মোহন ভাৱৰীয়া
মোহন ভাৱৰীয়া | |
---|---|
জন্ম | মোহন চন্দ্ৰ বৰ্মন ১৮৯৯ চন (আনুমানিক) কৈহাটী |
মৃত্যু | ১ ফেব্ৰুৱাৰী, ২০০০ চন কৈহাটী |
পেচা | ঢোল বাদক, সাংস্কৃতিক কৰ্মী |
মোহন ভাইৰা আছিল অসমৰ এজন ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী। কামৰূপী ঢুলীয়া সংস্কৃতিৰ তেওঁ আছিল এগৰাকী পুৰোধা ব্যক্তি । থিতাতে সংলাপ যুগুত কৰি ব্যংগাত্মক অভিনয়েৰে সমাজৰ বিভিন্ন দিশ উন্মোচন কৰি মনোৰঞ্জন দিয়াৰ লগতে জনসচেতনতাৰ সৃষ্টি কৰাত বিশেষ ভূমিকা লোৱা কামৰূপী ঢুলীয়াৰ চং লোকসমাজত অতি জনপ্ৰিয় আৰু এই চঙৰে কেন্দ্ৰীয় চৰিত্ৰ হ'ল ভাইৰা । মোহন ভাইৰা তেনে এগৰাকী অতি জনপ্ৰিয় ভাইৰা শিল্পী আছিল । জন্মসূত্ৰে তেখেতৰ নাম আছিল মোহন চন্দ্ৰ বৰ্মন। তেখেতৰ পিতৃ হৰকান্ত বৰ্মন আৰু মাতৃ হৰিপ্ৰিয়া বৰ্মন। ভাৰত চৰকাৰে লোক সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে তেওঁক সংগীত নাটক একাডেমী বঁটাৰে (১৯৭৫) সন্মানিত কৰে ।
শিক্ষা
[সম্পাদনা কৰক]মোহন ভাৱৰীয়াই তেওঁৰ প্ৰাথমিক শিক্ষা কৈহাটীৰ ২২২নং নিম্ন বুনিয়াদী বিদ্যালয়ত আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলিছিল। অৱশ্যে পিতৃৰ বিয়োগৰ পিছত তাৰ অন্ত পৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]আঠ বছৰ বয়সতে ঢোলৰ মাৰি হাতত তুলি লোৱা মোহন ভাৱৰীয়াই কৈহাটীৰ ঢুলীয়া দলটোক নতুন ৰূপত গঠন কৰি ঢোল বাদনৰ প্ৰসাৰ আৰু নিজকে অভিনয়ত আত্মনিয়োগ কৰি তুলিছিল। কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ অংশবিশেষ কৈহাটীৰ ঢুলীয়াৰ এই গৰাকী ধ্বজাবাহী শিল্পী আৰম্ভণিতে এগৰাকী খুইদাৰ (কুষ্টিবিদ)হে আছিল। প্ৰায় পঁচিছ ফুট ওখ গোটা ডাল বাঁহ মিহিকৈ চাঁচি সভাখোলাত থিয়কৈ পুতি লৈ সেই বাঁহডালৰ একেবাৰে ওপৰত বহি কৰা ভাইৰামী, নামি আহোঁতে মূৰটো তলমুৱাকৈ ঘূৰা আদিবোৰে প্ৰায় চমক লগাই দিছিল।[1]
মান-সন্মান
[সম্পাদনা কৰক]মোহন ভাৱৰীয়াৰ উপস্থিত বুদ্ধি আছিল অতুলনীয়। প্ৰতিখন চং দৰ্শকৰ উপভোগ্য হোৱাকৈ পৰিচালনা কৰি সুন্দৰ অভিনয় কৰিব পাৰিছিল। ১৯৬৫-৭০ চনত পঞ্জাবৰ তদানীন্তন ৰাজ্যপাল মহেন্দ্ৰ মোহন চৌধুৰীয়ে বৰপেটাৰ ৰাসোৎসৱত মোহন ভাৱৰীয়াক আৰু তেওঁৰ দলৰ অভিনয়ত বিমুগ্দ্ধ হৈ পিন্ধি থকা জহৰ কোটটোকে মোহন ভাৱৰীয়াক উপহাৰ হিচাপে প্ৰদান কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ পোৱা আৰু নোপোৱাৰ সন্ধিক্ষণত মোহন ভাৱৰীয়া", হিৰণ্ময় গোস্বামী।