কৈহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৈহাটী
—  গাঁও  —
সৰু কৈহাটী নামঘৰ
সৰু কৈহাটী নামঘৰ
কৈহাটী
কৈহাটীৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°25′N 91°26′E / 26.42°N 91.43°E / 26.42; 91.43
দেশ  ভাৰত
অঞ্চল নামনি অসম
ৰাজ্য অসম
জিলা নলবাৰী জিলা
গাওঁবুঢ়া
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)

কৈহাটী (ইংৰাজী: Koihati) ভাৰতঅসম ৰাজ্যৰ নলবাৰী জিলাৰ অন্তৰ্গত এখন সৰু গাঁও। গাওঁখনৰ এটা অংশক সৰু কৈহাটী (স্থানীয় ভাষাত 'সৰ কৈহাটী') আৰু আনটো অংশক বৰ কৈহাটী বোলা হয়।

শিক্ষা প্ৰতিষ্ঠান, মঠ-মন্দিৰ ইত্যাদি[সম্পাদনা কৰক]

ইয়াত দুখন চৰকাৰী বিদ্যালয় আছে; ২২২নং কৈহাটী নিম্ন বুনিয়াদী বিদ্যালয় আৰু হৰিদেৱ প্ৰাথমিক বিদ্যালয়।

কৈহাটীত তিনিটা ডাঙৰ আৰু পুৰণি নামঘৰ আছে - সৰু কৈহাটী নামঘৰ, বৰ কৈহাটী নামঘৰ আৰু পলাশৰ তল খাটা সৰু কৈহাটী নামঘৰ। ইয়াৰে পলাশৰ তল নামঘৰটো ১৩৪৩ চনত স্থাপিত। অৱশ্যে কালক্ৰমত এই নামঘৰৰ সংখ্যা সৰ্বমুঠ ৬টা হৈছেগৈ।

হৰিদেৱৰ সত্ৰ[সম্পাদনা কৰক]

অসমৰ চাৰিজনা ধৰ্মগুৰুৰ ভিতৰত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ অন্যতম। গুৰুৰ আদেশত তেওঁৰ প্ৰধান শিষ্য হৰিচৰণ দেৱৰ পুত্ৰ বিষ্ণু ভাৰতী দেৱে কৈহাটী সত্ৰ স্থাপন কৰে। বিষ্ণুভাৰতীৰ দুই পুত্ৰ-জ্যেষ্ঠ নাৰায়ণ মিশ্ৰৰ বৰকৈহাটী সত্ৰ আৰু কনিষ্ঠ অনন্ত মিশ্ৰৰ সৰু কৈহাটী সত্ৰ। পিছলৈ কোনো ৰজাই এই সত্ৰৰ নামত গাঁৱৰ মাটিখিনি দান কৰিছিল। গাঁৱৰ বেছিভাগ মানুহেই ব্ৰাহ্মণ (গোস্বামী)।

প্ৰবাদ মতে এই গোস্বামী উপাধিৰ লোকসকলে (বেছিভাগেই) শ্ৰী শ্ৰী হৰিদেৱৰ বাণীসমূহ স্থানীয় লোকৰ লগতে আন দূৰ দূৰণিৰ লোকৰ মাজতো প্ৰচাৰ কৰিছিল। কেইজনমান লোকে কেইটামান নিৰ্দ্দিষ্ট পৰিয়ালৰ ঘৰে ঘৰে গৈ তেওঁলোকক ধৰ্ম জ্ঞান দিছিল। সেই পৰিয়ালকেইটাই সেই ব্যক্তিজনক গুৰুসদৃশ জ্ঞান কৰিছিল। সেইবাবেই বোধহয় এই প্ৰথাটোক স্থানীয় লোকসকলে শিষ্য শৰণ কৰোৱা বুলিও কয়। এই প্ৰথা বৰ্তমানো সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই। ইয়াৰ বিনিময়ত সেই পৰিয়ালবোৰৰ পৰা দক্ষিণা হিচাবে কিছু ধন বা খেতি-বাতিত উৎপন্ন হোৱা ধান, শাক-পাচলি ইত্যাদি লাভ কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে জীবিকা নিৰ্বাহ কৰিছিল।

গাওঁখনৰ গোস্বামীসকলক বাদ দি আন লোকসকৰ জীবিকা নিৰ্বাহৰ আহিলা হ’ল কৃষি বা সত্ৰৰ আন আন আনুষংগিক কামবোৰ।

ইয়াত হৰিদেৱৰ তিথি তিনিদিনীয়াকৈ আৰু অতি ধুমধামেৰে পালন কৰা হয়। তিথিৰ আগদিনাখনক স্থানীয় ভাষাত গন্ধ বোলে। সেইদিনাখন স্থানীয় গোঁসাইঘৰত গাওঁবাসীয়ে চাকি-বন্তি জ্বলাই সকলোৰে মংগল কামনা কৰে। প্ৰতিজন লোকৰ নামতে এগছিকৈ চাকি জ্বলোৱাটো এটা নিয়ম। তিথিৰ আনুষংগিক আন আন অনুষ্ঠানো থাকে। ইয়াৰ ভিতৰত প্ৰধান হ’ল কৈহাটীৰ ঢুলীয়াৰ বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন।

কৈহাটীৰ ঢুলীয়া[সম্পাদনা কৰক]

ঢুলীয়াই ব্যবহাৰ কৰা বাদ্যযন্ত্ৰ, মুখা ইত্যাদি

কৈহাটীৰ ঢুলীয়া কামৰূপীয়া ঢুলীয়াৰ অংশবিশেষ। কৈহাটীৰ স্থানীয় ভাষাত ঢুলীয়াক ভাইৰা বোলা হয়। বিংশ শতিকাত অসমত প্ৰায় ৩০টা বিভিন্ন ঢুলীয়াৰ দল আছিল বুলি প্ৰবাদ আছে। এইবোৰৰ ভিতৰত বিখ্যাত আৰু জনপ্ৰিয় আছিল কৈহাটীৰ ঢুলীয়া। আন কেইটামান জনপ্ৰিয় ঢুলীয়াৰ দল হ’ল বালিলেচা, অগ্নিশাল, ডিমৰীয়া, চান্দুকুছি, বৰ্ণি ইত্যাদি।[1] এই ঢুলীয়াসকলে প্ৰধানতঃ পুৰণি আখ্যানসমূহ আৰু লগতে আন আন সামাজিক বা আৰ্থসামাজিক ঘটনাসমূহ ব্যঙ্গৰূপত পৰিবেশন কৰি ৰাইজক হাঁহিৰ খোৰাক যোগায়। তদুপৰি তেওঁলোকে আন আন ধেমেলীয়া অভিনয়ো কৰে।

ঢুলীয়া শব্দটো আহিছে ঢোল শব্দটোৰ পৰা।[2] ঢুলীয়াসকলৰ প্ৰধান সাংগিতিক আহিলা হ’ল ঢোল। লগতে খোল, তাল, মাদল আদিও ব্যবহাৰ কৰে।

ঢুলীয়াৰ প্ৰধান ভাৱৰীয়াজনক সহায় কৰাকৈ দুজন সহযোগী আৰু এজন সূত্ৰধাৰ থাকে। সূত্ৰধাৰজনে ভাৱৰীয়াসকলৰ পৰিচয় কৰাই দিয়াৰ লগতে কাহিনীটোৰ আঁত ধৰি যায়। বেছিভাগ ঢুলীয়াৰেই সংলাপসমূহৰ কোনো লিখিত ৰূপ নাথাকে।[2] তেওঁলোকৰ ইজনে সিজনৰ লগত তাৎক্ষাণিক ভাবে কৰিব পৰা মনঃসংযোগ আৰু উপস্থিত বুদ্ধি প্ৰয়োগৰ দ্বাৰাই এই অভিনয়সমূহ কৰে। ৰূপসজ্জাৰ বাবে স্থানীয় গছ-গছনিৰ পাতৰ পৰা তৈয়াৰী ৰং, চাউলগুৰি আদি; দাড়ি-মোচৰ বাবে আটা বা ময়দাৰ লেপন, আৰু সাজ-সজ্জাৰ বাবে খেৰকুটা বা আন তেনে ধৰণৰ বস্তুহে ব্যবহাৰ কৰিছিল।

কৈহাটীৰ দুজন বিখ্যাত আৰু জনপ্ৰিয় ঢ়ুলীয়া হ'ল স্বৰ্গীয় মোহন ভাৱৰীয়া (প্ৰকৃত নাম মোহন চন্দ্ৰ বৰ্মন) আৰু নিততি ভাৱৰীয়া।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The lost drummers of Kamrup". Archived from the original on 2012-07-25. https://web.archive.org/web/20120725000741/http://itsmynortheast.com/2012/03/the-lost-drummers-of-kamrup/। আহৰণ কৰা হৈছে: 2012-06-14. 
  2. 2.0 2.1 অসমীয়া সংস্কৃতিৰ কণিকা, সম্পাদনা- ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী, পৃষ্ঠা নং- ৭৩