সমললৈ যাওক

গোগামুখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোগামুখ
  চহৰ  
গোগামুখত অৱস্থিত আদৰণি তোৰণ, ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ সীমা
গোগামুখত অৱস্থিত আদৰণি তোৰণ, ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ সীমা
গোগামুখ
গোগামুখৰ অৱস্থান
অসম
স্থানাঙ্ক 27°26′N 94°19′E / 27.43°N 94.31°E / 27.43; 94.31
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ধেমাজি
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড
  • পিনক'ড • ৭৮৭০৩৪
    ফোন • +০৩৭৫২
    • যান-বাহনৰ নম্বৰ • AS-22
ৱেবছাইট http://www.dhemaji.nic.in

গোগামুখ ধেমাজি জিলাৰ এখন অন্যতম চহৰ। এটা চাৰিআলিক কেন্দ্ৰ কৰি গঢ়ি উঠা এই চহৰখন বৰ্তমান ধেমাজি জিলাৰ শিক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। ইয়াত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে মিচিং লোক সকলৰ ঘন জনবসতি। মিচিং সকলৰ স্বায়ত্ত্ব শাসন পৰিসদৰ মুখ্য কাৰ্য্যালয় ইয়াতে অৱস্থিত। বৰ্তমানে এই সৰু নগৰ সৰু-সুৰা বাণিজ্য কেন্দ্ৰলৈ পৰিগণিত হৈছে। ইয়াতে এখন গৰুৰ বিক্ৰীৰ বৃহত বজাৰ আছে। গোগামুখ, ধেমাজী জিলাৰ অন্তৰ্গত চাৰিটা ৰাজহ চক্ৰৰ ভিতৰত এটা অন্যতম ৰাজহ চক্ৰ।

ভোগোলিক বিৱৰণ

[সম্পাদনা কৰক]

গোগামুখ চাৰিআলিৰ পৰা চাৰিটা পথ ক্ৰমে উত্তৰ লখিমপুৰ, ধেমাজি, ঢকুৱাখনা আৰু গেৰুকামুখ লৈ প্ৰসাৰিত। ইয়াৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ, পূবে ধেমাজি নগৰ, দক্ষিণে ঢকুৱাখনা আৰু পশ্চিমে লখিমপুৰ জিলা

জলবায়ু

[সম্পাদনা কৰক]

হিমালয় পৰ্বতৰাশিৰ গাতে লাগি থকা এই অঞ্চলৰ জলবায়ু তুলনামুলক ভাৱে চেঁচা আৰু সেমেকা। গড় উষ্ণতা শীতকালত ৫º ৰ পৰা ২০º ছেলছিয়াছ আৰু গ্ৰীষ্মকালত ১৮º ৰ পৰা ৩৬º ছেলছিয়াছলৈকে পৰিৱৰ্তিত হয়। আগষ্ট আৰু জানুৱাৰী মাহেই এইখন জিলাৰ ক্ৰমে আটাইতকৈ গৰম আৰু চেঁচা মাহ। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ২০০ ছে.মি.ৰ পৰা ২৫০ ছে.মি.। ৬০% ৰ পৰা কেতিয়াও তললৈ ননমা এই অঞ্চলৰ জলবায়ুৰ আৰ্দ্ৰতা সদায়ে উচ্চ। অসমৰ অন্যান্য এলেকাত দেখা দিয়া বালি –ধুমুহা এই অঞ্চলত নাই।

অৰ্থনীতি

[সম্পাদনা কৰক]

বৰ্তমানে এই অঞ্চলৰ অৰ্থনীতি আগতকৈ যথেষ্ট উন্নত হৈছে বুলি ক'ব পাৰি।

শিক্ষানুষ্ঠান

[সম্পাদনা কৰক]
  • নগৰ মজলীয়া বিদ্যালয়
  • গোগামুখ নগৰ হাইস্কুল
  • গোগামুখ কলেজ
  • গোগামুখ খ্ৰাইষ্ট কিং স্কুল
  • গোগামুখ কন্যা মহাবিদ্যলয়
  • গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়

চিত্ৰ বিঠিকা

[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]