পাণ্ডা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাণ্ডা (Red panda)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
পৰিয়াল: Ailuridae
গণ: Ailurus
F. Cuvier, 1825
প্ৰজাতি: A. fulgens
বৈজ্ঞানিক নাম
Ailurus fulgens
F. Cuvier, 1825
Subspecies

A. f. fulgens
A. f. refulgens syn. A. f. styani

Red panda range

পাণ্ডা (ইংৰাজী: Red Panda, বৈজ্ঞানিক নাম-Ailurus fulgens) এবিধ সৰু আকাৰৰ গছত থকা স্তন্যপায়ী প্ৰাণী৷ ইয়াক সাধাৰণতে পূব হিমালয় আৰু দক্ষিণ-পশ্চিম চীনত দেখা পোৱা যায়৷ ইয়াৰ বন্য পৰিবেশত হোৱা দ্ৰুত জনসংখ্যা হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি এই জন্তুবিধক আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত(Vulnerable) বুলি স্বীকৃতি প্ৰদান কৰা হৈছে৷[1]বৰ্তমানলৈকে ইয়াৰ দুটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে৷

দৈহিক গঠন[সম্পাদনা কৰক]

পাণ্ডা
পাণ্ডাৰ লাওখোলা

পাণ্ডাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৫০-৬৪ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য প্ৰায় ২৮-৫৯ ছে:মি: হয়৷ মতা আৰু মাইকী পাণ্ডাৰ ওজন ক্ৰমান্বয়ে ৩.৭-৬.২ কিলোগ্ৰাম আৰু ৩-৬ কিলোগ্ৰাম হয়৷[2][3][4] ইয়াৰ সমগ্ৰ দেহ কোমল ৰঙচুৱা নোমেৰে আবৰা৷ দেহৰ তলৰ অংশৰ নোমৰ বৰণ ক'লা৷ ইয়াৰ মুখৰ বৰণ পাতল, গাল দুখন বগা বৰণীয়া৷ ইয়াৰ মূৰৰ আকাৰ ঘুৰণীয়া আৰু কাণ দুখন মজলীয়া আকাৰৰ, উঠঙা৷ নাক ক'লা আৰু চকুযোৰ গাঢ় ক'লা বৰণৰ৷ পাণ্ডাৰ নেজ শকত আৰু নোমাল৷ ইয়াৰ নেজডালত পথালিকৈ ছয়ডাল কমলা ডাঠ আঁচ থাকে৷ ইয়াৰ ঠেং ক'লা আৰু চুটি হয়৷ ইয়াৰ নোমাল ছালখনে পাণ্ডাক অত্যাধিক ঠাণ্ডা পৰিবেশত দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ [5]

বিস্তৃতি[সম্পাদনা কৰক]

A Red panda lies sleeping on a branch high in a tree, with tail stretched out behind and legs dangling on each side of the branch
Red panda sleeping

পাণ্ডা কেৱল হিমালয় পৰ্বতৰ অৰণ্যতহে দেখা পোৱা যায় (endemic)৷ ইয়াক পশ্চিমে নেপালৰ পৰা পূবে চীনলৈকে দেখা যায়৷ [6] ইয়াৰ ভিতৰত তীব্বত, ভাৰতৰ ছিক্কিম, অসম আৰু ভূটান, বাৰ্মাৰ উত্তৰৰ পৰ্বতীয়া অৰণ্য, দক্ষিণ-পশ্চিম চীন, য়ুনান আদি পাণ্ডাৰ বাসস্থান হিচাপে অন্যতম৷ উত্তৰ অৰুণাচল প্ৰদেশতো পাণ্ডা দেখা পোৱাৰ কিছু তথ্য পোৱা যায় যদিও নিশ্চিত সুত্ৰ পাবলৈ এতিয়াও বাকী৷ পাণ্ডাৰ বিস্তৃতি তুলনামূলকভাৱে বিভক্ত ৷[2] এনে এটা বিভক্ত গোট মেঘালয়তো থকাৰ প্ৰমাণ পোৱা গৈছে৷ [7]

বাসস্থান[সম্পাদনা কৰক]

পাণ্ডা সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ২,২০০-৪,৮০০ উচ্চতাত বসবাস কৰা দেখা যায়৷ এই জন্তুবিধে ঘাইকৈ ১০-২৫ ডিগ্ৰী ছেলছিয়াছৰ জলবায়ু পছন্দ কৰে৷ বাঁহ গছেৰে পৰিপূৰ্ণ হিমালয়ৰ মিশ্ৰ পৰ্ণপাতী অৰণ্যত ই বাস কৰে৷ [2]

আচৰণ[সম্পাদনা কৰক]

Sounds of red panda twittering

পাণ্ডাই নিজৰ একোটা এলেকা অধিকাৰ কৰি লয় (territorial)৷ সাধাৰণতে ই অকলশৰীয়াকৈ থাকে-কেৱল প্ৰজননৰ সময়তহে যোৰ পাতে৷ কেতিয়াবা হুইছেলৰ দৰে কিছু শব্দ কৰাৰ বাহিৰে বাকী সময়ত ই নীৱৱে থাকে৷ ইয়াক সাধাৰণতে নিশাচৰ বুলি জনা যায়৷ ই গছৰ ডালত বা খোৰোঙত দিনৰ ভাগত শুই থাকে আৰু আন্ধাৰ নমাৰ লগে লগে সক্ৰিয় হৈ উঠে৷ গৰমৰ দিনত ই ঠেং ওলমাই গছৰ ডালত জিৰণি লয় আৰু ঠাণ্ডা হ'লে ঘোৰখাই নেজডাল মুখত দি ৰাখে৷ [2] পাণ্ডা উষ্ণতাৰ পৰিৱৰ্তনৰ প্ৰতি খুবেই সজাগ বুলি জনা যায়৷ ১৭-২৫ ডিগ্ৰী ইয়াৰ বাবে আটাইতকৈ উপযোগী উষ্ণতা বুলি তথ্য পোৱা গৈছে৷ ই ২৫ ডিগ্ৰীৰ ওপৰৰ উষ্ণতা সহ্য কৰিব নোৱাৰে বুলিও জনা যায়৷

Red panda standing

খাদ্য[সম্পাদনা কৰক]

Red panda gnawing

পাণ্ডা গছত বগোৱাত খু্বেই পাকৈত আৰু ই প্ৰধানকৈ গছৰ পাত খাই জীয়াই থাকে৷ বাঁহগছৰ বিভিন্ন অংশ ইয়াৰ প্ৰিয় খাদ্য৷ তাৰোপৰি ই সৰু আকাৰৰ স্তন্যপায়ী প্ৰাণী, চৰাই , কণী, ফুল, ফল আদিও খায়৷ কৃত্ৰিম পৰিবেশত পাণ্ডাই চৰাই, ফুল, গুটি আদি আহাৰ হিচাপে গ্ৰহন কৰা দেখা যায়৷

প্ৰজনন[সম্পাদনা কৰক]

Red panda tending its cub

পাণ্ডাই ১৮ মাহ বয়সৰ পৰা প্ৰজননৰ বাবে উপযুক্ত হৈ উঠে৷ অৱশ্যে ই ২-৩ বছৰ বয়সতহে প্ৰকৃততে পূৰ্ণবয়স্ক হয়৷ প্ৰজনন কাল জানুৱাৰীৰ পৰা মাৰ্চমাহলৈকে বুলি জনা গৈছে৷ কেৱল প্ৰজননকালত হে পূৰ্ণবয়স্ক পাণ্ডাই যোৰ পাতে৷ মতা-মাইকী উভয়ে একাধিক জন্তুৰ স'তে প্ৰজনন কৰে৷ [8]

পাণ্ডাৰ গড় আয়ুস ৮-১০ বছৰ বুলি তথ্য পোৱা গৈছে৷ অৱশ্যে কৃত্ৰিম পৰিৱেশত ই ১৫ বছৰ বয়সলৈকে জীয়াই থাকিব পাৰে৷

সংকট[সম্পাদনা কৰক]

A red panda in the Parco Natura Viva, Bussolengo near Verona, Italy

The primary threats to red pandas are direct harvest from the wild, live or dead, competition with domestic livestock resulting in habitat degradation, and deforestation resulting in habitat loss or fragmentation. The relative importance of these factors is different in each region, and is not well understood.

Deforestation can inhibit the spread of red pandas and exacerbate the natural population subdivision by topography and ecology, leading to severe fragmentation of the remaining wild population. [9]

সংৰক্ষণ[সম্পাদনা কৰক]

The red panda has been confused with other animals
Red panda resting on a tree in Madrid Zoo.

The red panda is listed in CITES Appendix I.The species has been classified as vulnerable in the IUCN Red List since 2008 because the global population is estimated at about 10,000 individuals, with a decreasing population trend; only about half of the total area of potential habitat of Lua error in Module:Convert at line 1769: attempt to index field 'en_option_name' (a nil value). is actually being used by the species. Due to their shy and secretive nature, and their largely nocturnal habits, observation of red pandas is difficult. Therefore, population figures in the wild are determined by population density estimates and not direct counts.

Worldwide population estimates range from fewer than 2,500 individuals[8] to between 16,000 and 20,000 individuals.[7]

Red panda at Munich Zoo, Germany

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. Wang, X., Choudhry, A., Yonzon, P., Wozencraft, C., Than Z. (2008). "Ailurus fulgens". IUCN Red List of Threatened Species. Version 2012.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/714. 
  2. 2.0 2.1 2.2 2.3 Roberts, M. S.; Gittleman, J. L. (1984). "Ailurus fulgens". Mammalian Species (222): 1–8. http://si-pddr.si.edu/dspace/bitstream/10088/4231/1/Roberts1984.pdf. 
  3. [1]
  4. Burnie D and Wilson DE (Eds.), Animal: The Definitive Visual Guide to the World's Wildlife. DK Adult (2005), ISBN 0789477645
  5. Pocock, R.I. (1941). Fauna of British India, including Ceylon and Burma. Mammalia. – Volume 2.. Taylor and Francis, Ltd., London. পৃষ্ঠা. 250–264. http://www.archive.org/stream/PocockMammalia2/pocock2#page/n273/mode/2up. 
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; glatston_1994_20 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. 7.0 7.1 Choudhury, A. (2001). "An overview of the status and conservation of the red panda Ailurus fulgens in India, with reference to its global status". Oryx (Flora & Fauna International) খণ্ড 35 (3): 250–259. doi:10.1046/j.1365-3008.2001.00181.x. 
  8. 8.0 8.1 R. M., Nowak (1999). Walker’s Mammals of the World. 2 (sixth সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 695–696. ISBN 0-8018-5789-9. 
  9. Yonzon, P. B., Hunter Jr., M. L. (1991). "Conservation of the red panda Ailurus fulgens". Biological Conservation খণ্ড 58 (57): 85. doi:10.1016/0006-3207(91)90046-C. 

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]