শ্ৰী শ্ৰী হৰিদেৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্ৰী শ্ৰী হৰিদেৱ এগৰাকী মহাপুৰুষ । তেওঁ আছিল অসমবৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক । তেখেতে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লিখিত ধৰণে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল । এই এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে তেওঁ মানেৰি সত্ৰ, হৰিপুৰ সত্ৰ আৰু কৈহাটী সত্ৰ স্থাপন কৰিছিল। অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ চাৰিজন- মহাপুৰুষ শঙ্কৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু ‘‘‘হৰিদেৱ’’’।[1] সত্ৰ পাতি বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও তেখেতে ভক্তিজ্ঞাপক গ্ৰন্থ ৰচনা কৰিছিল। তেখেত গীতিকাৰো আছিল।

পূৰ্বপুৰুষ আৰু জন্ম[সম্পাদনা কৰক]

১৪২৬ খ্ৰীষ্টাব্দভাদ মাহৰ শুক্লা পঞ্চমী তিথিত লক্ষীমপুৰনাৰায়ণপুৰত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল দ্বিজ অজনাভ আৰু মাতৃ পাৰিজাতি দেৱী। তেখেতৰ পূৰ্বপুৰুষ কান্যকুব্জৰ আছিল যদিও সময়ৰ গতিত তেওঁ অসমৰ বাসিন্দাত পৰিণত হয়।[2]

বাল্যকাল আৰু শিক্ষা-দীক্ষা[সম্পাদনা কৰক]

শ্ৰী শ্ৰী হৰিদেৱ ব্ৰাহ্মণ (গোস্বামী) আছিল। ন বছৰ বয়সত উপনয়ন হৈ যোৱাৰ পিছত তেওঁ গোবিন্দ পণ্ডিতৰ ওচৰত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। পিতৃ অজনাভে শিশুকালত হৰিদেৱক সংস্কৃত ব্যাকৰণ পঢ়াইছিল। বাল্যকালতেই পাণিণি ব্যাকৰণৰ লগতে বেদ আৰু দৰ্শনৰো জ্ঞান লাভ কৰিছিল হৰিদেৱে। ল’ৰালি কালৰ পৰাই বিভিন্ন ক্ষেত্ৰত তেখেতৰ পাণ্ডিত্যৰ গুণ প্ৰকাশ পাইছিল।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ হিংসা-দ্বেষ পৰিহাৰ কৰি, বলি-বিধান ত্যাগ কৰি বৈদিক বৈষ্ণৱ চিন্তাত ব্ৰতী হয়।

১৪৪৩ খ্ৰীষ্টাব্দত তেওঁ ৰাজৰোষত পৰিবলগীয়া হৈছিল। কিন্তু ৰাজদূত ‘হুমা’ আৰু ‘ভীমা’ৰ চকুত ধুলি মাৰি হৰিদেৱ ঘৰৰপৰা ওলাই গৈ ব্ৰহ্মপুত্ৰৰে ভটিয়াই গৈ উত্তৰ গুৱাহাটীঅশ্বক্লান্তত থাকিবলৈ লয়। তাত মাধৱ নামৰ সন্যাসী এজনৰ পৰা শৰণ দীক্ষা লাভ কৰে। ইয়াৰ কিছুদিন পিছত তেওঁ হাজোলৈ গৈ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু কেদাৰ মন্দিৰ পৰিদৰ্শন কৰে। তাৰপিছত ভটিয়াই শ্ৰীক্ষেত্ৰলৈ যায়গৈ। তাত বিশাম্ভৰ নামৰ পাণ্ডা এজনৰ ঘৰত থাকি শ্ৰীক্ষেত্ৰজগন্নাথ মন্দিৰ দৰ্শন কৰে। শ্ৰী শ্ৰী হৰিদেৱে উত্তৰ ভাৰতৰ সকলো তীৰ্থ দৰ্শন কৰি শেষত কাশীত শ্ৰদ্ধানন্দ আচাৰ্যৰ অধীনত চাৰি বছৰ বেদ আৰু দৰ্শন অধ্যয়ন কৰে। বেদ আৰু দৰ্শনৰ ওপৰত অগাধ দখল থকা হেতুকে পিছলৈ তেখেতক দৰ্শন বেদাচাৰ্য্য উপাধিৰে বিভুষিত কৰা হৈছিল। তাৰপিছত তেওঁ জগন্নাথত পাঁচ বছৰকাল ভাগৱত চৰ্চা কৰি ভাগৱতাচাৰ্য্য উপাধি লাভ কৰে। ভাগৱত সমাপ্ত হোৱাৰ পিছত তেওঁ তেওঁৰ পূৰ্বপুৰুষৰ স্থান বহৰিলৈ ঘূৰি যায় আৰু নিজ প্ৰতিভাৰ বলত বহৰিৰ কেইবাজনো অসৎ চৰিত্ৰৰ লোকক সৎ পথলৈ আনিবলৈ সমৰ্থ হয়। তাতেই তেওঁ ১৪৫৩ চনত সৎ সংগী হৰিদেৱাশ্ৰম নামেৰে এখন আশ্ৰম স্থাপন কৰে। পিছত ই গুৰুদেৱ সেৱাশ্ৰম নামে নামান্তৰিত হয়। সেই সময়ত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱে তেখেতক সম্বৰ্ধনা জনাই মান ধৰে। এই মান ধৰা সূত্ৰেই গুৰুদেৱ সেৱাশ্ৰম পিছলৈ মানেৰি সত্ৰ নামে জনাজাত হয়[3]। এই সত্ৰক বহৰি সত্ৰ বুলিও জনা যায়[4] [5]

বহৰিত থকা সময়তেই তেওঁ কৃষ্ণকান্ত অধ্যাপকৰ কন্যা তিলোত্তমাৰ লগত লগত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ এজনী জীয়ৰী আছিল – নাম ভুৱনেশ্বৰী। ভূবনেশ্বৰীয়ে চিৰকুমাৰী হৈ জ্ঞান চৰ্চাত ব্ৰতী হৈ থাকি শেষত মানেৰি সত্ৰৰ সত্ৰাধিকাৰিণী হিচাপে অধিষ্ঠিত হয়। বৈষ্ণৱ ধৰ্ম প্ৰচাৰত এনে সন্মানীয় স্থান লাভ কৰা অসমৰ এৱেঁই একমাত্ৰ নাৰী। হৰিদেৱৰ গুণ, গৰিমা আৰু পাণ্ডিত্যৰ কথা জানিব পাৰি তেওঁক কোচবিহাৰৰ ৰজা মল্লদেৱে আদৰি নিয়ে আৰু পত্নীসহ তেৰাৰ ওচৰত দীক্ষিত হয়। পিছত ৰজাই কোচবিহাৰৰ পৰা তিনি-চাৰি কিলোমিটাৰ আঁতৰত হৰিপুৰ সত্ৰ নামেৰে এখন সত্ৰ স্থাপন কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰাই দিয়ে। তাত কিছুকাল ধৰ্মপ্ৰচাৰ কৰি তেওঁ পুনৰ অসমৰ (বৰ্তমানৰ বৰপেটা জিলাৰ অন্তৰ্গত) বহৰিত স্থাপন কৰা মানেৰি সত্ৰলৈ উভতি আহি ধৰ্ম প্ৰচাৰ অব্যাহত ৰাখে।[2]

বৈষ্ণৱ ধৰ্ম প্ৰচাৰ[সম্পাদনা কৰক]

বেদ, গীতা আৰু ভাগৱত শাস্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত এক ঈশ্বৰ উপাসনা কৰা ধৰ্মকেই শ্ৰী শ্ৰী হৰিদেৱে মানিছিল আৰু তাৰ প্ৰচাৰৰ বাবে দেহে কেহে খাটিছিল। তেৰাৰ মতে শ্ৰীকৃষ্ণই সকলো অবতাৰৰ মূল। তেওঁ বলি-বিধানৰ বিৰোধ কৰিছিল কিন্তু লগতে অন্য দেৱ-দেৱীক নিন্দা কৰাটো দোষণীয় বুলি গণ্য কৰিছিল। তেখেতৰ মতে পৃথিৱীৰ সকলো পানীভাগ সাগৰলৈ গতি কৰাৰ দৰেই অন্য দেৱ-দেৱীৰ পূজা আদিও শেষত কেশৱ অৰ্থাৎ শ্ৰীকৃষ্ণলৈ গতি কৰে। তেওঁ বিশ্বাস কৰিছিল যে ভাগৱতনৱবিধা ভক্তিৰ দ্বাৰাও পৰম গতি লাভ কৰিব পাৰি, কিন্তু তাৰবাবে সৎ গুৰুৰ আৱশ্যক।[2]

উল্লেখ্য যে অসমত শ্ৰী শ্ৰী হৰিদেৱেই প্ৰথম বৈদিক বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেখেতৰ জন্মৰ ২৩ বছৰৰ পিছত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম। শ্ৰীমন্ত শংকৰদেৱৰ ৩৯ বছৰ পিছতহে শ্ৰী শ্ৰী দামোদৰদেৱৰ জন্ম হৈছিল। অৱশ্যে গুৰুসকলৰ মাজত সমন্বয় আৰু সদ্ভাৱনা আছিল।[2]

বহুমুখী প্ৰতিভা[সম্পাদনা কৰক]

শ্ৰী শ্ৰী হৰিদেৱ আছিল এগৰাকী সৰল, ধৰ্মপৰায়ণ, বেদ, উপনিষদ, গীতা, ভাগৱত আদিৰ অগাধ জ্ঞান থকা এজন বিদগ্ধ পণ্ডিত বা যোগসিদ্ধপুৰুষ। তেখেতে সকলো শাস্ত্ৰৰপৰা মূল তত্ববোৰ গোটখুৱাই ভক্তসকলৰ মাজত প্ৰচাৰ কৰাৰ লগতে লিপিবদ্ধও কৰিছিল।[2]

সাহিত্যকৃতি[সম্পাদনা কৰক]

সহজ-সৰল চুটি চুটি বাক্যৰ দ্বাৰা গধুৰভাৱ প্ৰকাশ কৰাটো হৰিদেৱৰ গদৈশৈলীৰ অন্যতম বৈশিষ্ট্য।[6] তেখেতৰ ‘‘‘ভক্তিৰস তৰংগিনী’’’ প্ৰচীন অসমীয়া গদ্য সাহিত্যৰ এক নিদৰ্শন।

ৰচনাৱলী[সম্পাদনা কৰক]

বৰ্তমানলৈকে পোহৰলৈ অহা পুথিসমূহ হ’ল-

  • শৰণ সংহিতা
  • ভক্তিৰস তৰংগিনী

আৰু তেখেতে লিখা কেইটিমান ভক্তিমূলক গীতৰ বিষয়ে জানিব পৰা গৈছে।

ইংৰাজীলৈ অনুদিত তেখেতৰ গ্ৰন্থ[সম্পাদনা কৰক]

  • শৰণ সিদ্ধান্ত, ১৯৯১, প্ৰকাশক- উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘ
  • ভক্তিৰস তৰংগিনী, ১৯৯২, প্ৰকাশক- উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘ

হৰিদেৱ সম্পৰ্কীয় তথ্যসম্বলিত কেইখনমান চৰিত পুথি[সম্পাদনা কৰক]

  • দ্বিজ বাণেশ্বৰ ৰচিত সংস্কৃত গুৰুচৰিতামৃত
  • দ্বিজ বাণেশ্বৰ ৰচিত সংস্কৃত চৰিত পুথিৰ দ্বিজ দিবাকৰে কৰা অসমীয়া পদানুবাদ- শ্ৰীশ্ৰীহৰিহৰদেৱ চৰিত্ৰ
  • বনগঞাগিৰী বিৰচিত মহাপুৰুষ শ্ৰীশ্ৰীহৰিহৰদেৱ চৰিত
  • শ্ৰীদাোদৰদেৱ গোস্বামী বিৰচিত আধুনিক মহাপুৰুষ শ্ৰীশ্ৰীহৰিহৰদেৱ কীৰ্তন।

স্থাপন কৰা সত্ৰসমূহ[সম্পাদনা কৰক]

  1. মানেৰি সত্ৰ
  2. হৰিপুৰ সত্ৰ
  3. কৈহাটী সত্ৰ

তিৰোভাৱ[সম্পাদনা কৰক]

মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য্য চলাই আছিল। ১৫৬৬ খ্ৰীষ্টাব্দৰ (১৪৮৮ শক) জেঠ মাহৰ অমাৱস্যা তিথিত বহৰিত এইজনা মহাপুৰুষে ইহলীলা সম্বৰণ কৰে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [শ্ৰী শ্ৰী হৰিদেৱ: জীৱন আৰু সাহিত্যকৃতি, ডঃ নাৰায়ন দাস]
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক হৰিদেৱ: ধীৰেন ডেকা, ৰামধেনু, দৈনিক অসম, ১৯ মে’ ২০১২
  3. দৌলোৎসৱঃ কৃষ্ণ ভাৱনাৰ অন্য এক ধাৰা: প্ৰতীতি, প্ৰথম বছৰ, দ্বিতীয় সংখ্যা
  4. India9.com/Bahari Satra
  5. barpetasatra.com/Bahari Satra]
  6. [শ্ৰী শ্ৰী হৰিদেৱ: জীৱন আৰু সাহিত্যকৃতি]

আৰু চাওক[সম্পাদনা কৰক]