সমললৈ যাওক

শিশু সাহিত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিশু সাহিত্য বুলিলে সাধাৰণতে শিশুসকলৰ বাবে উপযোগী সাহিত্যক বুজায়। এককথাত শিশু সকলৰ বাবে যি সাহিত্য অৰ্থাৎ গল্প, কবিতা, পদ্য, সাধু, উপন্যাস, কাহিনী, নাটক, প্ৰবন্ধ পাতি ৰচনা কৰা হয় সেয়াই শিশু সাহিত্য।[1] এই সাহিত্যই শিশুৰ বাবে ৰচিত আৰু দ্বাৰা ৰচিত দুয়োবিধ সাহিত্যকে সাঙুৰি লয়। শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত শিশু সাহিত্যই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰত্যেক ভাষাৰে শিশু সাহিত্যৰ মূল উৎস হ'ল মৌখিক সাহিত্য।

বৈশিষ্ট্য

[সম্পাদনা কৰক]

শিশু সাহিত্য বুলিলে সাধাৰণতে শিশুসকলৰ কাৰণে উপযোগী সাহিত্যক বুজায়। শিশু সাহিত্যৰ ভাষা সহজ সৰল, বয়সুপযোগী আৰু জটিলতাৰ পৰা মুক্ত। শিশু সাহিত্য চৰ্চাই শিশুৰ লগতে বয়স্থজনকো আনন্দ প্ৰদান কৰি আহিছে। শিশু মানসিক জগতখন সংবৰ্ধনৰ কাৰণেও এই শ্ৰেণীৰ সাহিত্যৰ গুৰুত্ব অসীম। শিশু সাহিত্যই শিশুক সজ চিন্তা চৰ্চা আৰু মানসিকতাৰ অধিকাৰী কৰাৰ লগতে প্ৰাচীন ঐতিহ্যৰ প্ৰতি আস্থাশীল কৰি তুলিব পাৰে।[2]

অসমীয়া শিশুসাহিত্য

[সম্পাদনা কৰক]

অসমীয়া শিশু সাহিত্যতো বিভিন্ন সময়ৰ সমাজখনৰ চিত্ৰ প্ৰতিফলিত হৈছে। আধুনিক যুগত শিশু সাহিত্যৰ সূচনা হয় অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয়ত(১৮৪৬)। নাথান ব্ৰাউন, মাইলছ ব্ৰঞ্চন,অলিভাৰ টি.কাট্টৰ আদি খ্ৰীষ্টান মিছনেৰী সকলে বাইবেলৰ বিভিন্ন গল্পৰ উপৰি দেশ বিদেশৰ নিতিমূলক সধুও প্ৰকাশ কৰিছিল। সেইদৰে পঢ়শালিত প্ৰবৰ্তনৰ বাবে অসমীয়া পাঠ্যপুথি ৰচনা কৰা কেইজনমান সাহিত্যিক হল আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া লৰাৰ মিত্ৰ,বলদেৱ মহন্তৰ উজু পাঠ, দুৰ্গপ্ৰশাদ মজিন্দাৰ বৰুৱাৰ ফুল, লৰা ইত্যাদি।

১৮৮৯ বেজবৰুৱাৰ জোনাকী কাকতৰ জৰিয়তে সাধুকথাৰ মাজেৰে অসমীয়া শিশু সাহিত্য ভেটি গঠন কৰে। তেওঁ বুঢ়ী আই সাধু, ককাদেউতা নাতি লৰা আদি ৰচনা কৰিছিল।

১৯৪০ চনৰ পৰা অসমীয়া সাহিত্যৰ বিভিন্ন দিশত পৰিবৰ্তন ঘটিছে এই [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ৰ"কোম্পুৰ সপোন","অকণমান লৰা",অকনিৰ" সপোন",ৰঘুনাথ চৌধুৰীৰ "আমাৰ গাওঁ" আৰু "ঈশ্বৰ" লক্ষ্যধৰ চৌধুৰীৰ"মোৰ লক্ষ্য" প্ৰভুতি কবিতা অসমীয়া কবিতাৰ উল্লেখযোগ্য কবিতা।

বৰ্তমানলৈ বহু গৰাকী লেখকে অসমীয়া শিশু সাহিত্যলৈ বিদেশী সাধু,কাহিনী আৰু উপন্যাস আগবঢ়াইছে।

সাম্প্ৰতিক সময়ৰ অসমীয়া শিশু সাহিত্য

[সম্পাদনা কৰক]

সাম্প্ৰতিক সময়ৰ বিশ্ব সাহিত্যত শিশু সাহিত্যৰ এক সন্মানীয় প্ৰভাৱশালী স্থান আছে। অসমীয়া শিশু সমৃদ্ধ কৰাৰ ক্ষেত্ৰত নৱকান্ত বৰুৱাৰ উমলা ঘৰৰ পুথি,আখৰৰ জখলাভ,কেৰেলোৱাৰ ৰেল,নিৰ্মলপ্ৰভা বৰদলৈৰ ওমলা গীত, গগন চন্দ্ৰ অধিকাৰীৰ "টকাত একোটা হাতী", "ৰদালি ৰ'দ একন দে", ড,ভবেন্দ্ৰনাথ শইকীয়াই সম্পাদন কৰা "অচিন মোমাইদেউৰ তোমালোকলৈ", ধীৰেন্দ্ৰনাথ বৰুৱাৰ "আখৰৰ বাখৰ",আদিয়ে ভালেমান শিশু কবিতাৰ পুথি ৰচনা কৰিছে।[3]

শিশু মনস্তত্ত্বৰ ওপৰত বিশেষ গুৰুত্ব দি অসমীয়া সাহিত্যৰ বহুকেইগৰাকী লেখক লেখিকাই কেইবাখনো সাধুপুথি ৰচনা কৰিছে। তাৰ ভিতৰত দেৱালা হাজৰিকাৰ 'ভগা দেউকা'চন্দ্ৰকান্ত বৰাৰ "মৌ বৰষা সাধু"কাশীনাথ বৰ্মনৰ "দেশ বিদেশৰ সাধু"লীলা গগৈৰ "সোণ তৰা""ৰংমনৰ কথা"নৱকান্ত বৰুৱাৰ "মাখনৰ কুকুৰ পোৱালি" আদি উল্লেখযোগ্য।

অসমীয়া শিশু সাহিত্যত শিশু উপযোগী বিজ্ঞানৰ পুথিও কিছু সংখ্যক ৰচিত হৈছে। সেইসমূহৰ ভিতৰত হৰিপ্ৰসাদ দাসৰ আৱিষ্কাৰৰ কাহিনী, ড° প্ৰসন্ন কুমাৰ গোস্বামীৰ "ফুলৰ সাধু", "জন্তুৰ সাধু", যোগেন্দ্ৰনাথ শইকীয়াৰ "পতংগৰ কথা",ড° দিনেশ্চন্দ্ৰ গোস্বামীৰ "টেলিগ্ৰাফ","টেলিফোন" আদি শিশুৰ বাবে লিখা এক শ্ৰেণীৰ পুথি।

সাম্প্ৰতিক সময়ত খেলা ধূলাৰ বিষয় বস্তু হিচাপে লৈ শিশু সাহিত্য ৰচনা কৰা সাহিত্যিকসকলৰ ভিতৰত বন্দীতা ফুকনৰ"সিহঁতে খেলিছিল",উৎপল ভূঞাৰ"আমি খেলা খেলৰ নিয়ম।" শিও উপযোগী গীত মাতৰ পুথি,ভ্ৰমণ কাহিনী আৰু ভিন্ন স্বাদৰ আন ভালে সংখ্যক ৰচনাও অসমীয়া ভাষাত হৈছে। ইয়াত উল্লেখ কৰাখিনিৰ উপৰিও শিশু উপযোগী বিভিন্ন পুথি, আলোচনী আদি‌ সাম্প্ৰতিক কালত অসমীয়া ভাষাত প্ৰকাশ হৈছে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. । নেওগ,মহেশ্বৰ(২০০০)অসমীয়া সাহিত্য ৰূপৰেখা; গুৱাহাটী:চন্দ্ৰ প্ৰকাশ
  2. । শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯৫); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত; গুৱাহাটী: সৌমৰ প্ৰকাশ।
  3. । শৰ্মা, সত্যেন্দ্ৰনাথ (১৯৯৫); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত; গুৱাহাটী:সৌমৰ প্ৰকাশ।
  4. শৰ্মা, হেমন্ত কুমাৰ(১৯৬১)অসমীয়া সাহিত্য দৃষ্টিপাত; গুৱাহাটী: লাইবেৰী।