বাৰ্তা:কৈহাটী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


নামাকৰণ[সম্পাদনা কৰক]

পৃষ্ঠাটোৰ নাম কৈহাটী গাওঁ হিচাপে ৰাখিলে ভাল হ’ব নেকি? তথ্যবোৰ অনুসৰি গাঁও হিচাপে ৰাখিলেহে ভাল হ’ব যেন পাওঁ|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:39, 22 এপ্ৰিল 2012 (UTC)

আচলতে ময়ো কথাটো নভবা নহয় । কিন্তু চিঠি পত্র পঠিয়াবলৈ ঠিকনাত কৈহাটী সত্র বুলিহে দিয়া হয়, কৈহাটী গাওঁ বুলি নহয় । সেইকাৰণেহে তেনেকৈ দিছিলোঁ প্রবন্ধৰ নামটো। Syamanta (talk) 15:51, 22 এপ্ৰিল 2012 (UTC)
কথাটো এনেকুৱা নহয় জানো? কৌহাটী সত্ৰখন কৈহাটী গাঁওত অৱস্থিত| মানুহে সুবিধাৰ বাবে কৈহাটীৰ সত্ৰ বুলিহে লিখে| যদি এনে হয় তেনে আমি নামটো কৈহাটী সত্ৰৰ পৰা কৈহাটী গাওঁলৈ লৈ যোৱা ভাল হ’ব| তেতিয়া কৈহাটী সত্ৰ বুলি বিচাৰিলেও কৈহাটী গাঁও প্ৰবন্ধটোহে ওলাব| আমি ইয়াক স্থানান্তৰ কৰা বুলি কওঁ|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:23, 22 এপ্ৰিল 2012 (UTC)
মোৰ মতেও এইটোৱেই আটাইতকৈ ভাল উপায়। 'কৈহাটীৰ ঢুলীয়া' বেলেগ প্ৰৱন্ধ কৰিব পাৰিলেও বেয়া নহয়। আৰু অলপ তথ্য পাওঁ নেকি চাওঁ। কাৰণ কৈহাটীৰ ঢুলীয়া বুলি কাগজত লেখা ওলোৱা দেখিছোঁ।উদ্দীপতালুকদাৰ (talk) 18:50, 22 এপ্ৰিল 2012 (UTC)
কথাটো হয় । সুবিধাৰ বাবেই তেনেকৈ লিখে বোধহয় । ঠিক আছে তেন্তে । আপোনালোকে সলাব বিচাৰে যদি সেইটোৱেই কৰা যাওক ।

যদি কৈহাটীৰ ঢুলীয়াৰ ওপৰত তেনেকুৱা প্রবন্ধ পোৱা যায়, তেন্তে বহলাব পাৰি । বা 'কৈহাটীৰ ঢুলীয়া' বুলি নতুন পৃষ্ঠা এখনো খুলিব পৰা যায় । Syamanta (talk) 07:58, 23 এপ্ৰিল 2012 (UTC)

নাইবা কেবল 'কৈহাটী' বুলি থাকিলেও অসুবিধা নাই কিজানি । কাৰণ তলৰ বর্ণনাত বাকীখিনি থাকিবই । Syamanta (talk) 08:04, 23 এপ্ৰিল 2012 (UTC)
কৈহাটী কৰা হ’ল| নামাকৰণ আলোচনা সমাপ্ত হ’ল|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:28, 23 এপ্ৰিল 2012 (UTC)