যোৰহাট আইন মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোৰহাট আইন মহাবিদ্যালয়
স্থাপিত ১৯৬৪ (৬০ বছৰ  আগতে) (1964)
ধৰণ আইন মহাবিদ্যালয়
অধ্যক্ষ অজয় কুমাৰ দাস
স্থান যোৰহাট, অসম, ভাৰত
ভুক্তি
ৱেবছাইট www.jorhatlawcollege.edu.in

যোৰহাট আইন মহাবিদ্যালয় (ইংৰাজী: Jorhat Law College) অসমৰ যোৰহাটত অৱস্থিত এখন চৰকাৰী আইন মহাবিদ্যালয়। মহাবিদ্যালয়খনে ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনত ৩ বছৰীয়া আইন পাঠ্যক্ৰম, ৫ বছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী আৰু আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (LLM) প্ৰদান কৰে। মহাবিদ্যালয়খন ভাৰতীয় উকীল পৰিষদ,নতুন দিল্লীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।[1][2]

ইতিহাস[সম্পাদনা কৰক]

যোৰহাট আইন মহাবিদ্যালয় উজনি অসমৰ প্ৰথমখন আৰু উত্তৰ পূব ভাৰতৰ দ্বিতীয়খন আইন মহাবিদ্যালয়। ১৯৬৪ চনত "নলিনী নাথ ফুকন স্মৃতি আৰু শিক্ষা সংস্থা"ৰ প্ৰচেষ্টাত মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। প্ৰথমাৱস্থাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়খন পৰবৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হয়।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Jorhat Law College, Jorhat" (en ভাষাত). Collegedunia. https://collegedunia.com/college/8835-jorhat-law-college-jorhat। আহৰণ কৰা হৈছে: 2022-05-02. 
  2. "Jorhat Law College|Jorhat|Admission 2018-19|Ranking|Cut off|Fees|". www.infinitecourses.com. https://www.infinitecourses.com/InstituteDetails.aspx?Institute=Jorhat-Law-College&InstituteID=8236। আহৰণ কৰা হৈছে: 2022-05-02. 
  3. "JLAWCL". jorhatlawcollege.edu.in. Archived from the original on 2020-03-23. https://web.archive.org/web/20200323124715/http://www.jorhatlawcollege.edu.in/history.aspx। আহৰণ কৰা হৈছে: 2022-05-02.