা হেডগোৱাৰ আৰু গোৱালকাৰক একে তালিকাত স্থান দিয়া হৈছে।[15]

ওপৰত বৰ্ণিত পাঠ্যক্ৰমৰ উপৰিও, বিদ্যা ভাৰতীয়ে আৰু পাঁচটা অতিৰিক্ত বিষয়ৰ পাঠদান কৰে:

  • নৈতিক শিক্ষা, নায়কসকলৰ কাহিনী, গীত, সাধুতা আৰু ব্যক্তিগত স্বচ্ছতা,
  • শাৰীৰিক শিক্ষা, আৰু যোগ,
  • সংগীত,
  • সংস্কৃত আৰু
  • বৈদিক গণিত

ছোৱালীবোৰক কণ্যা ভাৰতীৰ জৰিয়তে জীজাবাই আৰু লক্ষ্মীবাইৰ দৰে এগৰাকী সুগৃহিনী আৰু মাতৃ হ'ব পৰাকৈ বয়ন আৰু ৰন্ধনৰ শিক্ষা দিয়া হয়।[16]

প্ৰাতঃসভাত, শিশুসকলক ধৰ্মীয় ভক্তি আৰু দেশপ্ৰেমমূলক পাৰ্থনা আৰু গীত গাবলৈ শিকোৱা হয়। হিন্দুত্বৰ আদৰ্শ বহন কৰিবলৈ হিন্দু উৎসৱসমূহতো প্ৰাতঃসভা আৰু মঞ্চৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়। সৰ্ব ধৰ্ম সম ভাৱ এই বিদ্যালয় সমূহৰ মূল মন্ত্ৰ।[উদ্ধৃতিৰ প্ৰয়োজন] সকলো ধৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰে। উল্লেখযোগ্য যে অসমৰ ২০১৬চনৰ উচ্চ মাধ্যমিক পৰীক্ষাত এই সংস্থাটোৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশুনিকেতনৰ পৰা চৰফৰাজ হুছেইনে ৬০০ নং ভিতৰত ৫৯০ নং লাভ কৰি অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

আনুষ্ঠানিক সংগঠন

[সম্পাদনা কৰক]

ৰাজ্যৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি প্ৰত্যেক ৰাজ্যতে বিভিন্ন নামৰ ৰাজ্যিক প্ৰৰ্যায়ৰ পৰিচালনা সমিতি আছে:[4]

  • দিল্লী: হিন্দু শিক্ষা সমিতি[4]
  • হাৰিয়ানা: হিন্দু শিক্ষা সমিতি[17]
  • পঞ্জাব: সৰ্ব হিতকাৰী শিক্ষা সমিতি[4]
  • বিহাৰ: বিদ্যা বিকাশ সমিতি
  • ঝাৰখণ্ড: বনাঞ্চল শিক্ষা সমিতি,[4] বিদ্যা বিকাশ সমিতি, শিশু শিক্ষা বিকাশ সমিতি[18]
  • উৰিষ্যা: শিক্ষা বিকাশ সমিতি[4]
  • অন্ধ্ৰপ্ৰদেশ: শ্ৰী সৰস্বতী বিদ্যা পীঠম[17][19]
  • তামিলনাডু: তামিল কল্ভি কাজগম, বিবেকানন্দ কেন্দ্ৰ আৰু অন্যান্য[4]
  • কেৰালা: ভাৰতীয় বিদ্যা নিকেতন[20]
  • অসম: শিশু শিক্ষা সমিতি[21]

লগতে চাওক

[সম্পাদনা কৰক]

টোকাসমূহ

[সম্পাদনা কৰক]
  1. Bakaya 2004.
  2. Nair 2009.
  3. 1 2 Nair 2009, পৃষ্ঠা. 52.
  4. 1 2 3 4 5 6 7 Ramakrishnan, Venkitesh (7–20 Nov 1998). "A spreading netowrk". Frontline. http://www.frontline.in/static/html/fl1523/15230100.htm আহৰণ কৰা হৈছে: 2014-09-16.
  5. Jaffrelot 2011, পৃষ্ঠা. 193.
  6. 1 2 Sundar 2005, পৃষ্ঠা. 206.
  7. Lall 2005, পৃষ্ঠা. 160.
  8. 1 2 Lall 2005, পৃষ্ঠা. 164.
  9. Nair 2009, পৃষ্ঠা. 51.
  10. Sundar 2005, পৃষ্ঠা. 196.
  11. Sundar 2005, পৃষ্ঠা. 208.
  12. Malik 1994, পৃষ্ঠা. 157.
  13. "Vidya Bhararti Akhil Bhartiya Shiksha Sansthan - Educational Belief". Archived from the original on 18 February 2015. https://web.archive.org/web/20150218203255/http://vidyabharti.net/edu_beliefs.php আহৰণ কৰা হৈছে: 13 September 2014.
  14. "Vidya Bhararti Akhil Bhartiya Shiksha Sansthan - Philosophy, Aim and Objectives". Archived from the original on 18 February 2015. https://web.archive.org/web/20150218203322/http://vidyabharti.net/philosphy_aim.php আহৰণ কৰা হৈছে: 13 September 2014.
  15. Sundar 2005, পৃষ্ঠা. 207.
  16. Sundar 2005, পৃষ্ঠা. 209.
  17. 1 2 "Sri Vidyaranya Avasa Vidyalayam". http://avasam-jammikunta.blogspot.co.uk/p/history.html আহৰণ কৰা হৈছে: 2014-09-20.
  18. "RSS wing steps in to fill govt school gap". The Telegraph. 30 Nov 2002. http://www.telegraphindia.com/1021130/asp/ranchi/story_1434897.asp আহৰণ কৰা হৈছে: 2014-09-20.
  19. "Saraswati Vidya Peetham Poorva Vidyarthi Parishath". Archived from the original on 2014-10-01. https://web.archive.org/web/20141001074209/http://www.svppvp.com/ আহৰণ কৰা হৈছে: 2014-09-20.
  20. "Vyasa Vidya Niketan - Our parent body". Archived from the original on 2016-04-19. https://web.archive.org/web/20160419122739/http://vyasavidyanikethan.info/index.php?option=com_content&view=article&id=5&Itemid=8&lang=ml আহৰণ কৰা হৈছে: 2015-08-10.
  21. "শিশু শিক্ষা সমিতি". Archived from the original on 2018-03-30. https://web.archive.org/web/20180330145140/http://vbassam.org/ আহৰণ কৰা হৈছে: 2015-08-10.

গ্ৰন্থ পঞ্জী

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]